--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্রহ্মপুত্র নদীৰ ওপৰত চীনৰ এটা জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰাৰ পৰিকল্পনাকে ধৰি ব্ৰহ্মপুত্ৰ সন্দৰ্ভৰ সকলো গতি-সূত্ৰ ভাৰতে 'পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি আছে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদক এই কথা জনায়। 

এটা প্রশ্নৰ লিখিত উত্তৰত ৰাজ্য সভাত বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কীর্তি বর্ধন সিঙে কয় যে 'আমাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ' দুয়োখন দেশতে থকা নদীবোৰৰ বিষয়ত চীনৰ সৈতে ভাৰতে কথা-বার্তা চলাই আছে।

তেওঁ আৰু কয়- ব্রহ্মপুত্ৰৰ নামনিত থকা ভাৰতীয় নাগৰিকসকলৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাৰ বাবে 'প্ৰতিৰোধক আৰু সংশোধনমূলক ব্যৱস্থা' গ্ৰহণ কৰা হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক প্রশ্ন কৰা হৈছিল যে ব্ৰহ্মপুত্ৰত বান্ধ নির্মাণে নামনি অংশত পানীৰ সোঁত আৰু পাৰিপাৰ্শ্বিক সুস্থিৰতাত প্ৰভাৱ পেলাব বুলি ভাৰতে উদ্বেগ প্রকাশ কৰা সত্ত্বেও য়াৰলুং ছাংপোত (ব্ৰহ্মপুত্ৰৰ তিব্বতৰ অংশ) এক বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণত চীনে অনুমোদন জনোৱাটো সঁচানে? আৰু যদি অনুমোদন জনাইছে তেন্তে ভাৰতে চীনক এই বিষয়ত কৰা কূটনৈতিক উপস্থাপন আৰু চীনৰ প্ৰতিক্ৰিয়াৰ বিস্তৃত বিৱৰণ প্ৰশ্নৰ সৈতে বিচৰা হৈছিল। 

তদুপৰি অৰুণাচল আৰু অসমত পানীৰ সুলভতা, পলস জমা আৰু জৈৱ-বৈচিত্র্যত ইয়াৰ পৰিণামৰ বিষয়ে তথা চৰকাৰে প্ৰস্তাৱ লোৱা প্রশমনৰ কৌশলৰ বিষয়ে জানিব বিচৰা হৈছিল। মন্ত্রী সিঙে কয়, য়াৰলুং ছাংপোৰ নামনি অংশত এটা বৃহৎ বান্ধ প্রকল্পত অনুমোদন জনোৱা বুলি চীনে কৰা ঘোষণা ভাৰত চৰকাৰে বিশেষভাৱে গুৰুত্ব দিছে। মন্ত্রীজনে কয় যে দুয়োখন দেশতে বোৱা নদীবোৰৰ সম্পৰ্কত বিভিন্ন বিষয়ত ২০০৬ চনতে স্থাপন কৰা এক্সপার্ট লেভেল মেকানিজমত আলোচনা কৰাৰ উপৰি কূটনৈতিক বিভিন্ন পৰ্যায়ত আলোচনা কৰা হৈছে। 

কেন্দ্ৰীয় চৰকাৰে কয় যে উক্ত বৃহৎ বান্ধটোৰ সন্দৰ্ভত ২০২৪ চনৰ ৩০ ডিচেম্বৰতে চীনৰ ওচৰত ভাৰতৰ উদ্বেগৰ কথা জনোৱা হৈছে। তদুপৰি এই বিষয়ত স্বচ্ছতা আৰু নামনিত থকা দেশবোৰৰ সৈতে আলোচনাৰ প্রয়োজনীয়তাৰ কথাও চীনক কোৱা হৈছে। মন্ত্রীজনে কয় যে ২০২৫ চনৰ ২৬-২৭ জানুৱাৰীত ভাৰতৰ বিদেশ সচিবৰ চীন ভ্ৰমণৰ সময়ত দেশখনৰ উপ-বিদেশ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত এই বিষয়টো উত্থাপন কৰা হৈছিল। সিঙে সংসদক জনায়, 'উক্ত ভ্ৰমণৰ সময়ত দুয়ো দেশত বোৱা নদী আৰু জল বিষয়ক তথ্য পুনৰ যোগান আৰু আন সহযোগিতাৰ বিষয়ে আগতীয়া এক বৈঠকৰ বাবে ভাৰত-চীন সন্মত হৈছিল।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা