--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনসংগীয়েই যেতিয়া মৃত্যুদূত হৈ আহে তেন্তে মানুহে বিশ্বাস কৰিবনো কাক! পত্নীয়ে স্বামীক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা এক ঘটনা পোহৰলৈ আহিছে। 

বৰ্তমান মেৰুটৰ এখন চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজিছে মুজাফ্ফৰ্নগৰৰ অনুজ শৰ্মাই। চিকিৎসকৰ মতে তেওঁক বিহ খুৱাই দিয়া হৈছিল। অভিযোগ অনুসৰি তেওঁৰ পত্নী পিংকি শৰ্মাই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল

দুবছৰ পূৰ্বে গাজিয়াবাদৰ লনীৰ বাসিন্দা পিংকিৰ সৈতে অনুজৰ বিবাহ হৈছিল। কিন্তু এই বিবাহ সুখৰ নাছিল। অনুজৰ জ্যেষ্ঠ ভগ্নী মীনাক্ষী শৰ্মাৰ মতে, বিয়াৰ কেইমাহমানৰ পিছতেই পিংকি আৰু অনুজৰ মাজত কাজিয়া আৰম্ভ হয়। 

অনুজে কৈছিল যে পিংকিৰ আচৰণ ঠিক নহয়। মীনাক্ষীয়ে কোৱা অনুসৰি বহুবাৰ অনুজে পিংকিক মোবাইলত কাৰোবাৰ লগত কথা পাতি থকা অৱস্থাত ধৰিছিল, কিন্তু পিংকিয়ে সদায় এৰাই চলিছিল। অনুজে এদিন পিংকিৰ মোবাইলটো কাঢ়ি লৈ ​​গ’ল, তেতিয়া তেওঁ চাঞ্চল্যকৰ মেছেজ আৰু ফটো পাইছিল। 

অনুজে এই সম্পৰ্কত বহুবাৰ আপত্তি কৰিছিল, পিছত পিংকি মাক-দেউতাকৰ ঘৰলৈ গুচি গৈছিল। অনুজে বিবাহ বিচ্ছেদ বিচৰাৰ বাবেই পিংকিক ফোন কৰি ঘৰলৈ মাতিবলৈও চেষ্টা কৰা নাছিল। কিন্তু কিছু দিনৰ পাছত পিংকিয়ে নিজৰ ভুলটো মানি লৈ অনুজৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। 

অনুজে তাইক দ্বিতীয়বাৰৰ বাবে সুযোগ দিলে, কিন্তু পিংকি অহাৰ লগে লগেই অনুজৰ বিৰুদ্ধে মহিলা থানাত এজাহাৰ দাখিল কৰিলে। আৰক্ষীয়ে দুয়োকে কাউন্সেলিং কৰি অনুজৰ লগত পিংকিক ঘৰলৈ পঠিয়াই দিলে। এসপ্তাহৰ আগতে পিংকি ঘৰলৈ উভতি আহোঁতে অনুজৰ মাতৃক কৈছিল, মই কিবা এটা কাৰণতহে ঘূৰি আহিছো।

মীনাক্ষীয়ে লগতে কয় যে অনুজ ২৫ তাৰিখে চাকৰিৰ পৰা ঘৰলৈ উভতি আহোঁতে পিংকিয়ে তেওঁক কফি খাবলৈ দিছিল। কফি খোৱাৰ কিছু সময়ৰ ভিতৰতে অনুজৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে। স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে জনোৱা মতে কিছু বিষাক্ত পদাৰ্থ সেৱন কৰা বাবে অনুজৰ অৱস্থা গুৰুতৰ হৈছে। তেওঁৰ অৱস্থা অধিক বেয়া হোৱা দেখি তেওঁক মিৰাটলৈ লৈ যোৱা হয়, য’ত তেওঁক আই চি ইউত ভৰ্তি কৰা হয়।

পৰিয়ালে অভিযোগ কৰে যে অনুজক চাবলৈ পিংকি বা তাইৰ পৰিয়াল হস্পিতাললৈ অহা নাছিল। তাৰ বিপৰীতে পিংকিৰ পৰিয়ালে তেওঁক লগত লৈ গ’ল গাজিয়াবাদলৈ। অনুজ এতিয়া সংকটমুক্ত যদিও তেওঁ কথা ক’ব পৰা অৱস্থাত নাই, কেৱল ইংগিতৰ জৰিয়তেহে তেওঁ মনৰ ভাৱ বুজাবলৈ সক্ষম হৈছে। পৰিয়ালৰ অভিযোগ যে এইটো এটা সুপৰিকল্পিত হত্যাৰ ষড়যন্ত্ৰ আছিল।

চি অ’ ৰমাশিশ যাদৱে জনোৱা মতে, পিংকীয়ে কফিত বিহ মিহলাই স্বামী অনুজ শৰ্মাক বিষাক্ত দ্ৰব্য খুৱাই দিয়াৰ তথ্য লাভ কৰা হৈছে। অনুজৰ পৰিয়ালে দিয়া অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু