--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনসংগীয়েই যেতিয়া মৃত্যুদূত হৈ আহে তেন্তে মানুহে বিশ্বাস কৰিবনো কাক! পত্নীয়ে স্বামীক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা এক ঘটনা পোহৰলৈ আহিছে। 

বৰ্তমান মেৰুটৰ এখন চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজিছে মুজাফ্ফৰ্নগৰৰ অনুজ শৰ্মাই। চিকিৎসকৰ মতে তেওঁক বিহ খুৱাই দিয়া হৈছিল। অভিযোগ অনুসৰি তেওঁৰ পত্নী পিংকি শৰ্মাই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল

দুবছৰ পূৰ্বে গাজিয়াবাদৰ লনীৰ বাসিন্দা পিংকিৰ সৈতে অনুজৰ বিবাহ হৈছিল। কিন্তু এই বিবাহ সুখৰ নাছিল। অনুজৰ জ্যেষ্ঠ ভগ্নী মীনাক্ষী শৰ্মাৰ মতে, বিয়াৰ কেইমাহমানৰ পিছতেই পিংকি আৰু অনুজৰ মাজত কাজিয়া আৰম্ভ হয়। 

অনুজে কৈছিল যে পিংকিৰ আচৰণ ঠিক নহয়। মীনাক্ষীয়ে কোৱা অনুসৰি বহুবাৰ অনুজে পিংকিক মোবাইলত কাৰোবাৰ লগত কথা পাতি থকা অৱস্থাত ধৰিছিল, কিন্তু পিংকিয়ে সদায় এৰাই চলিছিল। অনুজে এদিন পিংকিৰ মোবাইলটো কাঢ়ি লৈ ​​গ’ল, তেতিয়া তেওঁ চাঞ্চল্যকৰ মেছেজ আৰু ফটো পাইছিল। 

অনুজে এই সম্পৰ্কত বহুবাৰ আপত্তি কৰিছিল, পিছত পিংকি মাক-দেউতাকৰ ঘৰলৈ গুচি গৈছিল। অনুজে বিবাহ বিচ্ছেদ বিচৰাৰ বাবেই পিংকিক ফোন কৰি ঘৰলৈ মাতিবলৈও চেষ্টা কৰা নাছিল। কিন্তু কিছু দিনৰ পাছত পিংকিয়ে নিজৰ ভুলটো মানি লৈ অনুজৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। 

অনুজে তাইক দ্বিতীয়বাৰৰ বাবে সুযোগ দিলে, কিন্তু পিংকি অহাৰ লগে লগেই অনুজৰ বিৰুদ্ধে মহিলা থানাত এজাহাৰ দাখিল কৰিলে। আৰক্ষীয়ে দুয়োকে কাউন্সেলিং কৰি অনুজৰ লগত পিংকিক ঘৰলৈ পঠিয়াই দিলে। এসপ্তাহৰ আগতে পিংকি ঘৰলৈ উভতি আহোঁতে অনুজৰ মাতৃক কৈছিল, মই কিবা এটা কাৰণতহে ঘূৰি আহিছো।

মীনাক্ষীয়ে লগতে কয় যে অনুজ ২৫ তাৰিখে চাকৰিৰ পৰা ঘৰলৈ উভতি আহোঁতে পিংকিয়ে তেওঁক কফি খাবলৈ দিছিল। কফি খোৱাৰ কিছু সময়ৰ ভিতৰতে অনুজৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে। স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে জনোৱা মতে কিছু বিষাক্ত পদাৰ্থ সেৱন কৰা বাবে অনুজৰ অৱস্থা গুৰুতৰ হৈছে। তেওঁৰ অৱস্থা অধিক বেয়া হোৱা দেখি তেওঁক মিৰাটলৈ লৈ যোৱা হয়, য’ত তেওঁক আই চি ইউত ভৰ্তি কৰা হয়।

পৰিয়ালে অভিযোগ কৰে যে অনুজক চাবলৈ পিংকি বা তাইৰ পৰিয়াল হস্পিতাললৈ অহা নাছিল। তাৰ বিপৰীতে পিংকিৰ পৰিয়ালে তেওঁক লগত লৈ গ’ল গাজিয়াবাদলৈ। অনুজ এতিয়া সংকটমুক্ত যদিও তেওঁ কথা ক’ব পৰা অৱস্থাত নাই, কেৱল ইংগিতৰ জৰিয়তেহে তেওঁ মনৰ ভাৱ বুজাবলৈ সক্ষম হৈছে। পৰিয়ালৰ অভিযোগ যে এইটো এটা সুপৰিকল্পিত হত্যাৰ ষড়যন্ত্ৰ আছিল।

চি অ’ ৰমাশিশ যাদৱে জনোৱা মতে, পিংকীয়ে কফিত বিহ মিহলাই স্বামী অনুজ শৰ্মাক বিষাক্ত দ্ৰব্য খুৱাই দিয়াৰ তথ্য লাভ কৰা হৈছে। অনুজৰ পৰিয়ালে দিয়া অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা