--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পূষ্কৰ মেলা আৰম্ভ হৈছে। এইবাৰ আকৌ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পশুপ্ৰেমীসকল আহিছে মেলালৈ। তাৰ ভিতৰত কোটি কোটি টকাৰ ঘোঁৰা, লাখ লাখ টকাৰ ম’হ আৰু গৰু চৰ্চাৰ বিষয় হৈ পৰিছে। জীৱ-জন্তু প্ৰেমীসকলে নিজৰ গৰু-ম’হ প্ৰদৰ্শনীলৈ লৈ আহিছে। অৱশ্যে জীৱ-জন্তু প্ৰেমীসকলে কেৱল প্ৰদৰ্শনীৰ বাবে কিছুমান বিশেষ জীৱ-জন্তু জনসাধাৰণৰ মাজলৈ লৈ আহিছে। সিহঁতক বিক্ৰী কৰা হোৱা নাই।

হাৰিয়ানাৰ পৰা অনা এটা ম’হে প্ৰতিমাহে ৮ লাখ টকা উপাৰ্জন কৰে। তাৰ নাম আনমোল। প্ৰতিমাহে বীৰ্য বিক্ৰী কৰি ইয়াৰ পৰা ৭ৰ পৰা ৮ লাখ টকা উপাৰ্জন কৰে মালিকে। ম’হটোৰ নামত মাহিলী তিনি লাখ টকাৰো অধিক খৰচ হয়। ম’হটোৰ দাম ১১কোটি টকা।

আনমোলৰ খাদ্যৰ পৰা মূল্য ডেৰ-দুইৰ পৰা তিনি লাখ টকা। আনমোল নামৰ এই ম'হটোৰ মালিক হৰবিন্দৰে জনাইছে যে বৰ্তমান ইয়াৰ ওজন প্ৰায় ১৫৭০ কিলোগ্ৰাম। যোৱা বছৰ ইয়াৰ ওজন আছিল প্ৰায় ১৪০০ কিলোগ্ৰাম। ইয়াৰ খাদ্য বিশুদ্ধ দেশী বস্তু। ইয়াত শুকান ফল, পাঁচ কিলো ঘিউ, গাখীৰ, চয়াবিন, বুট, বাদাম আদি ফলমূল আৰু শাক-পাচলি থাকে। ইয়াৰ খাদ্য প্ৰতিমাহে প্ৰায় ২.৫ লাখৰ পৰা ৩ লাখ টকা।

ইয়াৰ বীৰ্য্য প্ৰতিমাহে প্ৰায় ৭ৰ পৰা ৮ লাখ টকাত বিক্ৰী হয়। ইয়াৰ ক্ৰেতা সমগ্ৰ দেশতে আছে। এইটো মুৰা জাতৰ ম'হ যিটো পঞ্জাৱ আৰু হাৰিয়ানাত বেছিকৈ পোৱা যায়। ইয়াৰ মালিক হৰবিন্দৰকে ধৰি ২৪ ঘণ্টাই চোৱাচিতা কৰিবলৈ চাৰিজন মানুহ আছে।

আনমোল পৰিয়ালৰ এজন সদস্যৰ দৰে হৈ পৰিছে। হৰবিন্দৰে কয় যে ‘‘কেতিয়াবা কোনো অনুষ্ঠানত উপস্থিত থাকিবলগীয়া হ’লে পৰিয়ালৰ সকলো সদস্যই যায় যদিও আনমোলৰ বাবে মই কেতিয়াও ক’লৈকো নাযাওঁ। এতিয়া এই ম'হটো মোৰ বাবে পৰিয়ালৰ সদস্যৰ দৰে। ইয়াক মেলাত বিক্ৰী কৰিবলৈ অনা নাই। য’তেই মেলা অনুষ্ঠিত হয়, আনমোলক লৈ যোৱা হয় প্ৰদৰ্শন কৰিবলৈ। ইয়াৰ খাদ্যাভ্যাস মোৰ দ্বাৰা নিয়ন্ত্ৰিত। সেইটোত কেতিয়াও ৰিস্ক লোৱা নাই।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement