--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুৱ ক্ৰিকেটাৰ শুভমন গিল আৰু শচীন তেণ্ডুলকাৰৰ দুহিতা ছাৰা তেণ্ডুলকাৰৰ প্ৰণয়ৰ উৰাবাতৰি ছ’চিয়েল মিডিয়াত মাজে মাজে হৈ পৰে সৰব চৰ্চাৰ বিষয়৷ 

চলিত বিশ্বকাপৰ মাজতো শুভমন-ছাৰাৰ প্ৰেমৰ খবৰে ক্ৰিকেটানুৰাগীৰ উৎসুকতা বঢ়াই তুলিছে৷ শুভমনৰ প্ৰেম-জীৱনৰ বিষয়ে প্ৰথম আলোচনা কেইবছৰমান পূৰ্বে আৰম্ভ হৈছিল। 

সেই সময়ত ‘ছাৰা’ নামটোক লৈ কিছু বিভ্ৰান্তিৰো সৃষ্টি হৈছিল। এগৰাকী হৈছে ছাৰা তেণ্ডুলকাৰ, আনগৰাকী হৈছে ছাৰা আলী খান। অৱশ্যে, চেইফকন্যাই স্পষ্টকৈ কৈছিল যে তেওঁ সেইগৰাকী ছাৰা নহয়, যি ছাৰাৰ শুভমনৰে প্ৰেম হৈছে বুলি উৰাবাতৰি ওলাইছে। অৱশ্যে, ছাৰা তেণ্ডুলকাৰ আৰু শুভমনৰ কোনো এগৰাকীয়েও এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কোৱা নাই।

‘এক্স’ত ছাৰাৰ নামত বিভিন্ন ভুৱা একাউণ্ট আছে। তাৰ পৰা কেতিয়াবা শুভমনৰ বিষয়েও পোষ্ট কৰা হয়। কেতিয়াবা, ছাৰাই গেলেৰীত বহি শুভমনৰ খেলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল৷ অন্য কেতিয়াবা ক্ৰিকেট তাৰকাগৰাকীক প্ৰশংসা আৰু উৎসাহিতও কৰিছিল। আনহাতে, শুভমন এইক্ষেত্ৰত অতি সতৰ্ক। 

অৱশ্যে, কেইবামাহৰ পূৰ্বে এটা পডকাষ্ট শ্ব’ত শুভমনক তেওঁ ছাৰাৰ সৈতে সম্পৰ্কত আছে নেকি বুলি সোধা হৈছিল৷ ক্ৰিকেট তাৰকাজনে লাজতে হাঁহিছিল আৰু ‘হ’ব পাৰে’ বুলি উত্তৰ দিছিল৷ অনুষ্ঠানটোৰ এটা পুৰণি ভিডিঅ’ ক্লিপ হঠাতে সামাজিক মাধ্যমত পুনৰ ভাইৰেল হৈ পৰিছে। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ছাৰা আহমেদাবাদলৈ ৰাওনা হৈছে। ইয়াৰ পূৰ্বে, তেওঁক ভাৰতৰ বহুকেইখন মেচত খেলপথাৰত দেখা গৈছিল৷ দেওবাৰে পিতৃ শচীনৰ সৈতে আহমেদাবাদত ছাৰাক দেখা যাব বুলি আশা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক