--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুৱ ক্ৰিকেটাৰ শুভমন গিল আৰু শচীন তেণ্ডুলকাৰৰ দুহিতা ছাৰা তেণ্ডুলকাৰৰ প্ৰণয়ৰ উৰাবাতৰি ছ’চিয়েল মিডিয়াত মাজে মাজে হৈ পৰে সৰব চৰ্চাৰ বিষয়৷ 

চলিত বিশ্বকাপৰ মাজতো শুভমন-ছাৰাৰ প্ৰেমৰ খবৰে ক্ৰিকেটানুৰাগীৰ উৎসুকতা বঢ়াই তুলিছে৷ শুভমনৰ প্ৰেম-জীৱনৰ বিষয়ে প্ৰথম আলোচনা কেইবছৰমান পূৰ্বে আৰম্ভ হৈছিল। 

সেই সময়ত ‘ছাৰা’ নামটোক লৈ কিছু বিভ্ৰান্তিৰো সৃষ্টি হৈছিল। এগৰাকী হৈছে ছাৰা তেণ্ডুলকাৰ, আনগৰাকী হৈছে ছাৰা আলী খান। অৱশ্যে, চেইফকন্যাই স্পষ্টকৈ কৈছিল যে তেওঁ সেইগৰাকী ছাৰা নহয়, যি ছাৰাৰ শুভমনৰে প্ৰেম হৈছে বুলি উৰাবাতৰি ওলাইছে। অৱশ্যে, ছাৰা তেণ্ডুলকাৰ আৰু শুভমনৰ কোনো এগৰাকীয়েও এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কোৱা নাই।

‘এক্স’ত ছাৰাৰ নামত বিভিন্ন ভুৱা একাউণ্ট আছে। তাৰ পৰা কেতিয়াবা শুভমনৰ বিষয়েও পোষ্ট কৰা হয়। কেতিয়াবা, ছাৰাই গেলেৰীত বহি শুভমনৰ খেলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল৷ অন্য কেতিয়াবা ক্ৰিকেট তাৰকাগৰাকীক প্ৰশংসা আৰু উৎসাহিতও কৰিছিল। আনহাতে, শুভমন এইক্ষেত্ৰত অতি সতৰ্ক। 

অৱশ্যে, কেইবামাহৰ পূৰ্বে এটা পডকাষ্ট শ্ব’ত শুভমনক তেওঁ ছাৰাৰ সৈতে সম্পৰ্কত আছে নেকি বুলি সোধা হৈছিল৷ ক্ৰিকেট তাৰকাজনে লাজতে হাঁহিছিল আৰু ‘হ’ব পাৰে’ বুলি উত্তৰ দিছিল৷ অনুষ্ঠানটোৰ এটা পুৰণি ভিডিঅ’ ক্লিপ হঠাতে সামাজিক মাধ্যমত পুনৰ ভাইৰেল হৈ পৰিছে। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ছাৰা আহমেদাবাদলৈ ৰাওনা হৈছে। ইয়াৰ পূৰ্বে, তেওঁক ভাৰতৰ বহুকেইখন মেচত খেলপথাৰত দেখা গৈছিল৷ দেওবাৰে পিতৃ শচীনৰ সৈতে আহমেদাবাদত ছাৰাক দেখা যাব বুলি আশা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান