--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত প্ৰচাৰ হোৱা কিছুমান আচহুৱা বাতৰি আৰু কাহিনীয়ে মানুহক আশ্বৰ্যন্বিত কৰি তোলা দেখা যায়। কিছুমান খবৰক বিশ্বাস কৰিব পাৰি, কিন্তু কিছুমান অবিশ্বাস্য যেন লাগে। এনে এটা ক্লিপ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিটো দেখি দৰ্শকসকল স্তম্ভিত হৈ পৰিছে। এই ভাইৰেল হোৱা ভডিঅ'টো সঁচা নে কেৱল এটা মনেসজা কাহিনী অনুমান কৰাটো কঠিন হৈ পৰিছে। কিছুদিন পূৰ্বে টিক টকত ভাইৰেল হোৱা এটা ভিডিঅ'ই সকলোকে হতবাক কৰি তুলিছিল৷ ভিডিঅ'টোত দেখা গৈছিল যে, সন্ন্যাসীৰ পোচাকত এগৰাকী বৃদ্ধ। তেওঁক থাইলেণ্ডৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁক দেখিবলৈ বৰ দুৰ্বল আৰু ৰুগীয়া যেন লাগিছিল। ভিডিঅ'টো চোৱাৰ পাছত, কিছুমান লোকে দাবী কৰিছিল যে, তেওঁৰ বয়স ১৬৩ বছৰ৷ উল্লেখ্য যে, জাপানী বৌদ্ধ ভিক্ষুসকলে জনপ্ৰিয় এক বিশেষ কৌশল অনুশীলন কৰে। যাৰ ফলত তেওঁলোক দীৰ্ঘদিন ধৰি জীয়াই থাকিবলৈ সক্ষম হয়৷ এতিয়া এই ডেৰশ বছৰ বয়সীয়া সন্ন্যাসীগৰাকীৰ ভাইৰেল ছবিয়ে ইণ্টাৰনেটত অসংখ্যজনক আকৰ্ষণ কৰিছে। এই ভিডিঅ'টো তেওঁৰ নাতিনীয়ে দৃশ্যগ্ৰহণ কৰিছিল আৰু তেওঁ টিক টক একাউণ্ট অয়াৰি১৩ @ৰ দ্বাৰা শ্বেয়াৰ কৰিছিল। এই ভিডিঅ'টো শ্বেয়াৰ হোৱাৰ পাছতে সন্ন্যাসীগৰাকীৰ নাতিনী আয়ুৰীয়ে ৫,৩০,০০০জন নতুন ফল’ৱাৰ লাভ কৰিছিল। ভিডিঅ'টো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পাছত, মানুহে তেওঁৰ বয়সৰ সত্যতা বিচাৰিবলৈ চেষ্টা কৰিছিল। টিক টকত ১৬৩ বছৰীয়া সন্ন্যাসীজনৰ বিষয়ে প্ৰকাশ পোৱা উৰা বাতৰিবোৰ প্ৰকৃততে সঁচা নহয়। তথ্য পৰীক্ষক স্নোপছৰ মতে, ক্লিপটোত থকা বৃদ্ধজনৰ বয়স ১৬৩ বছৰ নহয়। তেওঁৰ নাম লুৱাং ফো য়াই আৰু তেওঁৰ বয়স ১০৯ বছৰ। আনহাতে, ভিডিঅ'টোত সন্ন্যাসীসদৃশ জ্যেষ্ঠসকল 'চকুশিনবুটচু' বুলি জনাজাত আত্ম-মমিকৰণ কৌশলও অনুশীলন নকৰে। এই বৃদ্ধজনৰ প্ৰথম ভিডিঅ' ২০২১ চনৰ নৱেম্বৰত টিকটক একাউণ্টত শ্বেয়াৰ কৰা হৈছিল, য'ত তেওঁক ঘৰত কেনেদৰে থাকে তাৰ বিষয়ে দেখুওৱা হৈছিল। অৱশ্যে, ২০২২ চনৰ জানুৱাৰীত তেওঁৰ কঁকাল ভঙাৰ বাবে থাইলেণ্ডৰ ডেন খুন থট চিকিৎসালয়লৈ অনা হৈছিল৷ তাৰপাছতে ভাইৰেল হৈ পৰে বৃদ্ধগৰাকীৰ ছবি৷ তেওঁৰ নাতিনীয়ে নিয়মীয়াকৈ আপলোড কৰিছিল ককাকৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'৷ শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ'টোত, দেখা গৈছে যে তেওঁৰ স্বাস্থ্য উন্নত হৈছে। তেওঁ পৰিয়ালৰ সৈতে খাবলৈ, ব্যায়াম কৰিবলৈ আৰু ভ্ৰমণ কৰিবলৈ সক্ষম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক