--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত প্ৰচাৰ হোৱা কিছুমান আচহুৱা বাতৰি আৰু কাহিনীয়ে মানুহক আশ্বৰ্যন্বিত কৰি তোলা দেখা যায়। কিছুমান খবৰক বিশ্বাস কৰিব পাৰি, কিন্তু কিছুমান অবিশ্বাস্য যেন লাগে। এনে এটা ক্লিপ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিটো দেখি দৰ্শকসকল স্তম্ভিত হৈ পৰিছে। এই ভাইৰেল হোৱা ভডিঅ'টো সঁচা নে কেৱল এটা মনেসজা কাহিনী অনুমান কৰাটো কঠিন হৈ পৰিছে। কিছুদিন পূৰ্বে টিক টকত ভাইৰেল হোৱা এটা ভিডিঅ'ই সকলোকে হতবাক কৰি তুলিছিল৷ ভিডিঅ'টোত দেখা গৈছিল যে, সন্ন্যাসীৰ পোচাকত এগৰাকী বৃদ্ধ। তেওঁক থাইলেণ্ডৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁক দেখিবলৈ বৰ দুৰ্বল আৰু ৰুগীয়া যেন লাগিছিল। ভিডিঅ'টো চোৱাৰ পাছত, কিছুমান লোকে দাবী কৰিছিল যে, তেওঁৰ বয়স ১৬৩ বছৰ৷ উল্লেখ্য যে, জাপানী বৌদ্ধ ভিক্ষুসকলে জনপ্ৰিয় এক বিশেষ কৌশল অনুশীলন কৰে। যাৰ ফলত তেওঁলোক দীৰ্ঘদিন ধৰি জীয়াই থাকিবলৈ সক্ষম হয়৷ এতিয়া এই ডেৰশ বছৰ বয়সীয়া সন্ন্যাসীগৰাকীৰ ভাইৰেল ছবিয়ে ইণ্টাৰনেটত অসংখ্যজনক আকৰ্ষণ কৰিছে। এই ভিডিঅ'টো তেওঁৰ নাতিনীয়ে দৃশ্যগ্ৰহণ কৰিছিল আৰু তেওঁ টিক টক একাউণ্ট অয়াৰি১৩ @ৰ দ্বাৰা শ্বেয়াৰ কৰিছিল। এই ভিডিঅ'টো শ্বেয়াৰ হোৱাৰ পাছতে সন্ন্যাসীগৰাকীৰ নাতিনী আয়ুৰীয়ে ৫,৩০,০০০জন নতুন ফল’ৱাৰ লাভ কৰিছিল। ভিডিঅ'টো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পাছত, মানুহে তেওঁৰ বয়সৰ সত্যতা বিচাৰিবলৈ চেষ্টা কৰিছিল। টিক টকত ১৬৩ বছৰীয়া সন্ন্যাসীজনৰ বিষয়ে প্ৰকাশ পোৱা উৰা বাতৰিবোৰ প্ৰকৃততে সঁচা নহয়। তথ্য পৰীক্ষক স্নোপছৰ মতে, ক্লিপটোত থকা বৃদ্ধজনৰ বয়স ১৬৩ বছৰ নহয়। তেওঁৰ নাম লুৱাং ফো য়াই আৰু তেওঁৰ বয়স ১০৯ বছৰ। আনহাতে, ভিডিঅ'টোত সন্ন্যাসীসদৃশ জ্যেষ্ঠসকল 'চকুশিনবুটচু' বুলি জনাজাত আত্ম-মমিকৰণ কৌশলও অনুশীলন নকৰে। এই বৃদ্ধজনৰ প্ৰথম ভিডিঅ' ২০২১ চনৰ নৱেম্বৰত টিকটক একাউণ্টত শ্বেয়াৰ কৰা হৈছিল, য'ত তেওঁক ঘৰত কেনেদৰে থাকে তাৰ বিষয়ে দেখুওৱা হৈছিল। অৱশ্যে, ২০২২ চনৰ জানুৱাৰীত তেওঁৰ কঁকাল ভঙাৰ বাবে থাইলেণ্ডৰ ডেন খুন থট চিকিৎসালয়লৈ অনা হৈছিল৷ তাৰপাছতে ভাইৰেল হৈ পৰে বৃদ্ধগৰাকীৰ ছবি৷ তেওঁৰ নাতিনীয়ে নিয়মীয়াকৈ আপলোড কৰিছিল ককাকৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'৷ শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ'টোত, দেখা গৈছে যে তেওঁৰ স্বাস্থ্য উন্নত হৈছে। তেওঁ পৰিয়ালৰ সৈতে খাবলৈ, ব্যায়াম কৰিবলৈ আৰু ভ্ৰমণ কৰিবলৈ সক্ষম হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি