--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৮ বছৰ হ'লেই ছোৱালীক বিয়া দিয়াৰ চিন্তা কৰিব নোৱাৰিব অভিভাৱকে বা ১৮ বছৰ হ'লেই আপোনজনৰ সৈতে বিয়াত বহিম বুলি ভাবি থকা ছোৱালীয়েও সেই আশা বাদ দিবৰ হ'ল। কাৰণ কেবিনেট বৈঠকত ছোৱালীৰ বিবাহৰ নূন্যতম বয়স বৃদ্ধিৰ বাবে এখন বিধেয়ক অনুমোদিত হৈছে। ভাৰতীয় আইন মতে বিবাহপাশত আৱদ্ধ হ'বৰ বাবে ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল'ৰাৰ বয়স ২১ বছৰ হোৱাটো বাধ্যতামূলক। ছোৱালীৰ বিবাহৰ নিম্নতম বয়সৰ সীমা সোনকালেই ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি হ'ব।

বিধেয়কখন আইন ৰূপে গৃহীত হলেই ছোৱালীয়ে ২১ বছৰৰ পৰা বিয়াৰ চিন্তা কৰিব পাৰিব। ২১ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হ'লে আইনৰ চকুত দোষী সাব্যস্ত হ'ব। চৰকাৰে অতি সোনকালে এই নিয়ম কাৰ্যকৰী কৰা বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। যোৱা বছৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত প্ৰদান কৰা এক ভাষণত চৰকাৰৰ এই অভিপ্ৰায়ৰ কথা ব্যক্ত কৰিছিল। বিবাহৰ বয়সৰ সীমা বৃদ্ধি কৰিবলৈ বাল্য বিবাহ আইন সংশোধন কৰা হ'ব। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত বাল্য বিবাহ আইন সংশোধনী বিধেয়কখন অনুমোদিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেবিনেট বৈঠকত সভাপতিত্ব কৰে৷

এই বিষয়ত যোৱা বছৰ গঠন কৰা টাস্ক ফ'ৰ্চে ইয়াৰ প্ৰতিবেদনত ছোৱালীৰ বিবাহৰ বাবে নিম্নতম বয়সৰ সীমা ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে৷ প্ৰাক্তন সাংসদ জয়া জেটলীৰ অধ্যক্ষতাত টাস্ক ফ'ৰ্চটো গঠন কৰা হৈছিল। টাস্ক ফৰ্চে ইয়াৰ প্ৰতিবেদনত মাতৃত্বৰ বয়সৰ সীমা আৰু মহিলাৰ সৈতে সম্পৰ্কিত অন্যান্য বিষয়ৰ পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দিয়া ভাষণত ঘোষণা কৰিছিল যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীৰ বিবাহৰ বয়সৰ সীমা বৃদ্ধিৰ বিষয়ে বিবেচনা কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ