ডিজিটেল ডেস্কঃ ১৮ বছৰ হ'লেই ছোৱালীক বিয়া দিয়াৰ চিন্তা কৰিব নোৱাৰিব অভিভাৱকে বা ১৮ বছৰ হ'লেই আপোনজনৰ সৈতে বিয়াত বহিম বুলি ভাবি থকা ছোৱালীয়েও সেই আশা বাদ দিবৰ হ'ল। কাৰণ কেবিনেট বৈঠকত ছোৱালীৰ বিবাহৰ নূন্যতম বয়স বৃদ্ধিৰ বাবে এখন বিধেয়ক অনুমোদিত হৈছে। ভাৰতীয় আইন মতে বিবাহপাশত আৱদ্ধ হ'বৰ বাবে ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল'ৰাৰ বয়স ২১ বছৰ হোৱাটো বাধ্যতামূলক। ছোৱালীৰ বিবাহৰ নিম্নতম বয়সৰ সীমা সোনকালেই ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি হ'ব।
বিধেয়কখন আইন ৰূপে গৃহীত হলেই ছোৱালীয়ে ২১ বছৰৰ পৰা বিয়াৰ চিন্তা কৰিব পাৰিব। ২১ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হ'লে আইনৰ চকুত দোষী সাব্যস্ত হ'ব। চৰকাৰে অতি সোনকালে এই নিয়ম কাৰ্যকৰী কৰা বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। যোৱা বছৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত প্ৰদান কৰা এক ভাষণত চৰকাৰৰ এই অভিপ্ৰায়ৰ কথা ব্যক্ত কৰিছিল। বিবাহৰ বয়সৰ সীমা বৃদ্ধি কৰিবলৈ বাল্য বিবাহ আইন সংশোধন কৰা হ'ব। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত বাল্য বিবাহ আইন সংশোধনী বিধেয়কখন অনুমোদিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেবিনেট বৈঠকত সভাপতিত্ব কৰে৷
এই বিষয়ত যোৱা বছৰ গঠন কৰা টাস্ক ফ'ৰ্চে ইয়াৰ প্ৰতিবেদনত ছোৱালীৰ বিবাহৰ বাবে নিম্নতম বয়সৰ সীমা ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে৷ প্ৰাক্তন সাংসদ জয়া জেটলীৰ অধ্যক্ষতাত টাস্ক ফ'ৰ্চটো গঠন কৰা হৈছিল। টাস্ক ফৰ্চে ইয়াৰ প্ৰতিবেদনত মাতৃত্বৰ বয়সৰ সীমা আৰু মহিলাৰ সৈতে সম্পৰ্কিত অন্যান্য বিষয়ৰ পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দিয়া ভাষণত ঘোষণা কৰিছিল যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীৰ বিবাহৰ বয়সৰ সীমা বৃদ্ধিৰ বিষয়ে বিবেচনা কৰা উচিত।