--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''শ্বীনা বৰাৰ মৃত্যু হোৱা নাই…তেওঁ এতিয়াও জীয়াই আছে। শ্বীনা বৰ্তমান কাশ্মীৰত বাস কৰি আছে।'' এই চাঞ্চল্যকৰ মন্তব্য কৰিছে শ্বীনাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে। দেশৰ আটাইতকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ভিতৰত অন্যতম শ্বীনা বৰা হত্যাকাণ্ড। শ্বীনা বৰাৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ। নিজ কন্যা শ্বীনাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে চিবিআইৰ সঞ্চালকলৈ পত্ৰ লিখি কয় যে শ্বীনা বৰা জীৱিত আৰু বৰ্তমান তেওঁ কাশ্মীৰত আছে। ইন্দ্ৰাণী মুখাৰ্জীয়ে পত্ৰখনত উল্লেখ কৰিছে যে তেওঁ অলপতে কাৰাগাৰত এগৰাকী মহিলাৰ সন্মুখীন হৈছিল যিয়ে দাবী কৰিছে যে তেওঁ কাশ্মীৰত শ্বীনাক দেখিছে।

ইন্দ্ৰাণী মুখাৰ্জীয়ে পত্ৰখনৰ উপৰিও চিবিআইৰ বিশেষ আদালতত এখন আবেদন দাখিল কৰিছে, যি আবেদনৰ শীঘ্ৰেই শুনানিৰ দিন আহিব পাৰে। ইন্দ্ৰানী মুখাৰ্জীয়ে চিবিআইলৈ লিখা পত্ৰখনত এইবুলি উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে তেওঁ কাৰাগাৰতে এগৰাকী মহিলাৰ সৈতে কথা পাতিছিল। মহিলাগৰাকীয়ে তেওঁক জনাইছিল যে শ্বীনা বৰা বৰ্তমান কাশ্মীৰত আছে। কাশ্মীৰত শ্বীনাৰ সন্ধান কৰিবলৈও পত্ৰখনত ইন্দ্ৰানীয়ে চিবিআইক অনুৰোধ জনাইছে। যদি ইন্দ্ৰানী মুখাৰ্জীৰ এই দাবী সঁচা হয় তেন্তে শ্বীনা বৰা হত্যাকাণ্ডৰ সকলো কথাই সলনি হৈ পৰিব। উল্লেখ্য ২০১২ চনত ইন্দ্ৰানী মুখাৰ্জীয়ে শ্বীনাক হত্যা কৰা বুলি অভিযোগ উঠিছিল।হত্যাকাণ্ডটো ২০১৫ চনত পোহৰলৈ আহিছিল। ইন্দ্রাণী মুখাৰ্জীক নিজ কন্যাক হত্যা কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

পৰৱৰ্তী তিনি মাহৰ অন্তত, ইন্দ্ৰাণী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীকো ইন্দ্ৰাণীক হত্যাকাণ্ডত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। কাৰাগাৰত থাকোতেই ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ তেওঁলোকৰ ১৭ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটে আৰু ২০১৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।আনহাতে, এটা পৃথক গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ গাড়ীচালক শ্যামবৰ ৰায়কো গ্ৰেপ্তাৰ কৰাৰ লগে লগে হত্যাকাণ্ডৰ সমস্ত বিষয় উন্মোচিত হৈছিল। শ্বীনাক ইন্দ্ৰাণীয়ে তেওঁৰ গাড়ীচালক শ্যামবৰ ৰায় আৰু তেওঁৰ দ্বিতীয় স্বামী সঞ্জীৱ খান্নাৰ সহায়ত হত্যা কৰিছিল বুলি চিবিআইয়ে তথ্য দাখিল কৰিছিল। বিত্তীয় সংঘাতৰ বাবেই এই হত্যাকাণ্ড হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীৰ সাংসাৰিক জীৱন পূৰ্বৰে পৰা যথেষ্ট বিতৰ্কিত আছিল। নিজ কন্যা শ্বীনাক হত্যা কৰি ইন্দ্ৰাণী মুখাৰ্জী দেশজুৰি চৰ্চিত হৈছিল। শেহতীয়াকৈ শ্বীনা বৰা জীয়াই আছে বুলি ইন্দ্ৰাণীয়ে কৰা দাবী কিমানদূৰ সত্য প্ৰতিপন্ন হয় সেয়াহে হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ মিছ ইউনিভাৰ্ছ হৰনাজ ঘৰলৈ উভতিল; বিমান বন্দৰত বিপুল আদৰণি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ