--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''শ্বীনা বৰাৰ মৃত্যু হোৱা নাই…তেওঁ এতিয়াও জীয়াই আছে। শ্বীনা বৰ্তমান কাশ্মীৰত বাস কৰি আছে।'' এই চাঞ্চল্যকৰ মন্তব্য কৰিছে শ্বীনাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে। দেশৰ আটাইতকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ভিতৰত অন্যতম শ্বীনা বৰা হত্যাকাণ্ড। শ্বীনা বৰাৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ। নিজ কন্যা শ্বীনাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে চিবিআইৰ সঞ্চালকলৈ পত্ৰ লিখি কয় যে শ্বীনা বৰা জীৱিত আৰু বৰ্তমান তেওঁ কাশ্মীৰত আছে। ইন্দ্ৰাণী মুখাৰ্জীয়ে পত্ৰখনত উল্লেখ কৰিছে যে তেওঁ অলপতে কাৰাগাৰত এগৰাকী মহিলাৰ সন্মুখীন হৈছিল যিয়ে দাবী কৰিছে যে তেওঁ কাশ্মীৰত শ্বীনাক দেখিছে।

ইন্দ্ৰাণী মুখাৰ্জীয়ে পত্ৰখনৰ উপৰিও চিবিআইৰ বিশেষ আদালতত এখন আবেদন দাখিল কৰিছে, যি আবেদনৰ শীঘ্ৰেই শুনানিৰ দিন আহিব পাৰে। ইন্দ্ৰানী মুখাৰ্জীয়ে চিবিআইলৈ লিখা পত্ৰখনত এইবুলি উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে তেওঁ কাৰাগাৰতে এগৰাকী মহিলাৰ সৈতে কথা পাতিছিল। মহিলাগৰাকীয়ে তেওঁক জনাইছিল যে শ্বীনা বৰা বৰ্তমান কাশ্মীৰত আছে। কাশ্মীৰত শ্বীনাৰ সন্ধান কৰিবলৈও পত্ৰখনত ইন্দ্ৰানীয়ে চিবিআইক অনুৰোধ জনাইছে। যদি ইন্দ্ৰানী মুখাৰ্জীৰ এই দাবী সঁচা হয় তেন্তে শ্বীনা বৰা হত্যাকাণ্ডৰ সকলো কথাই সলনি হৈ পৰিব। উল্লেখ্য ২০১২ চনত ইন্দ্ৰানী মুখাৰ্জীয়ে শ্বীনাক হত্যা কৰা বুলি অভিযোগ উঠিছিল।হত্যাকাণ্ডটো ২০১৫ চনত পোহৰলৈ আহিছিল। ইন্দ্রাণী মুখাৰ্জীক নিজ কন্যাক হত্যা কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

পৰৱৰ্তী তিনি মাহৰ অন্তত, ইন্দ্ৰাণী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীকো ইন্দ্ৰাণীক হত্যাকাণ্ডত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। কাৰাগাৰত থাকোতেই ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ তেওঁলোকৰ ১৭ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটে আৰু ২০১৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।আনহাতে, এটা পৃথক গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ গাড়ীচালক শ্যামবৰ ৰায়কো গ্ৰেপ্তাৰ কৰাৰ লগে লগে হত্যাকাণ্ডৰ সমস্ত বিষয় উন্মোচিত হৈছিল। শ্বীনাক ইন্দ্ৰাণীয়ে তেওঁৰ গাড়ীচালক শ্যামবৰ ৰায় আৰু তেওঁৰ দ্বিতীয় স্বামী সঞ্জীৱ খান্নাৰ সহায়ত হত্যা কৰিছিল বুলি চিবিআইয়ে তথ্য দাখিল কৰিছিল। বিত্তীয় সংঘাতৰ বাবেই এই হত্যাকাণ্ড হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীৰ সাংসাৰিক জীৱন পূৰ্বৰে পৰা যথেষ্ট বিতৰ্কিত আছিল। নিজ কন্যা শ্বীনাক হত্যা কৰি ইন্দ্ৰাণী মুখাৰ্জী দেশজুৰি চৰ্চিত হৈছিল। শেহতীয়াকৈ শ্বীনা বৰা জীয়াই আছে বুলি ইন্দ্ৰাণীয়ে কৰা দাবী কিমানদূৰ সত্য প্ৰতিপন্ন হয় সেয়াহে হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ মিছ ইউনিভাৰ্ছ হৰনাজ ঘৰলৈ উভতিল; বিমান বন্দৰত বিপুল আদৰণি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ