--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ'না মহামাৰীৰ বিৰুদ্ধে এতিয়াও যুঁজ অব্যাহত আছে। কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে এটা ডাঙৰ ঘোষণা কৰে যে এতিয়া ১৮ বছৰৰ অধিক বয়সৰ সকলো লোকে ভেকছিনৰ তৃতীয় পালি গ্ৰহণ কৰিব পাৰিব। চৰকাৰে জনায় যে ১০ এপ্ৰিলৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ লোকসকলে ব্যক্তিগত টিকাকৰণ কেন্দ্ৰত ভেকছিনৰ বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰে। 

ক’ৰণাৰ তৃতীয়টো ভেকচিন তথা বুষ্টাৰ ড’জ সকলো ব্যক্তিগত ভেকচিন প্ৰদান কৰা কেন্দ্ৰতো উপলব্ধ হ'ব। অৱশ্যে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা ৯ টা মাহ সম্পূৰ্ণ কৰা লোক সকলেহে ল’ব পাৰিব এই বুষ্টাৰ ড’জ তথা তৃতীয়পালি ভেকচিন। ইয়াৰ লগতে পূৰ্বৰ দৰে কেন্দ্ৰৰ ফালৰ পৰা দিয়া প্ৰথম আৰু দ্বিতীয় পালি ভেকচিন প্ৰদানৰ কাম অব্যাহত থাকিব। লগতে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ফ্ৰণ্ট লাইন কৰ্মী আৰু ৬০ উৰ্ধৰ লোকসকলক বুষ্টাৰ ড’জ প্ৰদানৰ কামো অব্যাহত থাকিব। 

চৰকাৰৰ ফালৰ পৰা সদৰী কৰা অনুসৰি ইতিমধ্যে দেশত প্ৰায় ৯৬ শতাংশ লোকে কমেও এপালি কৈ কৰ'না ভেকচিন গ্ৰহণ কৰিছে। ক'ৰোনা ভেকছিনৰ বুষ্টাৰ পালি কেৱল তেওঁলোকেহে ল'ব পাৰিব যিসকলৰ বয়স ১৮ বছৰৰ অধিক আৰু যিসকলে ৯ মাহ আগতে কোভিড ভেকছিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিছে। সকলো ব্যক্তিগত চিকিৎসালয়ত টিকাকৰণৰ সুবিধা উপলব্ধ হ'ব। অৱশ্যে, চৰকাৰে এইটোও স্পষ্ট কৰি দিছে যে ভেকছিনৰ তৃতীয় পালি গ্ৰহণ কৰিব বিচাৰে নে নিবিচাৰে সেয়া জনসাধাৰণৰ নিজ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। বুষ্টাৰ পালি গ্ৰহণ কৰাটো বাধ্যতামূলক নহ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন