--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ'না মহামাৰীৰ বিৰুদ্ধে এতিয়াও যুঁজ অব্যাহত আছে। কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে এটা ডাঙৰ ঘোষণা কৰে যে এতিয়া ১৮ বছৰৰ অধিক বয়সৰ সকলো লোকে ভেকছিনৰ তৃতীয় পালি গ্ৰহণ কৰিব পাৰিব। চৰকাৰে জনায় যে ১০ এপ্ৰিলৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ লোকসকলে ব্যক্তিগত টিকাকৰণ কেন্দ্ৰত ভেকছিনৰ বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰে। 

ক’ৰণাৰ তৃতীয়টো ভেকচিন তথা বুষ্টাৰ ড’জ সকলো ব্যক্তিগত ভেকচিন প্ৰদান কৰা কেন্দ্ৰতো উপলব্ধ হ'ব। অৱশ্যে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা ৯ টা মাহ সম্পূৰ্ণ কৰা লোক সকলেহে ল’ব পাৰিব এই বুষ্টাৰ ড’জ তথা তৃতীয়পালি ভেকচিন। ইয়াৰ লগতে পূৰ্বৰ দৰে কেন্দ্ৰৰ ফালৰ পৰা দিয়া প্ৰথম আৰু দ্বিতীয় পালি ভেকচিন প্ৰদানৰ কাম অব্যাহত থাকিব। লগতে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ফ্ৰণ্ট লাইন কৰ্মী আৰু ৬০ উৰ্ধৰ লোকসকলক বুষ্টাৰ ড’জ প্ৰদানৰ কামো অব্যাহত থাকিব। 

চৰকাৰৰ ফালৰ পৰা সদৰী কৰা অনুসৰি ইতিমধ্যে দেশত প্ৰায় ৯৬ শতাংশ লোকে কমেও এপালি কৈ কৰ'না ভেকচিন গ্ৰহণ কৰিছে। ক'ৰোনা ভেকছিনৰ বুষ্টাৰ পালি কেৱল তেওঁলোকেহে ল'ব পাৰিব যিসকলৰ বয়স ১৮ বছৰৰ অধিক আৰু যিসকলে ৯ মাহ আগতে কোভিড ভেকছিনৰ দ্বিতীয় পালি গ্ৰহণ কৰিছে। সকলো ব্যক্তিগত চিকিৎসালয়ত টিকাকৰণৰ সুবিধা উপলব্ধ হ'ব। অৱশ্যে, চৰকাৰে এইটোও স্পষ্ট কৰি দিছে যে ভেকছিনৰ তৃতীয় পালি গ্ৰহণ কৰিব বিচাৰে নে নিবিচাৰে সেয়া জনসাধাৰণৰ নিজ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। বুষ্টাৰ পালি গ্ৰহণ কৰাটো বাধ্যতামূলক নহ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ