--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক অসাধাৰণ পৰিত্ৰাণকাৰীৰ ৰূপত আত্মপ্ৰকাশ কৰিলে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ এগৰাকী জোৱানে৷ ঔদ্যোগিক সুৰক্ষা বাহিনীৰ তত্ত্বাৱধানত প্ৰসূতিয়ে জন্ম দিবলৈ সক্ষম হয় সন্তান৷ এই ঘটনা সংঘটিত হৈছে দিল্লীৰ আনন্দ বিহাৰ মেট্ৰ' ষ্টেচনত৷ বৃহস্পতিবাৰে সংঘটিত এই ঘটনাই বিভিন্নজনক কৰি তুলিছে আৱেগিক৷ 

উল্লেখ্য যে, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) এগৰাকী মহিলা কনিষ্টবলে বৃহস্পতিবাৰে নতুন দিল্লীৰ আনন্দ বিহাৰ মেট্ৰ' ষ্টেচনৰ প্লেটফৰ্মত এগৰাকী গৰ্ভৱতী মহিলাক সন্তান প্ৰসৱত সহায় কৰে। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ তথ্য অনুসৰি, মহিলা যাত্ৰীগৰাকীয়ে মেট্ৰ' ষ্টেচনৰ প্লেটফৰ্ম-৩ত মেট্ৰ'ৰ বাবে অপেক্ষা কৰি থাকোঁতেই প্ৰসৱ বেদনাত আক্ৰান্ত হৈছিল৷ শ্বিফ্ট ইন-চাৰ্জৰ নিৰ্দেশত, চিআইএছএফৰ কনিষ্টবল অনামিকা কুমাৰীয়ে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক সহায় কৰিবলৈ তৎপৰ হৈ পৰে।

আন মহিলা যাত্ৰীসকলৰ সহায়ত, তেওঁ প্ৰসৱ বেদনাত ভুগি থকা মহিলাগৰাকীক প্লেটফৰ্মতে সন্তান প্ৰসৱ কৰাত সহায় কৰে৷ মহিলাগৰাকীৰ মৰ্যাদা তথা গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত তেওঁৰ নাম লোৱাৰ পৰা বিৰত থাকে সুৰক্ষা বাহিনীটোৰ কৰ্তৃপক্ষ৷ পাছত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সহযোগিতাত মহিলাগৰাকী আৰু নৱজাতকক এখন এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ আৰু তেওঁৰ স্বামীয়ে জৰুৰীকালীন অৱস্থাত সময়ত তৎক্ষণাৎ সঁহাৰি জনোৱা আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে চিআইএছএফ কৰ্মীসকলক ধন্যবাদ জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন