--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক অসাধাৰণ পৰিত্ৰাণকাৰীৰ ৰূপত আত্মপ্ৰকাশ কৰিলে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ এগৰাকী জোৱানে৷ ঔদ্যোগিক সুৰক্ষা বাহিনীৰ তত্ত্বাৱধানত প্ৰসূতিয়ে জন্ম দিবলৈ সক্ষম হয় সন্তান৷ এই ঘটনা সংঘটিত হৈছে দিল্লীৰ আনন্দ বিহাৰ মেট্ৰ' ষ্টেচনত৷ বৃহস্পতিবাৰে সংঘটিত এই ঘটনাই বিভিন্নজনক কৰি তুলিছে আৱেগিক৷ 

উল্লেখ্য যে, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) এগৰাকী মহিলা কনিষ্টবলে বৃহস্পতিবাৰে নতুন দিল্লীৰ আনন্দ বিহাৰ মেট্ৰ' ষ্টেচনৰ প্লেটফৰ্মত এগৰাকী গৰ্ভৱতী মহিলাক সন্তান প্ৰসৱত সহায় কৰে। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ তথ্য অনুসৰি, মহিলা যাত্ৰীগৰাকীয়ে মেট্ৰ' ষ্টেচনৰ প্লেটফৰ্ম-৩ত মেট্ৰ'ৰ বাবে অপেক্ষা কৰি থাকোঁতেই প্ৰসৱ বেদনাত আক্ৰান্ত হৈছিল৷ শ্বিফ্ট ইন-চাৰ্জৰ নিৰ্দেশত, চিআইএছএফৰ কনিষ্টবল অনামিকা কুমাৰীয়ে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক সহায় কৰিবলৈ তৎপৰ হৈ পৰে।

আন মহিলা যাত্ৰীসকলৰ সহায়ত, তেওঁ প্ৰসৱ বেদনাত ভুগি থকা মহিলাগৰাকীক প্লেটফৰ্মতে সন্তান প্ৰসৱ কৰাত সহায় কৰে৷ মহিলাগৰাকীৰ মৰ্যাদা তথা গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত তেওঁৰ নাম লোৱাৰ পৰা বিৰত থাকে সুৰক্ষা বাহিনীটোৰ কৰ্তৃপক্ষ৷ পাছত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সহযোগিতাত মহিলাগৰাকী আৰু নৱজাতকক এখন এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ আৰু তেওঁৰ স্বামীয়ে জৰুৰীকালীন অৱস্থাত সময়ত তৎক্ষণাৎ সঁহাৰি জনোৱা আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে চিআইএছএফ কৰ্মীসকলক ধন্যবাদ জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ