--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছোৱালীৰ বিয়াৰ নূন্যতম বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ ঘোৰ আপত্তি এআইএমআইএম নেতা আছাদুদ্দিন ওৱেইছিৰ। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ওৱেইছিয়ে কয় যে ১৮ বছৰত মানুহ প্ৰাপ্তবয়স্ক হয়। ১৮ বছৰত মানুহে ভোটাধিকাৰ লাভ কৰে। ১৮ বছৰত যদি মানুহে প্ৰধানমন্ত্ৰী বাচনি কৰিব পাৰে তেন্তে জীৱনসংগী কিয় বাচনি কৰিব নোৱাৰিব?

ল'ৰা আৰু ছোৱালীয়ে ১৮ বছৰ বয়সত এজন সাংসদ বিধায়ক বাছনি কৰাৰ স্বাধীনতা লাভ কৰে, গতিকে তেওঁলোকে তেওঁলোকৰ জীৱনসংগী বাচনি লোৱাৰ স্বাধীনতা কিয় নোহোৱা কৰিব লাগে? উল্লেখ্য যে যি সময়ত সকলো মানুহেই কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লৈছে তেনে সময়তে আছাদুদ্দিন ওৱেইছিৱে সম্পূৰ্ণ ওলোটা কথা এটা কৈ দিয়াত বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। একাংশই আছাদুদ্দিন ওৱেইছিৰ এই প্ৰশ্নক গৰিহনাৰ যোগ্য বুলি মন্তব্য কৰিছে।

আছাদুদ্দিন ওৱেইছিৱে লগতে কয় যে যদি সমাজত বাল্য বিবাহ হ্ৰাস পাইছে, তেন্তে এইটো কোনো আইনৰ বাবে নহয়, শিক্ষা আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবেহে সম্ভৱ হৈছে। উল্লেখনীয় কথাটো হল কেবিনেট বৈঠকত ছোৱালীৰ বিবাহৰ নূন্যতম বয়স বৃদ্ধিৰ বাবে এখন বিধেয়ক অনুমোদিত হৈছে। ভাৰতীয় আইন মতে বিবাহপাশত আৱদ্ধ হ’বৰ বাবে ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল’ৰাৰ বয়স ২১ বছৰ হোৱাটো বাধ্যতামূলক। ছোৱালীৰ বিবাহৰ নিম্নতম বয়সৰ সীমা সোনকালেই ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি হ’ব। বিধেয়কখন আইন ৰূপে গৃহীত হলেই ছোৱালীয়ে ২১ বছৰৰ পৰা বিয়াৰ চিন্তা কৰিব পাৰিব। ২১ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হ’লে আইনৰ চকুত দোষী সাব্যস্ত হ’ব।

চৰকাৰে অতি সোনকালে এই নিয়ম কাৰ্যকৰী কৰা বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। যোৱা বছৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত প্ৰদান কৰা এক ভাষণত চৰকাৰৰ এই অভিপ্ৰায়ৰ কথা ব্যক্ত কৰিছিল। বিবাহৰ বয়সৰ সীমা বৃদ্ধি কৰিবলৈ বাল্য বিবাহ আইন সংশোধন কৰা হ’ব। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত বাল্য বিবাহ আইন সংশোধনী বিধেয়কখন অনুমোদিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেবিনেট বৈঠকত সভাপতিত্ব কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীৰ বিবাহৰ বয়সৰ সীমা বৃদ্ধিৰ বিষয়ে বিবেচনা কৰা উচিত।

আৰু পঢ়কঃ স্থগিত ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা! ভাৰতৰ মনসাকে ধৰি ১৭গৰাকী সুন্দৰী কোভিডত আক্ৰান্ত


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক