--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছোৱালীৰ বিয়াৰ নূন্যতম বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ ঘোৰ আপত্তি এআইএমআইএম নেতা আছাদুদ্দিন ওৱেইছিৰ। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ওৱেইছিয়ে কয় যে ১৮ বছৰত মানুহ প্ৰাপ্তবয়স্ক হয়। ১৮ বছৰত মানুহে ভোটাধিকাৰ লাভ কৰে। ১৮ বছৰত যদি মানুহে প্ৰধানমন্ত্ৰী বাচনি কৰিব পাৰে তেন্তে জীৱনসংগী কিয় বাচনি কৰিব নোৱাৰিব?

ল'ৰা আৰু ছোৱালীয়ে ১৮ বছৰ বয়সত এজন সাংসদ বিধায়ক বাছনি কৰাৰ স্বাধীনতা লাভ কৰে, গতিকে তেওঁলোকে তেওঁলোকৰ জীৱনসংগী বাচনি লোৱাৰ স্বাধীনতা কিয় নোহোৱা কৰিব লাগে? উল্লেখ্য যে যি সময়ত সকলো মানুহেই কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লৈছে তেনে সময়তে আছাদুদ্দিন ওৱেইছিৱে সম্পূৰ্ণ ওলোটা কথা এটা কৈ দিয়াত বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। একাংশই আছাদুদ্দিন ওৱেইছিৰ এই প্ৰশ্নক গৰিহনাৰ যোগ্য বুলি মন্তব্য কৰিছে।

আছাদুদ্দিন ওৱেইছিৱে লগতে কয় যে যদি সমাজত বাল্য বিবাহ হ্ৰাস পাইছে, তেন্তে এইটো কোনো আইনৰ বাবে নহয়, শিক্ষা আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবেহে সম্ভৱ হৈছে। উল্লেখনীয় কথাটো হল কেবিনেট বৈঠকত ছোৱালীৰ বিবাহৰ নূন্যতম বয়স বৃদ্ধিৰ বাবে এখন বিধেয়ক অনুমোদিত হৈছে। ভাৰতীয় আইন মতে বিবাহপাশত আৱদ্ধ হ’বৰ বাবে ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল’ৰাৰ বয়স ২১ বছৰ হোৱাটো বাধ্যতামূলক। ছোৱালীৰ বিবাহৰ নিম্নতম বয়সৰ সীমা সোনকালেই ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি হ’ব। বিধেয়কখন আইন ৰূপে গৃহীত হলেই ছোৱালীয়ে ২১ বছৰৰ পৰা বিয়াৰ চিন্তা কৰিব পাৰিব। ২১ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হ’লে আইনৰ চকুত দোষী সাব্যস্ত হ’ব।

চৰকাৰে অতি সোনকালে এই নিয়ম কাৰ্যকৰী কৰা বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। যোৱা বছৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত প্ৰদান কৰা এক ভাষণত চৰকাৰৰ এই অভিপ্ৰায়ৰ কথা ব্যক্ত কৰিছিল। বিবাহৰ বয়সৰ সীমা বৃদ্ধি কৰিবলৈ বাল্য বিবাহ আইন সংশোধন কৰা হ’ব। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত বাল্য বিবাহ আইন সংশোধনী বিধেয়কখন অনুমোদিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেবিনেট বৈঠকত সভাপতিত্ব কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীৰ বিবাহৰ বয়সৰ সীমা বৃদ্ধিৰ বিষয়ে বিবেচনা কৰা উচিত।

আৰু পঢ়কঃ স্থগিত ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা! ভাৰতৰ মনসাকে ধৰি ১৭গৰাকী সুন্দৰী কোভিডত আক্ৰান্ত


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র