--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ভিডৰ প্ৰথম ঢৌক ভাৰত চৰকাৰে সমগ্ৰ পৰিস্থিতিতো নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল যদিও ক’ভিডৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰিলে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ক্ৰিয়াকৰ্ম স্তব্ধ হৈ পৰিছে৷ লগতে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৷ এই মহামাৰী কৱলত পৰি বিশ্বৰ সকলো দেশৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়াৰ দিশলৈ গতি কৰিছে, সেয়া লাগিলে উদ্যোগিক ক্ষেত্ৰতে হওক, কৃষি খণ্ড বা আন অৰ্থনৈতিক ক্ষেত্ৰত সকলোৰে অৱস্থা নাজল-নাথল৷

এইক্ষেত্ৰত ভাৰতৰো অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা৷ বিশেষকৈ ইমান দীঘলীয়া লকডাউনৰ ফলত দৰিদ্ৰ শ্ৰেণীটোৱে কেনেদৰে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰী লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি আমাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিলে চৰকাৰে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও এই যাত্ৰা সুগম নাছিল।। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পাছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নহয়।

অ’মিক্ৰন আৰু কৰ’নাৰ ভয়াৱহতাৰ মাজতে মুদ্ৰাস্ফীতিয়ে ৰাইজক বেয়াকৈ আঘাত কৰিছে। পাইকাৰী সামগ্ৰীৰ মুদ্ৰাস্ফীতিয়ে ১২ বছৰৰ অভিলেখ ভংগ কৰিছে। পাইকাৰী মুদ্ৰাস্ফীতি ১৪.২৩ শতাংশত বৃদ্ধি হৈছে। মুদ্ৰাস্ফীতি একেৰাহে অষ্টম মাহৰ বাবে বাঢ়িছে আৰু যাৰ হাৰ হৈছে ১০ শতাংশৰ ওপৰত। মুদ্ৰাস্ফীতিৰ অবাধ বৃদ্ধিয়ে এতিয়া সাধাৰণ ৰাইজৰ পকেট যে উদং হ’ব সেইটো খাটাং। নতুন বছৰৰ পৰা আপুনি এইসমূহ সামগ্ৰীৰ কৰ দুগুণ হাৰত বহন কৰিব লাগিব-

১) এ.টি.এম. চাৰ্জঃ জানুৱাৰী ২০২২ ৰ পৰা, বেঙ্কৰ গ্ৰাহকসকলে কিছুমান ক্ষেত্ৰত এটিএম লেনদেনৰ বাবে অধিক পৰিমাণে ধন পৰিশোধ কৰিব লাগিব। যদি গ্ৰাহক এজনে বিনামূলীয়া মাহিলী এটিএম লেনদেনৰ সংখ্যা অতিক্ৰম কৰে, গ্ৰাহকে তাৰ বাবে অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) বেংকবোৰক বিনামূলীয়া মাহিলী অনুমোদিত সীমাৰ পিছত নগদ ধন আৰু নগদ নগদ এটিএম লেনদেনৰ বাবে মাচুল বৃদ্ধি কৰিবলৈ অনুমতি দিছে।

২) বৃদ্ধি পাব পেট্ৰল-ডিজেলৰ মূল্যঃ পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ইতিমধ্যে ৰাইজক জুৰুলা কৰিছে৷ নতুন বছৰৰ আৰম্ভণিতে পুনৰ বৃদ্ধি পাব পেট্ৰল-ডিজেলৰ মূল্য৷ এইটো নিশ্চিত যে, পেট্ৰলৰ মূল্য হ্ৰাস হ’ব বুলি ৰাইজে যি আশা পুহি ৰাখিছে সেই আশাত যে চৰকাৰে চেচা পানী ঢালিলে সেইটো খাটাং৷ উল্লেখ্য যে ২০১৪-১৫ বৰ্ষত, পেট্ৰ'ল প্ৰতি লিটাৰত ৬৬ টকা আৰু ডিজেল আছিল প্ৰতি লিটাৰত ৫০ টকা, তাৰ তুলনাত ২০২১ ত পেট্ৰ'লে প্ৰতি লিটাৰত ৯৫ টকা আৰু ডিজেল ৮৬ টকা অতিক্ৰম কৰিছে।

৩) হ্ৰাস পাব ফিক্স ডি’পজিট হাৰঃ হ্ৰাস পাব ফিক্স ডি’পজিটৰ হাৰ৷ এইক্ষেত্ৰত বেংকবোৰে নুন্যতম ধনৰ বিনিময় কৰিব৷ ফিক্স ডি’পজিটৰ হাৰ ৪ শতাংশৰ পৰা ২ শতাংশলৈ হ্ৰাস পাব৷

৪) বৃদ্ধি পাব নিৰ্মাণ খণ্ডৰ সামগ্ৰীৰ মূল্যঃ নিৰ্মাণ খণ্ডত ব্যৱহূত সামগ্ৰীৰ মূল্য এতিয়াৰ তুলনাত দুগুণ বৃদ্ধি পাব৷ ৰডৰ মূল্য প্ৰায় ৩০০ ৰ পৰা ৪০০ টকালৈ বৃদ্ধি পাব লগতে চিমেণ্টৰ মূল্য ৫০ টকা পৰ্যন্ত বৃদ্ধি পাব৷

৫) বস্ত্ৰজাত সামগ্ৰীৰ দাম বৃদ্ধিঃ মোদী চৰকাৰে পোছাক, জোতা আৰু বস্ত্ৰৰ দৰে সমাপ্ত সামগ্ৰীৰ ওপৰত জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) ৫% ৰ পৰা ১২% লৈ বৃদ্ধি কৰিছে, যি ১ জানুৱাৰী, ২০২২ ৰ পৰা কাৰ্যকৰী হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি