--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা ১৯ সংখ্যক পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ব্ৰিজ’ৰ দুটাকৈ দৰ্শনী হয় আৰু দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হয়। ‘ব্ৰিজ’ৰ পৰিচালক কৃপাল কলিতা মহোৎসৱ সমিতিৰ আমন্ত্ৰণ মৰ্মে ইতিমধ্যে পুনেত উপস্থিত হৈছে। পেভেলিয়ন মলৰ পি ভি আৰ ৬ ছবিগৃত ৪ ডিচেম্বৰত প্ৰথমটো দৰ্শনী আৰু একেটা প্ৰেক্ষাগৃহত ৭ দিচেম্বৰত দ্বিতীয়টো দৰ্শনী হৈ যায়। দেশ-বিদেশৰ কেইবাখনো উন্নত মানৰ চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা এই মহোৎসৱত ‘ব্ৰিজ’ দৰ্শকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। আনহাতে ভাৰত চৰকাৰৰ চলচ্চিত্ৰ বিভাগ আৰু মণিপুৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া মণিপুৰী চলচ্চিত্ৰৰ সোণালী জয়ন্তী উপলক্ষে ১১-১৫ ডিচেম্বৰ, ২০২১ত ইম্ফলত অনুষ্ঠিত হ’বলগিয়া ইণ্ডিয়ান পেন’ৰামা ফিল্ম ফেষ্টিভেল, মণিপুৰৰ ইম্ফল চহৰত ১৩ ডিচেম্বৰত প্ৰদৰ্শন হ’ব ‘ব্ৰিজ’।

আগন্তুক ৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তিলাভ কৰিবলগিয়া ‘ব্ৰিজ’ চিনেমাখনে ইতিমধ্যে দেশে-বিদেশে বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে কেইবাটাও বঁটা লাভ কৰিব সক্ষম হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চি (Sochi)ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA). ৰাছিয়ান-ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতাই শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান আৰু চিনেমাখনৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে, ভাৰতৰ পৰা ‘অস্কাৰ’ৰ প্ৰথম দৌৰত ‘ব্ৰিজ’ অৱতীৰ্ণ হৈছিল। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজ’- ছবিখন ইতিমধ্যে ৩৮খনতকৈয়ো অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে।

মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ

৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰস্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ‘ব্ৰীজ’-এ লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গ’ল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, ১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা ‘FIPRESCI’ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ‘ব্ৰীজ’ৰ স্হান লাভ আদি উল্লেখযোগ্য। কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘ব্ৰিজ’ৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই অ’টোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব চিনচিনেটিট লাভ কৰিছে দুটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। পৰিচালক কৃপাল কলিতাই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব চিনচিনেটিট লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ক্ৰিটিক্সৰ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান।


‘ব্ৰিজ’ৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ‘ব্ৰীজ’ৰ সম্পাদনা কিশোৰ ডেকাৰ, প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিনী কুমাৰ ডেকা। কলা-নিৰ্দেশনা দ্বীপেন চুতীয়া। চিংক ছাউণ্ড মাধৱ দাস আৰু গুণজিৎ শৰ্মাৰ। ছাউণ্ড ডিজাইন আৰু মিক্সীং অমৃত প্ৰীতমৰ। ডি আই ৰাজেশ য়াদৱৰ। কলা নিৰ্দেশনা দ্বিপেন চুতীয়া। ‘ব্ৰিজ’ৰ মূল চৰিত্ৰত অভিনয় কৰিছে শিৱাৰানী কলিতাই। আনহাতে অনিন্দিতা দাস, গোপমণি গগৈ, পাৰ্থপ্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, সুৰেন মহন্ত, ৰীনা বৰা, ৰোহিনী কুমাৰ ডেকা, দ্বিপেন চুতীয়া, ধনজিৎ শৰ্মা, শচিন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভঁৰালী আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ ভুমিকাত ছবিখনত অভিনয় কৰিছে। সহকাৰী পৰিচালকদ্বয় প্ৰিয়াঞ্চি কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। আগন্তুক বৰ্ষৰ ৪ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ‘ব্ৰিজ’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?