--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা ১৯ সংখ্যক পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ব্ৰিজ’ৰ দুটাকৈ দৰ্শনী হয় আৰু দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হয়। ‘ব্ৰিজ’ৰ পৰিচালক কৃপাল কলিতা মহোৎসৱ সমিতিৰ আমন্ত্ৰণ মৰ্মে ইতিমধ্যে পুনেত উপস্থিত হৈছে। পেভেলিয়ন মলৰ পি ভি আৰ ৬ ছবিগৃত ৪ ডিচেম্বৰত প্ৰথমটো দৰ্শনী আৰু একেটা প্ৰেক্ষাগৃহত ৭ দিচেম্বৰত দ্বিতীয়টো দৰ্শনী হৈ যায়। দেশ-বিদেশৰ কেইবাখনো উন্নত মানৰ চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা এই মহোৎসৱত ‘ব্ৰিজ’ দৰ্শকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। আনহাতে ভাৰত চৰকাৰৰ চলচ্চিত্ৰ বিভাগ আৰু মণিপুৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া মণিপুৰী চলচ্চিত্ৰৰ সোণালী জয়ন্তী উপলক্ষে ১১-১৫ ডিচেম্বৰ, ২০২১ত ইম্ফলত অনুষ্ঠিত হ’বলগিয়া ইণ্ডিয়ান পেন’ৰামা ফিল্ম ফেষ্টিভেল, মণিপুৰৰ ইম্ফল চহৰত ১৩ ডিচেম্বৰত প্ৰদৰ্শন হ’ব ‘ব্ৰিজ’।

আগন্তুক ৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তিলাভ কৰিবলগিয়া ‘ব্ৰিজ’ চিনেমাখনে ইতিমধ্যে দেশে-বিদেশে বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে কেইবাটাও বঁটা লাভ কৰিব সক্ষম হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চি (Sochi)ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA). ৰাছিয়ান-ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতাই শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান আৰু চিনেমাখনৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে, ভাৰতৰ পৰা ‘অস্কাৰ’ৰ প্ৰথম দৌৰত ‘ব্ৰিজ’ অৱতীৰ্ণ হৈছিল। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ‘ব্ৰীজ’- ছবিখন ইতিমধ্যে ৩৮খনতকৈয়ো অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে।

মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ

৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰস্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ‘ব্ৰীজ’-এ লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গ’ল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, ১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা ‘FIPRESCI’ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ‘ব্ৰীজ’ৰ স্হান লাভ আদি উল্লেখযোগ্য। কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘ব্ৰিজ’ৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই অ’টোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব চিনচিনেটিট লাভ কৰিছে দুটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। পৰিচালক কৃপাল কলিতাই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব চিনচিনেটিট লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ক্ৰিটিক্সৰ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ সন্মান।


‘ব্ৰিজ’ৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ‘ব্ৰীজ’ৰ সম্পাদনা কিশোৰ ডেকাৰ, প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিনী কুমাৰ ডেকা। কলা-নিৰ্দেশনা দ্বীপেন চুতীয়া। চিংক ছাউণ্ড মাধৱ দাস আৰু গুণজিৎ শৰ্মাৰ। ছাউণ্ড ডিজাইন আৰু মিক্সীং অমৃত প্ৰীতমৰ। ডি আই ৰাজেশ য়াদৱৰ। কলা নিৰ্দেশনা দ্বিপেন চুতীয়া। ‘ব্ৰিজ’ৰ মূল চৰিত্ৰত অভিনয় কৰিছে শিৱাৰানী কলিতাই। আনহাতে অনিন্দিতা দাস, গোপমণি গগৈ, পাৰ্থপ্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, সুৰেন মহন্ত, ৰীনা বৰা, ৰোহিনী কুমাৰ ডেকা, দ্বিপেন চুতীয়া, ধনজিৎ শৰ্মা, শচিন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভঁৰালী আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ ভুমিকাত ছবিখনত অভিনয় কৰিছে। সহকাৰী পৰিচালকদ্বয় প্ৰিয়াঞ্চি কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। আগন্তুক বৰ্ষৰ ৪ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ‘ব্ৰিজ’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ