--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰজনজনাই আছে ৰাজস্থান। বিকী-কেটৰিনাৰ ৰাজকীয় বিয়াত দৃষ্টি নিবদ্ধ সমগ্ৰ বলীউড জগতৰ। বহুদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই আৰম্ভ হৈছে বিয়াৰ ৰাজকীয় আয়োজন। সংবাদ মাধ্যমকে আদি কৰি অতিথিৰ মোবাইল ফোনো নিষিদ্ধ বিয়াখনত। কোনেও ৰাজহুৱা কৰিব নোৱাৰিব বিয়াৰ ফটো। এই আজব এছঅ’পিৰ আঁৰৰ ৰহস্য ভেদ হৈছে। এক আগশাৰীৰ অ’টিটি প্লেটফৰ্মক বিকী-কেটৰিনাৰ বিয়া সম্প্ৰচাৰৰ স্বত্ব বিক্ৰী কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

মঙলবাৰৰ পৰা ৰাজস্থানৰ ছিক্স ছেনছেছ ফ’ৰ্টত আৰম্ভ হৈছে বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিবাহ অনুষ্ঠান। ফটো লোৱা নিষেধ, ছিক্ৰেট ক’ডেৰে প্ৰৱেশ… কিমান যে কি এছঅ’পি! বিয়া নহয় যেন ছিক্ৰেট মিছনহে! বিকী-কেটৰিনাৰ বিয়াক লৈ কত কিমান যে গুজব! বিয়াৰ নিষেধাজ্ঞাক লৈ চলিছিল বু বু-বা বা। পিছে এতিয়াহে ওলাল ওৰহি গছৰ ওৰ! দেশৰ আগশাৰীৰ অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইমক বিকী-কেটৰিনাৰ বিয়াৰ সম্প্ৰচাৰৰ স্বত্ব বিক্ৰী কৰা বুলি এক সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৮০ কোটি টকাৰ বিনিময়ত এমাজন প্ৰাইমক বিক্ৰী কৰা হৈছে বিয়াখন সম্প্ৰচাৰৰ স্বত্ব। বিশাল ধনৰাশীৰ বিনিময়ত কৰা চুক্তিৰ বাবেই বিকী-কেটৰ বিয়াৰ অতিথিয়ে মানিবলগা হৈছে কেতবোৰ নিষেধাজ্ঞা।

বন্ধুত্বৰ পৰা প্ৰেমৰ সম্পৰ্কলৈকে সকলো সামৰি ল’ব অ’টিটি প্লেটফৰ্মত সম্প্ৰচাৰ হ’বলগা বিয়াখনৰ ছিৰিজে। ২০২২ৰ প্ৰথম ভাগতে বিকী-কেটৰ বিয়াৰ ভিডিঅ’ ডিজিটেল প্লেটফৰ্মত ওলাব বুলি তথ্য প্ৰকাশ পাইছে। উল্লেখ্য যে, বিয়াখনৰ নিমন্ত্ৰিত অতিথিসকলক সম্পূৰ্ণ গোপনীয়তা মানিবলৈ আৰু কোনোধৰণৰ ফটো প্ৰকাশ নকৰিবলৈ অনুৰোধ জনোৱা হৈছিল। অতিথিসকললৈ প্ৰেৰণ কৰা এক বাৰ্তাত উল্লেখ আছে, ‘আমি আপোনালোকক মোবাইল ফোনবোৰ নিজৰ নিজৰ কোঠাত থৈ আহিবলৈ আৰু অনুষ্ঠানৰ কোনোধৰণৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ নকৰিবলৈ অনুৰোধ জনালো’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ