--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰজনজনাই আছে ৰাজস্থান। বিকী-কেটৰিনাৰ ৰাজকীয় বিয়াত দৃষ্টি নিবদ্ধ সমগ্ৰ বলীউড জগতৰ। বহুদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই আৰম্ভ হৈছে বিয়াৰ ৰাজকীয় আয়োজন। সংবাদ মাধ্যমকে আদি কৰি অতিথিৰ মোবাইল ফোনো নিষিদ্ধ বিয়াখনত। কোনেও ৰাজহুৱা কৰিব নোৱাৰিব বিয়াৰ ফটো। এই আজব এছঅ’পিৰ আঁৰৰ ৰহস্য ভেদ হৈছে। এক আগশাৰীৰ অ’টিটি প্লেটফৰ্মক বিকী-কেটৰিনাৰ বিয়া সম্প্ৰচাৰৰ স্বত্ব বিক্ৰী কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

মঙলবাৰৰ পৰা ৰাজস্থানৰ ছিক্স ছেনছেছ ফ’ৰ্টত আৰম্ভ হৈছে বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিবাহ অনুষ্ঠান। ফটো লোৱা নিষেধ, ছিক্ৰেট ক’ডেৰে প্ৰৱেশ… কিমান যে কি এছঅ’পি! বিয়া নহয় যেন ছিক্ৰেট মিছনহে! বিকী-কেটৰিনাৰ বিয়াক লৈ কত কিমান যে গুজব! বিয়াৰ নিষেধাজ্ঞাক লৈ চলিছিল বু বু-বা বা। পিছে এতিয়াহে ওলাল ওৰহি গছৰ ওৰ! দেশৰ আগশাৰীৰ অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইমক বিকী-কেটৰিনাৰ বিয়াৰ সম্প্ৰচাৰৰ স্বত্ব বিক্ৰী কৰা বুলি এক সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৮০ কোটি টকাৰ বিনিময়ত এমাজন প্ৰাইমক বিক্ৰী কৰা হৈছে বিয়াখন সম্প্ৰচাৰৰ স্বত্ব। বিশাল ধনৰাশীৰ বিনিময়ত কৰা চুক্তিৰ বাবেই বিকী-কেটৰ বিয়াৰ অতিথিয়ে মানিবলগা হৈছে কেতবোৰ নিষেধাজ্ঞা।

বন্ধুত্বৰ পৰা প্ৰেমৰ সম্পৰ্কলৈকে সকলো সামৰি ল’ব অ’টিটি প্লেটফৰ্মত সম্প্ৰচাৰ হ’বলগা বিয়াখনৰ ছিৰিজে। ২০২২ৰ প্ৰথম ভাগতে বিকী-কেটৰ বিয়াৰ ভিডিঅ’ ডিজিটেল প্লেটফৰ্মত ওলাব বুলি তথ্য প্ৰকাশ পাইছে। উল্লেখ্য যে, বিয়াখনৰ নিমন্ত্ৰিত অতিথিসকলক সম্পূৰ্ণ গোপনীয়তা মানিবলৈ আৰু কোনোধৰণৰ ফটো প্ৰকাশ নকৰিবলৈ অনুৰোধ জনোৱা হৈছিল। অতিথিসকললৈ প্ৰেৰণ কৰা এক বাৰ্তাত উল্লেখ আছে, ‘আমি আপোনালোকক মোবাইল ফোনবোৰ নিজৰ নিজৰ কোঠাত থৈ আহিবলৈ আৰু অনুষ্ঠানৰ কোনোধৰণৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ নকৰিবলৈ অনুৰোধ জনালো’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু