--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৈ থাকিলে যেন ওৰকে নপৰে বিকী-কেটৰিনাৰ কথা৷ বিকী-কেটৰ বিয়াৰ দিন ওচৰ চাপি অহাৰ লগে-লগে নতুন নতুন খবৰে গৰম কৰি ৰাখিছে অনুৰাগীসকলক৷ বিয়াখনক লৈ ভিন্ন বিষয়ত খেলি-মেলি। হৈ গ’লেই ৰক্ষা! এতিয়া যেন এনেকুৱাই অনুভৱ বহুতৰ বাবে। বিয়াকেন্দ্ৰিক চিন্তাই টোপনি হৰিছে ৰাজস্থান প্ৰশাসনৰ। পিছে অত্যধিক সুৰক্ষা বিচাৰি বিপদতহে পৰিল বলীউড যুটিটো। বিয়াৰ প্ৰাকক্ষণত বিকি-কেটৰিনাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

বলীউডত এতিয়া চিনেমাতকৈয়ো যেন অধিক চৰ্চিত বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াৰ কথা। সংবাদমাধ্যমৰ পৰা আঁতৰি ফুৰা বিকী-কেটে সংগোপনে পাতিব বিচাৰিছে বিয়া। ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ ছিক্স ছেনছেছ ফ’ৰ্ট বাৰৱাৰাত অনুষ্ঠিত হ’বলগীয়া বিয়াখনৰ সুৰক্ষাক লৈ ভীষণ ব্যস্ত জিলা প্ৰশাসন। পানী নসৰকা সুৰক্ষা বিচাৰি বিপদহে চপাই লৈছে বিকী-কেটৰিনাই। ৰাজস্থানৰ এগৰাকী উকীলে বিকী আৰু কেটৰিনাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছে। অভিযোগনামাত বিকী-কেটৰিনাৰ বিবাহস্থলী ছিক্স ছেনছেছ ফ’ৰ্টৰ নামো উল্লেখ আছে। উকীলগৰাকীয়ে দাখিল কৰা অভিযোগ অনুসৰি বিকী-কেটৰ বিয়াৰ বাবে ৬ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰ পৰ্যন্ত চৌথ মাতা মন্দিৰলৈ যোৱা পথ বন্ধ কৰি ৰখা হৈছে।

ভিভিআইপিৰ পথ মসৃণ কৰাৰ বাবে সদায়েই দুৰ্ভোগ ভুগি আহিছে ভাৰতৰ সাধাৰণ জনতাই। এখন বিয়াৰ বাবে সাধাৰণ ৰাইজে যাতনা ভোগাটো কিমান সমিচীন?


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু