--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৈ থাকিলে যেন ওৰকে নপৰে বিকী-কেটৰিনাৰ কথা৷ বিকী-কেটৰ বিয়াৰ দিন ওচৰ চাপি অহাৰ লগে-লগে নতুন নতুন খবৰে গৰম কৰি ৰাখিছে অনুৰাগীসকলক৷ বিয়াখনক লৈ ভিন্ন বিষয়ত খেলি-মেলি। হৈ গ’লেই ৰক্ষা! এতিয়া যেন এনেকুৱাই অনুভৱ বহুতৰ বাবে। বিয়াকেন্দ্ৰিক চিন্তাই টোপনি হৰিছে ৰাজস্থান প্ৰশাসনৰ। পিছে অত্যধিক সুৰক্ষা বিচাৰি বিপদতহে পৰিল বলীউড যুটিটো। বিয়াৰ প্ৰাকক্ষণত বিকি-কেটৰিনাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

বলীউডত এতিয়া চিনেমাতকৈয়ো যেন অধিক চৰ্চিত বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াৰ কথা। সংবাদমাধ্যমৰ পৰা আঁতৰি ফুৰা বিকী-কেটে সংগোপনে পাতিব বিচাৰিছে বিয়া। ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ ছিক্স ছেনছেছ ফ’ৰ্ট বাৰৱাৰাত অনুষ্ঠিত হ’বলগীয়া বিয়াখনৰ সুৰক্ষাক লৈ ভীষণ ব্যস্ত জিলা প্ৰশাসন। পানী নসৰকা সুৰক্ষা বিচাৰি বিপদহে চপাই লৈছে বিকী-কেটৰিনাই। ৰাজস্থানৰ এগৰাকী উকীলে বিকী আৰু কেটৰিনাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছে। অভিযোগনামাত বিকী-কেটৰিনাৰ বিবাহস্থলী ছিক্স ছেনছেছ ফ’ৰ্টৰ নামো উল্লেখ আছে। উকীলগৰাকীয়ে দাখিল কৰা অভিযোগ অনুসৰি বিকী-কেটৰ বিয়াৰ বাবে ৬ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰ পৰ্যন্ত চৌথ মাতা মন্দিৰলৈ যোৱা পথ বন্ধ কৰি ৰখা হৈছে।

ভিভিআইপিৰ পথ মসৃণ কৰাৰ বাবে সদায়েই দুৰ্ভোগ ভুগি আহিছে ভাৰতৰ সাধাৰণ জনতাই। এখন বিয়াৰ বাবে সাধাৰণ ৰাইজে যাতনা ভোগাটো কিমান সমিচীন?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ