--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০ বছৰ পূৰ্বে মুম্বাইৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী মহিলাক এতিয়া পাকিস্তানত উদ্ধাৰ হৈছে। প্ৰায় দুটা দশকৰ আগতে হামিদা বানো নামৰ উক্ত মহিলাগৰাকীয়ে কৰ্মসূত্ৰে ঘৰ এৰি বিদেশ ভ্ৰমণ কৰিছিল - কিন্তু এজন ট্ৰেভেল এজেণ্টে তেওঁক প্ৰতাৰণা কৰি জীৱনৰ গতিপথ সলনি কৰি দিছিল। হাউচ মেইড হিচাপে চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া ডুবাইৰ সলনি বানোক পাকিস্তানলৈ লৈ যোৱা হ’ল।

৭০ বছৰীয়া মহিলাগৰাকীয়ে কয় যে তেওঁ জীৱনৰ শেষৰ কেইবছৰমান পাকিস্তানৰ হায়দৰাবাদত কটায়, য’ত শেহতীয়াকৈ এগৰাকী কৰ্মীয়ে তেওঁক বিচাৰি উলিয়াইছে আৰু তেওঁৰ কাহিনী ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

ৱালিউল্লাহ মাৰুফে হামিদা বানোৰ কাহিনীৰ নথিভুক্ত কৰিছিল এটা ইউটিউব ভিডিঅ’ত। ক্লিপটোত বানোৱে কয় যে তেওঁক পাকিস্তানলৈ লৈ যোৱা এজেণ্টে তেওঁক ২০ হাজাৰ টকাৰ পৰা প্ৰতাৰণা কৰিছিল। মাক-দেউতাকৰ নাম, মুম্বাইৰ কুৰলাত থকা ঘৰৰ ঠিকনাৰ লগতে ভাই-ভনী, পুত্ৰ-কন্যাৰ নাম তেওঁৰ মনত পৰিল।

পৰিয়ালটোৱে জনোৱা মতে, বানোৱে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এখন প্ৰধান চহৰ হায়দৰাবাদত থাকিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পাছত স্থানীয় এজন লোকক বিয়া হয়, কিন্তু পাছত স্বামীৰ মৃত্যু হয়। বানৰ কাহিনী জানি ঘৰলৈ উভতি যাবলৈৱালিউল্লাহ মাৰুফে তেওঁৰ ভিডিঅ’টো তেওঁৰ ইউটিউব চেনেলত আপলোড কৰি মুম্বাইত তেওঁক সহায় কৰিব পৰা এজন সমাজকৰ্মী বিচাৰিলে, আৰু অৱশেষত খাফ্লান শ্বেখ নামৰ এজন লোকক বিচাৰি পালে। ইয়াৰ পাছতে শ্বেইখে ভিডিঅ’টো তেওঁৰ স্থানীয় গোটলৈ প্ৰচাৰ কৰে আৰু কুৰ্লাৰ কছাইৱাদা অঞ্চলত বাস কৰা বানোৰ কন্যা ইয়াছমিন বাছিৰ শেইখৰ সন্ধান উলিয়ায়।

ইয়াছমিনে কয়, “এজন এজেণ্টৰ জৰিয়তে মোৰ মাক ২০০২ চনত কামৰ বাবে ডুবাইলৈ যোৱাৰ কথা আছিল।অৱশ্যে এজেণ্টৰ গাফিলতিৰ বাবে তেওঁ পাকিস্তানলৈ গৈছিল, আমি তেওঁৰ অৱস্থানৰ বিষয়ে অজ্ঞাত আছিলোঁ।" 

 ইয়াছমিনে কয়, "আমি সুখী যে আমাৰ মাতৃ জীয়াই আছে আৰু সুৰক্ষিত। এতিয়া আমি বিচাৰো যে ভাৰত চৰকাৰে তেওঁক ঘূৰাই অনাত আমাক সহায় কৰে।"

গতিকে আকৌ এবাৰ প্ৰমাণিত হৈছে যে যদি সঠিকভাৱে ব্যৱহাৰ কৰা হয় তেন্তে ছ’চিয়েল মিডিয়া মানৱ জাতিৰ বাবে আশীৰ্বাদতকৈ কম নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি