--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই পুনৰবাৰ শিৰোনাম দখল কৰিছে। এইবাৰ কোনো বক্তব্য নহয় বৰঞ্চ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত ট্ৰেণ্ডিং লিষ্টত এইবাৰ বেগ। তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁৰ বেগটো লুকুৱাই ৰখা দেখা গৈছিল।মহুৱাই যিটো বেগ লুকুৱাই ৰখা দেখা গৈছে সেয়া বিদেশী কোম্পানী লুই ভিটনৰ।

লোকসভাত টিএমচিৰ সাংসদ কাকোলী ঘোষ দস্তিদাৰৰ ওচৰত বহি আছিল মহুৱা মৈত্ৰ। সাংসদ কাকোলী ঘোষে নিজৰ ভাষণত মুদ্ৰাস্ফীতিৰ বিষয়টো উত্থাপন কৰাৰ লগে লগে মহুৱা মৈত্ৰই বেগটো লুকুৱাই ৰখা দেখা গ’ল। অলপ পাছতে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। য'ত ৰাইজে মোহুৱাৰ এই দামী  বেগটো ৰখাক লৈ নেতিবাচক প্ৰতিক্ৰিয়া পাইছে।

ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা সন্দৰ্ভত মাহুৱাই ট্ৰ’লাৰসকলক উত্তৰ দিওঁতে টুইটাৰত এই বেগটোৰ সৈতে তেওঁৰ আৰু বহুতো ছবিৰ এটা কোলাজ পোষ্ট কৰে। য’ত মহুৱাক বেগটো লৈ থকা বহুবাৰ দেখা গৈছিল। এনে দামী বেগ কিনিবলৈ টকা ক’ৰ পৰা পায় বুলিও একাংশই প্ৰশ্ন কৰে। সেই সমালোচনাৰ প্ৰতি সঁহাৰি জনাই মহুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঠাট্টা কৰি টুইট কৰে। কৃষ্ণনগৰ সাংসদৰ সঁহাৰি যে প্ৰধানমন্ত্ৰীৰ টকাৰে বেগটো কিনিলে 

মহুৱাই টুইটাৰত লিখিছে, "মোদীজীয়ে ১০ লাখ টকাত বিক্ৰী কৰা  চ্যুটজোৰৰ পৰা তেওঁ মোলৈ অলপ টকা পঠাইছিল আৰু সেই টকাৰেই হেণ্ডবেগ এটা কিনিলোঁ। বাকীখিনি মই উকীলৰ মাচুল দিবলৈ ব্যৱহাৰ কৰিলোঁ।'

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে চিবিআই আৰু ইডিৰ পৰিচালকৰ কাৰ্যকাল বৃদ্ধি কৰা কেন্দ্ৰীয় অধ্যাদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰৰ সন্দৰ্ভত কেন্দ্ৰলৈ জাননী জাৰি কৰিছে। এই গোচৰটো দাখিল কৰিছিল মহুৱাই। মহুৱাই এক টুইটযোগে কয় যে উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ আবেদন গ্ৰহণ কৰি ১০ দিনৰ ভিতৰত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছে। এটা টুইটাৰ হেণ্ডেলৰ পৰা সোধা হৈছিল, উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিবলৈ মহুৱাই টকা ক’ৰ পৰা পালে? বিষয়টোৰ তদন্ত হ’ব লাগে বুলিও দাবী কৰা হৈছে৷ মহুৱাই এই টুইটটো ৰিটুইট কৰি কটুভাৱে উল্লেখ কৰিছে তেওঁৰ উপাৰ্জনৰ উৎসৰ বিষয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ