--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কিছু দিনৰ পৰা ভাৰতৰ সামাজিক ব্যৱস্থাটো কিছু অস্থিৰ হোৱা পৰিলক্ষিত হৈছে। সংবিধান অনুসৰি ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও বৰ্তমান ভাৰতত বিয়পি পৰিছে ধৰ্মীয় অসহিষ্ণুতা৷ প্ৰতিটো ধৰ্মৰ লোকে আনটো ধৰ্মৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত ব্যস্ত হৈ পৰিছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক তথ্যই উন্মোচিত  কৰিছে ভাৰতৰ প্ৰকৃত ছবিখন৷ 

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২০১৮ চনৰ পৰা ২০২০ চনলৈকে সৰ্বমুঠ ৪,৭৯৪গৰাকী লোক ধৰ্মীয় সম্প্ৰদায়সমূহৰ মাজত ঘৃণা বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ হৈছে৷ 

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)য়ে ২০১৭ চনৰ পৰা ২০২২ চনৰ জুলাই মাহলৈকে এনেধৰণৰ ১৭ টা গোচৰ ৰুজু কৰিছে৷ তৃণমূল কংগ্ৰেছৰ সাংসদ মিমি চক্ৰৱৰ্তীয়ে লোকসভাত এই সম্পৰ্কে এক  অনুসন্ধানৰ দাবী কৰিছিল আৰু মঙ্গলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মন্ত্ৰী নিত্যানন্দ ৰায়ে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ (NCRB) তথ্যসমূহ দাখিল কৰে৷ 

মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, দেশৰ বিভিন্ন প্ৰান্তত সৰ্বমুঠ ১,৭৬৩গৰাকী লোক ধৰ্মীয় উন্মাদনা সৃষ্টি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে। একেসময়তে মুঠ  ১,৩১৫গৰাকী লোক ২০১৯ চনত আৰু ১,৭১৬গৰাকী লোক ২০১৮ চনত গ্ৰেপ্তাৰ হৈছে৷ 

ভাৰতবৰ্ষৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰৰ হাৰ সৰ্বাধিক৷ উত্তৰ প্ৰদেশত ৬২৮গৰাকী, তামিলনাডুত ৬১৩গৰাকী আৰু কেৰালাত ৫৫২গৰাকী লোক যোৱা তিনিবছৰত গ্ৰেপ্তাৰ হৈছে৷

অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত গ্ৰেপ্তাৰৰ হাৰ তুলনামূলকভাৱে কম৷ মন্ত্ৰী নিত্যানন্দ ৰায়ৰ মতে অসমত ৩৫১টা এনে গোচৰ ৰুজু হৈছে৷ জম্মু আৰু কাশ্মীৰত ৩৪গৰাকী, আনহাতে দেশৰ ৰাজধানী দিল্লীত ৩১গৰাকী লোক গ্ৰেপ্তাৰ হৈছে৷ 

ইয়াৰোপৰি ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থায়ে ১৭টা গোচৰ ধৰ্মীয় মৰ্যাদা হানি কৰাৰ অপৰাধত ৰুজু কৰিছে৷ 

বেছিভাগ ৰুজু হোৱা গোচৰেই সন্ত্ৰাসবাদৰ সৈতেও  জড়িত বুলি ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এজন বিষয়াই এক চিন্তনীয় মন্তব্য কৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আপোনাৰ ঘৰৰ চুইচ বৰ্ডবোৰ লেতেৰা হৈছে নেকি ? তেন্তে অনুসৰণ কৰক এই উপায়
কলিয়াবৰত বহু চৰ্চিত এটি ভিডিঅ' ক্লিপ ; এজন যুৱকক পৰিকল্পিত ভাবে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ
২৩ জুলাইৰ পৰা ডুৰাণ্ড কাপ
ব্ৰহ্মপুত্ৰত নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ
আমেৰিকাত গ্ৰেপ্তাৰ নীৰৱ মোদীৰ ভাতৃ নেহাল, PNB কেলেংকাৰীত আছিল হাত
কোনে হত্যা কৰিলে উদ্যোগপতি গোপাল খেমকাক ? পুত্ৰৰ দৰে একেই কায়দাত ৬ বছৰৰ পাছত হত্যা কৰা হ’ল উদ্যোগপতি পিতৃকো