--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক:বিগত তিনিটা দিন ধৰি চলিছিল বলিউড তাৰকা ছনু সুদৰ ঘৰত আয়কৰ বিভাগৰ তালাচী।আৰু ইয়াৰ পিছতেই কালি আয়কৰ বিভাগে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য।এই তথ্য অনুসৰি ছনু সুদ জড়িত আছে প্ৰায় ২০ কোটি টকাৰ কৰ ফাঁকিৰ কেলেংকাৰিত।লগতে নিজৰ স্বেচ্ছাসেৱী সংগঠনৰ নামত বিদেশী দাতাৰ পৰা কোটি কোটি টকা আইনবিৰুদ্ধভাৱে অভিনেতাজনে লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।স্বাভাৱিকতে ক’ভিদকালীন পৰিস্থিতিত লাখ লাখ দুৰ্ভগীয়া লোকৰ ত্ৰাণকৰ্তা হৈ পৰ ছনু সুদৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে আজি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।


এইক্ষেত্ৰত অভিনেতাগৰাকী ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে বুলিও আন একাংশই অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ ছনু সুদক ‘দেশ কা মেণ্টৰ’ প্ৰকল্পৰ এম্বেছেদৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছতেই অভিনেতাগৰাকীয়ে আম পাৰ্টিত যোগদান কৰিব বুলি চৰ্চা চলিছিল। অৱশ্যেই অভিনেতাজনে তেনে কোনো সিদ্ধান্তৰ সম্ভাৱনীয়তাৰ কথা নাকচ কৰি কৈছিল যে তেওঁ কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা ভবা নাই।

যি নহওঁক, বহুতেই অভিযোগ কৰিছে যে অৰবিন্দ কেজৰিৱালৰ সৈতে সুদৰ ঘনিষ্ঠতা বঢ়াৰ পিছতেই আয়কৰ বিভাগৰ তদন্তকাৰী দল গৈ উপস্থিত হৈছে তেওঁৰ ঘৰত!এই কথাত তেওঁলোকে ৰহস্যৰ গোন্ধ পাইছে।সেইবাবেই সুদৰ শুভাকাংক্ষী আৰু অনুৰাগী মহলে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক আক্ৰোশৰ ফল বুলি মন্তব্য কৰিছে। যি নহওঁক, অভিনেতাগৰাকীৰ সঁচাকৈয়ে মুখা খোল খালে নে তেওঁ বলি হৈছে ৰাজনৈতিক আক্ৰোশৰ সেয়া জানিবলৈ আমি অপেক্ষা কৰিব লাগিব আৰু কিছু সময়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ