--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বিতৰ্কত মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ আমেৰিকান দূৰদৰ্শনৰ এটা ৰিয়েলিটী শ্ব'ট বিচাৰক হিচাপে অংশগ্ৰহণ কৰিব বিচাৰিছিল। প্ৰিয়ংকাই ‘দ্য এক্টিভিষ্ট’ নামৰ ৰিয়েলিটী শ্ব'টোত এক নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। পৰৱৰ্তি সময়ত দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে তাৰকা অভিনেত্ৰীগৰাকীয়ে। এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে প্ৰিয়ংকাই কয়, ‘মই বিগত সপ্তাহৰ পৰা আপোনালোকৰ প্ৰতিবাদ শুনি আছো।

সেয়ে মই শ্ব'টোৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছো। অনুষ্ঠানটোত বিভিন্ন বিষয় ভুলকৈ আলোকপাত কৰা হৈছে। মই ইয়াত অংশগ্ৰহণ কৰি আপোনালোকক আঘাত দিয়াৰ বাবে দুঃখিত।’ প্ৰিয়ংকাৰ পাছত নিৰ্মাতাসকলেও ৰিয়েলিটী শ্ব'টোৰ নিৰ্মাণ গাঁথনিৰ বাবে ক্ষমা বিচাৰে। উল্লেখ্য যে, ৰিয়েলিটী শ্ব'টো ঘোষণা হোৱাৰ পাছতে বিভিন্ন নেতিবাচক মন্তব্যৰ সূত্ৰপাত হোৱা দেখা গৈছিল।


আগন্তুক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য স্বাস্থ্য, শিক্ষা আৰু পাৰিপাৰ্শ্বিক বিষয়ৰ আওতাত এই ৰিয়েলিটী শ্ব'টোৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানটোৰ প্ৰতি মানুহৰ নেতিবাচক মনোভাৱৰ কাৰণ আছিল স্বাস্থ্য, শিক্ষা আৰু পৰিৱেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ ইজনে সিজনৰ বিৰুদ্ধে অনা আৰু গুৰুত্বপূৰ্ণ গোলকীয় বিষয়বোৰ অসংবেদনশীলভাবে ৰিয়েলিটী শ্ব'টোত উপস্থাপন কৰা। জানিবলৈ পোৱা মতে, ৰিয়েলিটী শ্ব'টোৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে। এতিয়া এই ৰিয়েলিটি শ্ব'টোক এখন তথ্যচিত্ৰলৈ ৰূপান্তৰ কৰা হ'ব বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ