--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ বিভিন্ন পেথল’জিকেল টেষ্টৰ নামত সংগ্ৰহ কৰি থকা মাচুল সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৰোগীসকলৰ বাবে এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে।

ডিজিটেল ডেস্ক :অসমৰ বিভিন্ন পেথল’জিকেল টেষ্টৰ নামত সংগ্ৰহ কৰি থকা মাচুল সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৰোগীসকলৰ বাবে এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে।


উন্নত চিকিৎসা লাভৰ বাবে ৰোগীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল বা ৰাজ্যৰ আন চৰকাৰী চিকিৎসালয়সমূহৰ কাষ চাপে যদিও জৰুৰীকালীন সময়ত ততাতৈয়াকৈ ৰোগ পৰীক্ষাৰ ফলাফল পাবলৈ তেওঁলোকে ব্যক্তিগত ডায়েগ্নষ্টিক কেন্দ্ৰ বা লেবৰেটৰীসমূহলৈ যাবলগীয়া হয় আৰু সেই কেন্দ্ৰসমূহত মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ এই ৰোগীসকলৰ পৰা ৰোগ নিৰ্ণয়ৰ পৰীক্ষাৰ নামত আদায় কৰা আকাশলংঘী মাচুলে পৰিয়ালসমূহক যথেষ্ট জুৰুলা কৰে।


তুলনামূলকভাৱে এই পৰীক্ষাসমূহৰ মাচুল চৰকাৰী মাচুলতকৈ বহুগুণে বেছি তথা প্রতিটো ব্যক্তিগত চেণ্টাৰতেই মাচুলৰ যথেষ্ট তাৰতম্য দেখিবলৈ পোৱা যায়। সাধাৰণ বা নিয়মীয়া পৰীক্ষাসমূহৰ পৰা আৰম্ভ কৰি বিশেষ বা নিৰুদ্দিষ্ট ৰোগৰ পৰীক্ষালৈকে প্রতিটোতে এই কেন্দ্রসমূহে ৰোগীসকলক ব্যাপক লুণ্ঠনৰাজ চলাই আহিছে আৰু এই প্রক্রিয়া দশক দশক ধৰি অব্যাহত আছে।


চৰকাৰী চিকিৎসালয়ত এই মাচুল তেনেই সামান্য যদিও ৰোগীৰ যথেষ্ট ভিৰ আৰু দূৰণিবটীয়া যাত্ৰা কৰা ৰোগীসকলে বাধ্যত পৰি এই কেন্দ্ৰসমূহত মাত্ৰাধিক মাচুল পৰিশোধ কৰিও পৰীক্ষাসমূহ কৰাই থাকিবলৈ বাধ্য হৈ আহিছে। স্বাস্থ্য সুবিধা প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰ আৰু সেই অধিকাৰক মুনাফালোভী একাংশ ব্যক্তিগত চিকিৎসা খণ্ডৰ ব্যাৱসায়িক মনোবৃত্তিৰ ব্যক্তিয়ে মুকলিকৈ খৰ্ব কৰি আহিছে।


সেইবাবে অসম চেম্বাৰছ অব কমার্চে ৰাইজৰ সহযোগত ৰাজ্যৰ ব্যক্তিগত লেবৰেটৰীসমূহত পেথল’জিকেল পৰীক্ষাৰ মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি চৰকাৰী চিকিৎসালয়ৰ মাচুলৰ সমপৰিমাণৰ মাচুলহে ল'ব পৰাকৈ এখন বিশেষ আইন প্রণয়নৰ ব্যৱস্থা কৰি জনতাৰ মূৰৰ ঘাম মাটিত পেলাই অৰ্জা গাঁঠিৰ ধন পানীৰ দৰে বোৱাবলৈ বাধ্য কৰোৱা ব্যক্তিগত পৰীক্ষাগাৰ বা কেন্দ্ৰক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ লগতে নিয়মীয়া পৰ্যবেক্ষণৰ জৰিয়ত ৰোগীসকলৰ শোষণ নোহোৱাটো সুনিশ্চিত কৰাৰ ব্যৱস্থা ল'বলৈকো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক স্মাৰক-পত্ৰ প্ৰদানৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আৰু ইয়াৰ বাবে ইতিমধ্যে ডিজিটেল গণস্বাক্ষৰৰো আজি শুভাৰম্ভ কৰা হয়।


নিম্নোলিখিত লিংকটোত ক্লিক কৰি বা স্কেনাৰৰ ব্যৱহাৰ কৰি ৰাইজক এই অভিযানৰ অংশ হ'বলৈ অসম চেম্বাৰছ অব্ কমার্চে আহ্বান জনাইছে। জনস্বাস্থ্য আৰু জনকল্যাণৰ স্বাৰ্থত এই বিষয়টোত অতি শীঘ্রে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্রহণ কৰিব বুলি অসম চেম্বার্চ অব্ কমার্চ আশাবাদী। গণস্বাক্ষৰ অভিযানৰ স্কেনাৰ আৰু লিংকঃ

https://www.change.org/p/petition-for-regulation-of-pathological-rates-in-private-laboratories-in-assam


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ