--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ বিভিন্ন পেথল’জিকেল টেষ্টৰ নামত সংগ্ৰহ কৰি থকা মাচুল সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৰোগীসকলৰ বাবে এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে।

ডিজিটেল ডেস্ক :অসমৰ বিভিন্ন পেথল’জিকেল টেষ্টৰ নামত সংগ্ৰহ কৰি থকা মাচুল সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৰোগীসকলৰ বাবে এটা ডাঙৰ সমস্যাৰূপে দেখা দিছে।


উন্নত চিকিৎসা লাভৰ বাবে ৰোগীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল বা ৰাজ্যৰ আন চৰকাৰী চিকিৎসালয়সমূহৰ কাষ চাপে যদিও জৰুৰীকালীন সময়ত ততাতৈয়াকৈ ৰোগ পৰীক্ষাৰ ফলাফল পাবলৈ তেওঁলোকে ব্যক্তিগত ডায়েগ্নষ্টিক কেন্দ্ৰ বা লেবৰেটৰীসমূহলৈ যাবলগীয়া হয় আৰু সেই কেন্দ্ৰসমূহত মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ এই ৰোগীসকলৰ পৰা ৰোগ নিৰ্ণয়ৰ পৰীক্ষাৰ নামত আদায় কৰা আকাশলংঘী মাচুলে পৰিয়ালসমূহক যথেষ্ট জুৰুলা কৰে।


তুলনামূলকভাৱে এই পৰীক্ষাসমূহৰ মাচুল চৰকাৰী মাচুলতকৈ বহুগুণে বেছি তথা প্রতিটো ব্যক্তিগত চেণ্টাৰতেই মাচুলৰ যথেষ্ট তাৰতম্য দেখিবলৈ পোৱা যায়। সাধাৰণ বা নিয়মীয়া পৰীক্ষাসমূহৰ পৰা আৰম্ভ কৰি বিশেষ বা নিৰুদ্দিষ্ট ৰোগৰ পৰীক্ষালৈকে প্রতিটোতে এই কেন্দ্রসমূহে ৰোগীসকলক ব্যাপক লুণ্ঠনৰাজ চলাই আহিছে আৰু এই প্রক্রিয়া দশক দশক ধৰি অব্যাহত আছে।


চৰকাৰী চিকিৎসালয়ত এই মাচুল তেনেই সামান্য যদিও ৰোগীৰ যথেষ্ট ভিৰ আৰু দূৰণিবটীয়া যাত্ৰা কৰা ৰোগীসকলে বাধ্যত পৰি এই কেন্দ্ৰসমূহত মাত্ৰাধিক মাচুল পৰিশোধ কৰিও পৰীক্ষাসমূহ কৰাই থাকিবলৈ বাধ্য হৈ আহিছে। স্বাস্থ্য সুবিধা প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰ আৰু সেই অধিকাৰক মুনাফালোভী একাংশ ব্যক্তিগত চিকিৎসা খণ্ডৰ ব্যাৱসায়িক মনোবৃত্তিৰ ব্যক্তিয়ে মুকলিকৈ খৰ্ব কৰি আহিছে।


সেইবাবে অসম চেম্বাৰছ অব কমার্চে ৰাইজৰ সহযোগত ৰাজ্যৰ ব্যক্তিগত লেবৰেটৰীসমূহত পেথল’জিকেল পৰীক্ষাৰ মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি চৰকাৰী চিকিৎসালয়ৰ মাচুলৰ সমপৰিমাণৰ মাচুলহে ল'ব পৰাকৈ এখন বিশেষ আইন প্রণয়নৰ ব্যৱস্থা কৰি জনতাৰ মূৰৰ ঘাম মাটিত পেলাই অৰ্জা গাঁঠিৰ ধন পানীৰ দৰে বোৱাবলৈ বাধ্য কৰোৱা ব্যক্তিগত পৰীক্ষাগাৰ বা কেন্দ্ৰক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ লগতে নিয়মীয়া পৰ্যবেক্ষণৰ জৰিয়ত ৰোগীসকলৰ শোষণ নোহোৱাটো সুনিশ্চিত কৰাৰ ব্যৱস্থা ল'বলৈকো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক স্মাৰক-পত্ৰ প্ৰদানৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আৰু ইয়াৰ বাবে ইতিমধ্যে ডিজিটেল গণস্বাক্ষৰৰো আজি শুভাৰম্ভ কৰা হয়।


নিম্নোলিখিত লিংকটোত ক্লিক কৰি বা স্কেনাৰৰ ব্যৱহাৰ কৰি ৰাইজক এই অভিযানৰ অংশ হ'বলৈ অসম চেম্বাৰছ অব্ কমার্চে আহ্বান জনাইছে। জনস্বাস্থ্য আৰু জনকল্যাণৰ স্বাৰ্থত এই বিষয়টোত অতি শীঘ্রে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্রহণ কৰিব বুলি অসম চেম্বার্চ অব্ কমার্চ আশাবাদী। গণস্বাক্ষৰ অভিযানৰ স্কেনাৰ আৰু লিংকঃ

https://www.change.org/p/petition-for-regulation-of-pathological-rates-in-private-laboratories-in-assam


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু