--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে টেলিভিছনৰ টকশ্ব'ত বিতৰ্কিত মন্তব্য কৰি দেশ তথা বিদেশতো ক্ষোভৰ সৃষ্টি কৰা বিজেপিৰ অপসাৰিত নেত্ৰী নুপূৰ শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া এতিয়া শাম কটা নাই। এনে সময়তে হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি এইবাৰ ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল মহাৰাষ্ট্ৰৰ এজন যুৱক।

হজৰত মহম্মদকলৈ কৰা মন্তব্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰত চাপত থকাৰ সময়তে  এইবাৰ ছ'চিয়েল মিডিয়াত পয়গম্বৰৰ বিষয়ে এজন যুৱকে কৰা আপত্তিজনক মন্তব্যই মহাৰাষ্ট্ৰত বিতৰ্কৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে এই ঘটনা পোহৰলৈ অহাৰ পিছতে এজন যুৱকক  গ্ৰেপ্তাৰ কৰিছে। 

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, অভিযুক্তজন হৈছে ২৮ বছৰীয়া নিকেশ ৰাজু পাষ্টে।  ভিৱান্দিৰ সঙ্গমপাৰা পাইকাৰী বজাৰত সৰু-সুৰা ব্যৱসায় কৰা  যুৱকজনে অলপতে হোৱাটছএপ গ্ৰুপত পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে এক আপত্তিজনক মন্তব্য কৰিছিল। 

এজন লোকে  তেওঁৰ বিৰুদ্ধে নিজাম্পাৰা আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। তেওঁ এজাহাৰত এইবুলি উল্লেখ কৰিছিল যে নিকেশ পয়গম্বৰৰ বিষয়ে কৰা মন্তব্যই দুটা সম্প্ৰদায়ৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। তেওঁৰ মন্তব্যই এটা সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত আঘাত কৰা বুলিও এজাহাৰত উল্লেখ কৰা হৈছিল। এয়াৰ পিছতে  নিজাম্পাৰা আৰক্ষী থানাই অভিযুক্ত যুৱক নিকেশক গ্ৰেপ্তাৰ কৰে। নিকেশ ৰাজু পেষ্টক আৰক্ষীয়ে কোনো সম্প্ৰদায়ৰ (ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫-এ) ধৰ্মীয় আৱেগত আঘাত কৰা দুটা সম্প্ৰদায়ৰ  মাজত শত্ৰুতাৰ ষড়যন্ত্ৰ কৰাৰ (১৫৩-এ) অভিযোগৰ লগতে মানহানিৰ  (৪৯৯)ৰ গোচৰ ৰুজু কৰিছে।

 উল্লেখ্য বিতৰ্কিত বিজেপি নেত্ৰী নুপূৰ শৰ্মাক হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ৫ জুলাইত বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। শেহতীয়াকৈ, বিহাৰৰ এজন ইউটিউবাৰে বিজেপি নেত্ৰীগৰাকীক ধৰ্ষণ আৰু হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। ইউটিউবাৰ জনে ভগৱান ৰামৰ বিষয়েও অতি অশ্লীল মন্তব্যও কৰিছিল।

 স্বাভাৱিকতে, এনে মন্তব্যক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। নেটিজেনসকলৰ এটা অংশই তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছে।

ইফালে, বহিষ্কৃত বিজেপি নেত্ৰী নুপূৰ শৰ্মাক বংগৰ নাৰিকলডাঙা আৰক্ষী থানাৰ পিছত আমহাৰ্ষ্ট ষ্ট্ৰীট আৰক্ষী থানাই মাতি পঠিয়াইছিল। তেওঁ ২৫ জুনত আৰক্ষী চকীত হাজিৰ হোৱাৰ কথা আছিল। নুপূৰ শৰ্মাই আৰু কিছু সময় বিচাৰি আৰক্ষীলৈ ই-মেইল কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ