--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে টেলিভিছনৰ টকশ্ব'ত বিতৰ্কিত মন্তব্য কৰি দেশ তথা বিদেশতো ক্ষোভৰ সৃষ্টি কৰা বিজেপিৰ অপসাৰিত নেত্ৰী নুপূৰ শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া এতিয়া শাম কটা নাই। এনে সময়তে হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি এইবাৰ ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল মহাৰাষ্ট্ৰৰ এজন যুৱক।

হজৰত মহম্মদকলৈ কৰা মন্তব্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰত চাপত থকাৰ সময়তে  এইবাৰ ছ'চিয়েল মিডিয়াত পয়গম্বৰৰ বিষয়ে এজন যুৱকে কৰা আপত্তিজনক মন্তব্যই মহাৰাষ্ট্ৰত বিতৰ্কৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে এই ঘটনা পোহৰলৈ অহাৰ পিছতে এজন যুৱকক  গ্ৰেপ্তাৰ কৰিছে। 

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, অভিযুক্তজন হৈছে ২৮ বছৰীয়া নিকেশ ৰাজু পাষ্টে।  ভিৱান্দিৰ সঙ্গমপাৰা পাইকাৰী বজাৰত সৰু-সুৰা ব্যৱসায় কৰা  যুৱকজনে অলপতে হোৱাটছএপ গ্ৰুপত পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে এক আপত্তিজনক মন্তব্য কৰিছিল। 

এজন লোকে  তেওঁৰ বিৰুদ্ধে নিজাম্পাৰা আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। তেওঁ এজাহাৰত এইবুলি উল্লেখ কৰিছিল যে নিকেশ পয়গম্বৰৰ বিষয়ে কৰা মন্তব্যই দুটা সম্প্ৰদায়ৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। তেওঁৰ মন্তব্যই এটা সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত আঘাত কৰা বুলিও এজাহাৰত উল্লেখ কৰা হৈছিল। এয়াৰ পিছতে  নিজাম্পাৰা আৰক্ষী থানাই অভিযুক্ত যুৱক নিকেশক গ্ৰেপ্তাৰ কৰে। নিকেশ ৰাজু পেষ্টক আৰক্ষীয়ে কোনো সম্প্ৰদায়ৰ (ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫-এ) ধৰ্মীয় আৱেগত আঘাত কৰা দুটা সম্প্ৰদায়ৰ  মাজত শত্ৰুতাৰ ষড়যন্ত্ৰ কৰাৰ (১৫৩-এ) অভিযোগৰ লগতে মানহানিৰ  (৪৯৯)ৰ গোচৰ ৰুজু কৰিছে।

 উল্লেখ্য বিতৰ্কিত বিজেপি নেত্ৰী নুপূৰ শৰ্মাক হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ৫ জুলাইত বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। শেহতীয়াকৈ, বিহাৰৰ এজন ইউটিউবাৰে বিজেপি নেত্ৰীগৰাকীক ধৰ্ষণ আৰু হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। ইউটিউবাৰ জনে ভগৱান ৰামৰ বিষয়েও অতি অশ্লীল মন্তব্যও কৰিছিল।

 স্বাভাৱিকতে, এনে মন্তব্যক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। নেটিজেনসকলৰ এটা অংশই তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছে।

ইফালে, বহিষ্কৃত বিজেপি নেত্ৰী নুপূৰ শৰ্মাক বংগৰ নাৰিকলডাঙা আৰক্ষী থানাৰ পিছত আমহাৰ্ষ্ট ষ্ট্ৰীট আৰক্ষী থানাই মাতি পঠিয়াইছিল। তেওঁ ২৫ জুনত আৰক্ষী চকীত হাজিৰ হোৱাৰ কথা আছিল। নুপূৰ শৰ্মাই আৰু কিছু সময় বিচাৰি আৰক্ষীলৈ ই-মেইল কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে