--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত কালি দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। কেন্দ্ৰীয় বাজেটখনক লৈ দেশবাসীৰো আছিল উৎকণ্ঠা। দেশবাসীয়ে যথেষ্ট আশা কৰিছিল এই বাজেটখনৰ পৰা। কিয়নো ক’ৰোনাই জুৰুলা কৰা দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ দূৰীকৰণত এই বাজেটখনৰ যথেষ্ট গুৰুত্ব আছিল। কিন্তু বাস্তৱত বাজেটখনে জনসাধাৰণৰ দুখ-দুদৰ্শা দূৰ কৰাত কিমান সফল হ’ল। বাজেটখনক লৈ এতিয়া দেশত দেখিবলৈ পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া বিপৰীতে দেশৰ বিৰোধী শিবিৰে এই বাজেটত লৈ মুঠেও সন্তুষ্ট নহয়। ক’ভিড সৃষ্ট পৰিস্থিতিত দেশৰ আৰ্থিক দুৰৱস্থা দূৰীকৰণত ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটেই আছিল একমাত্ৰ সুযোগ, যি সুযোগৰ সদ্বব্যৱহাৰ কৰাত মোদী চৰকাৰ চৰমভাৱে ব্যৰ্থ হ’ল বুলি বিৰোধীৰ লগতে দেশৰ প্ৰায়সংখ্যক নাগৰিকে কৈছে। ২০১৪ বৰ্ষত নৰেন্দ্ৰ মোদী শাসনৰ গাদীলৈ অহাৰ পাছতে বছৰি ২ কোটি লোকক চাকৰি দি পাঁচ বছৰক ১০ কোটি লোকক কৰ্মসংস্থাপন দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেইয়া কিমান দূৰ বাস্তৱত কাৰ্যকৰী হ’ল সেইয়া এতিয়া সকলোৱে দেখিলে। ইয়াৰ বিপৰীতে কালি বাজেটত ২০২২-২৭ বৰ্ষত কেৱল ১২ লাখ লোককহে চাকৰি দিয়া হব বুলি পাকে-প্ৰকাৰে ক’লে বিত্তমন্ত্ৰীয়ে। দেশত যেন চৰকাৰে এতিয়া ৰাজহুৱা প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ কৰাত অঘোষিত প্ৰতিযগিতাত হে নামিছে ৷ দেশৰ ঘৰুৱা উৎপাদন(GDP) উৰ্ধগামী হোৱাৰ পৰিৱৰ্তে দৈনন্দিন নিম্নগামী হোৱাৰ খবৰে সদায়ে শিৰানা্ম দখল কৰে৷ দেশৰ ঘৰুৱা উৎপাদনৰ অৱস্থিতি ইমানেই পুতৌলগা যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে আনকি জি ডি পিৰ প্ৰকৃত তথ্য প্ৰকাশ কৰিবলৈ লাজ পোৱা পৰিস্থিতি সদৃশ৷ কেৱল ব্যক্তিগতকৰণক তেওঁলোকৰ চৰকাৰৰ মূল মন্ত্ৰ হিচাপে লৈ চলাই গল নিজৰ একনায়কত্ববাদ৷ ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডক ব্যক্তিগত কৰিলে মোডী চৰকাৰে আৰু তেওঁলোকৰ হাতত যেন এতিয়াও ব্যক্তিগতকৰণ কৰিব লগা প্ৰতিষ্ঠানসমূহৰ তালিকাখনো বহুত দীঘলীয়া। যিসময়ত দেশৰ ৫ কোটিৰো অধিক শিক্ষিত নিবনুৱাই এটা সাধাৰণ সংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে, যিসময়ত মধ্যবিত্তই আয়কৰ ৰেহাইৰ লগতে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব বুলি অধিক আগ্ৰহৰে বাট চাই আছিল তেনেক্ষেত্ৰত নিৰ্মলা সীতাৰমণৰ বাজেটে তেনে কোনো ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰিলে। কোটি কোটি নিৱনুৱাক টোপ দি নিৰ্মলা সীতাৰমণে সংসদত কেৱল আভুৱা ভৰা ভাষণ প্ৰদান কৰিলে বুলি দেশৰ বিৰোধী শিবিৰ এতিয়া জাঙুৰ খাই উঠিছে। ইফালে কৃষি প্ৰধান দেশৰ কৃষকসকলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰতো মোদী চৰকাৰৰ কেন্দ্ৰীয় বাজেটে চূড়ান্তবাৱে ব্যৰ্থ হৈছে। কৃষকৰ আয় দুগুণ বৃদ্ধি হ’ব বুলি চৰকাৰে কৈছিল যদিও মোদী চৰকাৰ তাকো কৰাত ব্যৰ্থ হল, এতিয়া দেশত আত্মহত্যা কৰা কৃষকৰ সংখ্যাহে বেছি হ’ল বুলি দেশৰ একাংশলোকে ক’ৱ খোজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ