--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম সন্তান ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই মঙলবাৰে সেনাৰ ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় সেনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা সন্মানীয় কমাণ্ড হিচাপে পৰিচিত এই ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ৰাণা প্ৰতাপ কলিতা। ৰাণা প্ৰতাপ কলিতা পূৰ্বে সেনা বাহিনীৰ তৃতীয় ক'ৰৰ জিঅ'চি হিচাপে দায়িত্বত আছিল আৰু তাৰ পাছত ভাৰতীয় সেনাৰ মেন পাৱাৰ সঞ্চালক হিচাপে আছিল। মঙলবাৰে কলিতাই কলকাতাস্থিত গেৰিচন বেটেলিয়ানৰ পেৰেড গ্ৰাউণ্ডত গাৰ্ড অব অনাৰ সন্মান লৈ বিজয় শিখৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি লেঃ জেনেৰেল কলিতাই ফ’ৰ্ট উইলিয়ামৰ পেৰেড গ্ৰাউণ্ডত ছহিদসকলৰ স্মাৰক হিচাপে নিৰ্মিত বিজয় স্মাৰকত শ্ৰদ্ধা জ্ঞাপন কৰি নিজ কাৰ্যালয়ত প্ৰৱেশ কৰে। লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা ১৯৮৪ চনত ৯ নং কুমাও ৰেজিমেণ্টত ভৰ্তি হয় আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ৰাইফলছৰ কামাণ্ডাৰ হিচাপে আছিল দায়িত্ব গ্ৰহণ কৰে। উল্লেখ্য যে এইগৰাকী অসমৰ বীৰ সন্তানে শ্ৰীলংকা, জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা বিভিন্ন অভিযানত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান আৰু ভাৰত-চীন সীমান্ত আৰু ভাৰত-ম্যানমাৰ সীমান্তৰ ওপৰতো তেওঁ অনবদ্য ভূমিকা পালন কৰিছিল। তেওঁ উত্তম যোদ্ধা সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা মেডেল আৰু চীফ আৰ্মী কোমেণ্ডেচন পুৰস্কাৰ লাভ কৰিছে। ৰাণা প্ৰতাপ কলিতাৰ জন্ম হৈছিল ৰঙিয়াত। আৰু পঢ়কঃ আণ্টি মই শুব নোৱাৰোঁ!অমিতাভৰ এই কথা শুনি কান্দিছিল ইন্দিৰা গান্ধীয়ে;কিয় জানেনে?  

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা