--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম সন্তান ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই মঙলবাৰে সেনাৰ ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় সেনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা সন্মানীয় কমাণ্ড হিচাপে পৰিচিত এই ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ৰাণা প্ৰতাপ কলিতা। ৰাণা প্ৰতাপ কলিতা পূৰ্বে সেনা বাহিনীৰ তৃতীয় ক'ৰৰ জিঅ'চি হিচাপে দায়িত্বত আছিল আৰু তাৰ পাছত ভাৰতীয় সেনাৰ মেন পাৱাৰ সঞ্চালক হিচাপে আছিল। মঙলবাৰে কলিতাই কলকাতাস্থিত গেৰিচন বেটেলিয়ানৰ পেৰেড গ্ৰাউণ্ডত গাৰ্ড অব অনাৰ সন্মান লৈ বিজয় শিখৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি লেঃ জেনেৰেল কলিতাই ফ’ৰ্ট উইলিয়ামৰ পেৰেড গ্ৰাউণ্ডত ছহিদসকলৰ স্মাৰক হিচাপে নিৰ্মিত বিজয় স্মাৰকত শ্ৰদ্ধা জ্ঞাপন কৰি নিজ কাৰ্যালয়ত প্ৰৱেশ কৰে। লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা ১৯৮৪ চনত ৯ নং কুমাও ৰেজিমেণ্টত ভৰ্তি হয় আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ৰাইফলছৰ কামাণ্ডাৰ হিচাপে আছিল দায়িত্ব গ্ৰহণ কৰে। উল্লেখ্য যে এইগৰাকী অসমৰ বীৰ সন্তানে শ্ৰীলংকা, জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা বিভিন্ন অভিযানত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান আৰু ভাৰত-চীন সীমান্ত আৰু ভাৰত-ম্যানমাৰ সীমান্তৰ ওপৰতো তেওঁ অনবদ্য ভূমিকা পালন কৰিছিল। তেওঁ উত্তম যোদ্ধা সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা মেডেল আৰু চীফ আৰ্মী কোমেণ্ডেচন পুৰস্কাৰ লাভ কৰিছে। ৰাণা প্ৰতাপ কলিতাৰ জন্ম হৈছিল ৰঙিয়াত। আৰু পঢ়কঃ আণ্টি মই শুব নোৱাৰোঁ!অমিতাভৰ এই কথা শুনি কান্দিছিল ইন্দিৰা গান্ধীয়ে;কিয় জানেনে?  

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন