--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ছাৰ্চ ইঞ্জিন গুগলত বহু বিষয়ৰ সন্ধান কৰে জনসাধাৰণে। মানুহক নানা তথ্য প্ৰদান কৰি উপকাৰ কৰি আহিছে গুগলে। গুগলত ছাৰ্চ কৰা হয় নানা ব্যক্তিৰ বিষয়ে জানিবলৈ। ২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক গুগলত ছাৰ্চ কৰা দহগৰাকী ব্যক্তিৰ তালিকা প্ৰকাশ কৰিছে গুগলে।

গুগলে প্ৰকাশ কৰা তালিকা অনুসৰি ২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক ছাৰ্চ কৰা ব্যক্তি সকলৰ ভিতৰত প্ৰথম স্থানত আছে টকিঅ’ অলিম্পিকত সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাৰ পাছতে এই তালিকাৰ দ্বিতীয় স্থানত আছে বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰূখ খানৰ বৰপুত্ৰ আৰিয়ান খান। তালিকাৰ তৃতীয় স্থানত আছে শ্বেহনাজ গীল, চতুৰ্থ স্থানত ৰাজ কুন্দ্ৰা আৰু পঞ্চম স্থানত আছে এলন মাস্ক।

আনহাতে ২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক গুগলত ছাৰ্চ কৰা ব্যক্তিসকলৰ ষষ্ঠৰ পৰা দশম স্থানলৈ থকা ব্যক্তিসকল হৈছে ক্ৰমে- বিকি কৌশল, পি ভি সিন্ধু, বজৰং পুনিয়া, সুশীল কুমাৰ আৰু নাতাশা দালাল। উল্লেখযোগ্য কথাটো হ'ল ২০২১ বৰ্ষত ভাৰতত সৰ্বাধিক ছাৰ্চ কৰা শীৰ্ষৰ ১০ গৰাকী ব্যক্তিৰ ভিতৰত কোনো এজন ৰাজনৈতিক নেতাৰ নাম অন্তুৰ্ভূক্ত হোৱা নাই। ৰাজনৈতিক ব্যক্তিৰ প্ৰতি মানুহে কোনো আগ্ৰহ প্ৰকাশ নকৰে নেকি বুলিও এতিয়া উঠিছে প্ৰশ্ন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন