--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ ২৫,০০০তকৈয়ো অধিক গাঁও এতিয়াও মোবাইল, ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ আছে৷ লোকসভাত এই তথ্য সদৰী কৰিছে যোগাযোগ ৰাজ্যিক মন্ত্ৰী দেৱুসিংহ জেচিংভাই চৌহানে৷ দেশত মোবাইল বা ইণ্টাৰনেট সংযোগ অবিহনে বাঁওপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত কিমানখন গাঁও আছে সেই বিষয়ে লোকসভাৰ সাংসদ বেনি বেহানানে যোগাযোগ মন্ত্ৰালয়ৰ পৰা উত্তৰ বিচাৰিছিল৷ বেহানানৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যিক মন্ত্ৰী চৌহানে কয় যে ভাৰত টেলিকম আৰু ব্ৰডবেণ্ডৰ বাবে অন্যতম বৃহৎ বজাৰ হ’ব পাৰে, কিন্তু এতিয়াও মোবাইল আৰু ইণ্টাৰনেট সেৱা উপলব্ধ নোহোৱা ২৫ হাজাৰৰো গাঁও আছে। অৱশ্যে, এই গাঁওবোৰত বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত লোকসকলো অন্তৰ্ভুক্ত আছে।


শেহতীয়া এই তথ্যটো লোকসভাত চৰকাৰৰ উত্তৰৰ অংশ হিচাপেই আহিছে, য’ত কেন্দ্ৰই স্বীকাৰ কৰিছে যে টেলিকম সেৱা প্ৰদানকাৰীসকলে প্ৰদান কৰা তথ্য অনুসৰি, আনুমানিক ৫.৯৭ লাখ গাঁৱৰ ভিতৰত ২৫ হাজাৰ ৬৭খন গাঁৱত ইণ্টাৰনেট সেৱা উপলব্ধ নহয়। তদুপৰি, লোকসভাত চৰকাৰে দাখিল কৰা তথ্যত মোবাইল বা ইণ্টাৰনেট সেৱা উপলব্ধ নোহোৱা সৰ্বাধিক সংখ্যক উড়িষ্যাৰ ৬০৯৯ খন গাঁও, মধ্য প্ৰদেশৰ ২৬১২খন গাঁও আৰু মহাৰাষ্ট্ৰৰ ২৩২৮খন গাঁও অন্তৰ্ভুক্ত হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ পাছত শিক্ষা ব্যৱস্থা আৰু দৈনন্দিন জীৱন পৰিক্ৰমাতত অনলাইন মাধ্যমৰ নৱতম সংযোজনৰ সময়ত ভাৰতৰ পঁচিশ সহস্ৰাধিক গাঁৱত মোবাইল আৰু ইণ্টাৰনেট উপলব্ধ নোহোৱা বিষয়টোৱে সামগ্ৰিকভাৱে অন্য এটা দিশ উন্মোচন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন