--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ ২৫,০০০তকৈয়ো অধিক গাঁও এতিয়াও মোবাইল, ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ আছে৷ লোকসভাত এই তথ্য সদৰী কৰিছে যোগাযোগ ৰাজ্যিক মন্ত্ৰী দেৱুসিংহ জেচিংভাই চৌহানে৷ দেশত মোবাইল বা ইণ্টাৰনেট সংযোগ অবিহনে বাঁওপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত কিমানখন গাঁও আছে সেই বিষয়ে লোকসভাৰ সাংসদ বেনি বেহানানে যোগাযোগ মন্ত্ৰালয়ৰ পৰা উত্তৰ বিচাৰিছিল৷ বেহানানৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যিক মন্ত্ৰী চৌহানে কয় যে ভাৰত টেলিকম আৰু ব্ৰডবেণ্ডৰ বাবে অন্যতম বৃহৎ বজাৰ হ’ব পাৰে, কিন্তু এতিয়াও মোবাইল আৰু ইণ্টাৰনেট সেৱা উপলব্ধ নোহোৱা ২৫ হাজাৰৰো গাঁও আছে। অৱশ্যে, এই গাঁওবোৰত বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত লোকসকলো অন্তৰ্ভুক্ত আছে।


শেহতীয়া এই তথ্যটো লোকসভাত চৰকাৰৰ উত্তৰৰ অংশ হিচাপেই আহিছে, য’ত কেন্দ্ৰই স্বীকাৰ কৰিছে যে টেলিকম সেৱা প্ৰদানকাৰীসকলে প্ৰদান কৰা তথ্য অনুসৰি, আনুমানিক ৫.৯৭ লাখ গাঁৱৰ ভিতৰত ২৫ হাজাৰ ৬৭খন গাঁৱত ইণ্টাৰনেট সেৱা উপলব্ধ নহয়। তদুপৰি, লোকসভাত চৰকাৰে দাখিল কৰা তথ্যত মোবাইল বা ইণ্টাৰনেট সেৱা উপলব্ধ নোহোৱা সৰ্বাধিক সংখ্যক উড়িষ্যাৰ ৬০৯৯ খন গাঁও, মধ্য প্ৰদেশৰ ২৬১২খন গাঁও আৰু মহাৰাষ্ট্ৰৰ ২৩২৮খন গাঁও অন্তৰ্ভুক্ত হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ পাছত শিক্ষা ব্যৱস্থা আৰু দৈনন্দিন জীৱন পৰিক্ৰমাতত অনলাইন মাধ্যমৰ নৱতম সংযোজনৰ সময়ত ভাৰতৰ পঁচিশ সহস্ৰাধিক গাঁৱত মোবাইল আৰু ইণ্টাৰনেট উপলব্ধ নোহোৱা বিষয়টোৱে সামগ্ৰিকভাৱে অন্য এটা দিশ উন্মোচন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ