--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকত স্তব্ধ কৰি দিলে এটা খবৰে। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ,২০২১ তাৰিখটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। এক হেলিকপ্টাৰ দুৰ্ঘটনাত চিৰদিনলৈ হেৰাই গ'ল দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। তেওঁ হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত। ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।

ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।চি ডি এছ বিপিন ৰাৱটৰ লগতে তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। উল্লেখ্য যে হেলিকপ্টাৰ দুৰ্ঘটনাৰ বহু সময়লৈকে জীৱিত আছিল বিপিন ৰাৱট। সম্পূৰ্ণ বিধ্বস্ত অৱস্থাত জীৱিত ৰূপত পোৱা গৈছিল চিডিএছ বিপিন ৰাৱটক। দুৰ্ঘটনাটোৰ পাছত দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা লোকসকলক আৰু উদ্ধাৰকাৰী দলক নিজৰ পৰিচয় দি মই বিপিন ৰাৱট বুলিও কৈছিল।

উদ্ধাৰকাৰী দলৰ এজন সদস্য এন.চি মুৰলীয়ে সদৰী কৰা অনুসৰি "আমি দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছিলো, তেওঁলোকৰ এজনে বিপিন ৰাৱট আছিল।" তেওঁ সেহাই সেহাই মোক নিজৰ নামটো কৈছিল। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়। আমি সেই সময়ত জীৱিত অৱস্থাত উদ্ধাৰ কৰা আনজন ব্যক্তিক চিনাক্ত কৰিব পৰা নাছিলো। পৰৱৰ্তী সময়ত তেওঁ গ্রুপ কেপ্টেইন বৰুণ সিং বুলি চিনাক্ত হয়। হেলিকপ্টাৰৰ ধ্বংসাৱশেষৰ পৰা টানি উলিয়াই অনা হৈছিল বিপিন ৰাৱট আৰু বৰুণ সিঙক।

এজন জ্যেষ্ঠ মুখ্য অগ্নিনিৰ্বাপক উদ্ধাৰকাৰীয়ে কৈছিল, 'এইটো এটা যথেষ্ট জটিল অভিযান আছিল। এই শোকাৱহ দুৰ্ঘটনাটোত কিছুমান লোকৰ শৰীৰৰ তলৰ অংশ বেয়াকৈ জ্বলি গৈছিল। চিডিএছ ৰাৱটক উদ্ধাৰ কৰি পাছত এখন এম্বুলেন্সত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।কাটেৰী গাঁৱৰ ওচৰৰ এটা অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হৈছিল। হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে এক বিকট শব্দ শুনিবলৈ পোৱা গৈছিল। শব্দ হোৱাৰ অলপ পাছতে প্ৰচণ্ড বিস্ফোৰণ ঘটিছিল আৰু হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। কাটেৰীৰ বাসিন্দাসকলে জিলা কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছিল। ইয়াৰ পাছতেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁলোকৰ অঞ্চলৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছিল।

আৰু পঢ়কঃ জীৱনে-মৰণে এক হৈ থকাৰ প্ৰতিশ্ৰুতি! মৃত্যু পৰ্যন্ত বিপিন ৰাৱটৰ লগ নেৰিলে পত্নী মধুলিকাই


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ