--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৃষি আইন বিৰোধী কৃষক আন্দোলনৰ সময়ৰ পৰাই কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি অহা  মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক পুনৰ এবাৰ সোচ্চাৰ হৈ পৰিছে মোদী নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে। জয়পুৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জাট সংসদত অংশগ্ৰহণ কৰি নিজ দলৰ চৰকাৰখনৰ বিৰুদ্ধেই আক্ৰমণাত্মক হৈ পৰে মালিক। কেন্দ্ৰীয় চৰকাৰৰ আদানি-আম্বানী প্ৰীতিৰ বিপৰীতে দেশৰ অন্নদাতা কৃষকৰ প্ৰতি আওকাণ মনোভাৱৰ চৰিত্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰে মালিকে।

বিজেপি চৰকাৰৰ শাসনকালত যোৱা কেইবছৰমানৰ ভিতৰতে দেশৰ দুই পুঁজিপতি আদানি আৰু আম্বানীৰ সম্পত্তিৰ পৰিমাণ অভাৱনীয় হাৰত বৃদ্ধি পোৱাক লৈ নৰেন্দ্ৰ মোদীলৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছে মেঘালয়ৰ ৰাজ্যপালগৰাকীয়ে। তেওঁ কয় যে দেশৰ বিমানবন্দৰ, ৰে'লৱে, শ্বিপয়াৰ্ড সমূহ চৰকাৰৰ বন্ধু আদানিক বিক্ৰী কৰা হৈছে। এনেদৰে দেশখন বিজেপি চৰকাৰে আম্বানী-আদানিৰ হাতত গতাই দিয়াৰ চক্ৰান্ত কৰিছে বুলি অভিযোগ কৰি মালিকে দেশখন বিক্ৰী কৰাত সকলোৱে বাধা দিব লাগিব বুলি দোহাৰে।দেশৰ সকলো যিসময়ত ধ্বংস হৈ গৈছে, সেই সময়ত আম্বানী-আদানি কেনেদৰে ধনৱান হৈ পৰিছে  প্ৰধানমন্ত্ৰীয়ে সেইয়া উল্লেখ কৰিব লাগে বুলিও মোদীক জবাববদিহি কৰে মালিকে। 

ইফালে আদানীয়ে কৃষকৰ শস্য কম দামত ক্ৰয় কৰিবলৈ আৰু ব্যয়বহুল মূল্যত বিক্ৰী কৰিবলৈ পানীপথত এটা ডাঙৰ গুদাম স্থাপন কৰিছে বুলি সত্যপাল মালিকে  অভিযোগ কৰিছে। আদানিৰ এই গুদাম উৎখাত কৰিবলৈও মালিকে চৰকাৰক দাবী জনায়।আদানি-আম্বানীৰ দৰে পুঁজিপতি শ্ৰেণীটোৰ বিৰুদ্ধে জনসাধাৰণক প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই মালিকে কয় যে যেতিয়ালৈকে এওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা নহয়, তেতিয়ালৈকে এই শ্ৰেণীটোৰ উত্থান অন্ত নপৰে। 

আনহাতে কৃষক আন্দোলন প্ৰসঙ্গতো মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে মালিক। কৃষক আন্দোলনৰ সময়ত  ৰাজপথত মৃত্যুমুখত পৰা কৃষকসকলৰ সমৰ্থনত নিজ পোছাকৰ পকেটত পদত্যাগপত্ৰ লৈ  প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ গৈছিল মালিক। মোদীৰ সৈতে আলোচনাৰ সময়ত মোদীক স্পষ্টকৈ কৃষকৰ সৈতে অন্যায় কৰা হৈছে বুলি অভিযোগ কৰি এই অন্যায় বন্ধ কৰিবলৈ তেওঁ দাবী জনাইছিল বুলি নিজ ভাষণত মালিকে উল্লেখ কৰিছে। 

তেওঁ কয় যে কৃষকৰ সেই ধৰ্ণাহে বন্ধ হৈছে, কিন্তু আন্দোলন এতিয়াও চলি আছে। যদি এম.এছ.পি. সম্পৰ্কীয় আইন সময়মতে প্ৰস্তুত কৰা নহয়, তেন্তে দেশৰ কৃষক আৰু চৰকাৰৰ মাজত তীব্ৰ যুঁজ হ'ব বুলি মালিকে কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে।

মেঘালয়ৰ ৰাজ্যপাল হিচাপে সত্যপাল মালিকৰ কাৰ্যকাল চাৰি মাহৰ পিছত অন্ত পৰিব। অৱসৰ লোৱাৰ পিছত মালিক কৃষকসকলৰ অধিকাৰৰ বাবে সম্পূৰ্ণ শক্তিৰে নামি পৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মালিকে কয়, “মই মোৰ পদত্যাগ পত্ৰ পকেটত লৈ ঘূৰি ফুৰোঁ, মোৰ মাৰ পেটৰ ভূমিস্থ হওঁতে মই ৰাজ্যপাল হিচাপে অহা নাছিলো। সেয়েহে, মই ভাবি আছোঁ যে অৱসৰ লোৱাৰ পিছত, মই কৃষকসকলৰ অধিকাৰৰ বাবে সম্পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ম”। কৃষকসকলৰ সমৰ্থনতে চাৰি মাহৰ ভিতৰত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো ঈঙ্গিত দিয়ে মালিকে।

উল্লেখযোগ্য যে সত্যপাল মালিক হৈছে উত্তৰপ্ৰদেশৰ জাট সম্প্ৰদায়ৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেতা। বৰ্তমান মেঘালয়ৰ ৰাজ্যপাল মালিক ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰ, গোৱা, বিহাৰ আৰু ঊৰিষ্যাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিজেপিৰ এগৰাকী জেষ্ঠ নেতা হিচাপে দলৰ ভিতৰত তেওঁৰ যথেষ্ট মৰ্যাদা আছে। গতিকে দলৰে জেষ্ঠ নেতা এগৰাকী এইদৰে বিজেপি চৰকাৰখনৰ ক্ষুৰধাৰ সমালোচক হৈ পৰাটো  লক্ষ্যণীয় হৈ পৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ