--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ গজত পুনৰ দেখা যাবনে মহেন্দ্ৰ সিং ধোনীক? ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আইপিএল ২০২৫ত খেলিবনে? যদিও ধোনীয়ে নিজৰ ক্ৰিকেটৰ ভৱিষ্যতক লৈ মুখ খুলিব পৰা নাই, তথাপিও চেন্নাই ছুপাৰ কিংছ কৰ্তৃপক্ষৰ সৈতে আলোচনা আৰম্ভ কৰিছে।

২০২৫ চনৰ আই পি এলৰ পূৰ্বে অনুষ্ঠিত হ’ব এই নিলাম। ফ্ৰেঞ্চাইজিয়ে নতুন দল গঢ়ি তুলিব। প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে পূৰ্বৰ দলৰ চাৰিজন সদস্যক ধৰি ৰাখিব পাৰে। গতিকে ধোনিৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ। চেন্নাই কৰ্তৃপক্ষই প্ৰাক্তন অধিনায়কগৰাকীক আৰু তিনি বছৰ খেলিব বিচাৰিলে ধৰি ৰাখিব পাৰে। যদি তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত লয় তেন্তে চেন্নাই কৰ্তৃপক্ষই তেওঁক হিচাপৰ বাহিৰত ৰাখি নতুন দল গঠন কৰিব পাৰে। যদি ধোনীয়ে আৰু এবছৰ খেলি অৱসৰ ল’ব বিচাৰে তেন্তে চেন্নাই কৰ্তৃপক্ষই বিপদত পৰিব।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ড (বিচিচিআই)ৰ সৈতে ফ্ৰেঞ্চাইজিৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে চেন্নাই কৰ্তৃপক্ষই ধোনিৰ সিদ্ধান্ত জানিব বিচাৰে। সূত্ৰ অনুসৰি তেওঁলোকে ধোনিৰ সৈতে আলোচনা আৰম্ভ কৰিছে। ফ্ৰেঞ্চাইজি মুৰব্বী এন শ্ৰীনিবাসনে নিজেই বক্তৃতাৰ দায়িত্ব লৈছিল। ফ্ৰেঞ্চাইজিসমূহে অহা তিনি বছৰলৈ কিমানজন ক্ৰিকেটাৰক ধৰি ৰাখিব পাৰিব তাৰ ওপৰত ধোনীৰ ক্ৰিকেটিঙৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰে। যদিহে পূৰ্বৰ দৰে চাৰিজন ক্ৰিকেটাৰক ধৰি ৰখাৰ সুযোগ থাকে তেন্তে ধোনীয়ে অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰিব পাৰে।

কিন্তু চেন্নাই কৰ্তৃপক্ষই পাঁচবাৰৰ আই পি এল চেম্পিয়ন অধিনায়কগৰাকীৰ ওপৰত কোনো সিদ্ধান্ত জাপি দিব নিবিচাৰে। ধোনিৰ সিদ্ধান্ত জানি তেওঁলোকে অহা বছৰৰ দলৰ পৰিকল্পনা কৰিব। ধোনীয়ে যদি খেলিব বিচাৰে তেন্তে তেওঁক ধৰি ৰখাৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে। সেই ক্ষেত্ৰত তেওঁক তৃতীয় বা চতুৰ্থ ক্ৰিকেটাৰ হিচাপে ৰখা হ’ব। তালিকাৰ প্ৰথম দুটাৰ ভিতৰত নাথাকিব। শেষবাৰৰ বাবে চেন্নাইয়ে দ্বিতীয় ক্ৰিকেটাৰ হিচাপে ধোনীক ধৰি ৰাখিছিল।

ধোনিৰ সিদ্ধান্তলৈ অপেক্ষা কৰি আছে চেন্নাই কৰ্তৃপক্ষ। ধোনীক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ক্ৰিকেট ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কোৱা হৈছে। আন এটা দলৰ হৈ আই পি এল খেলি ধোনীক অৱসৰ ল’বলৈ দিয়াত অস্বীকাৰ কৰে শ্ৰীনিবাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু