--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ গজত পুনৰ দেখা যাবনে মহেন্দ্ৰ সিং ধোনীক? ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আইপিএল ২০২৫ত খেলিবনে? যদিও ধোনীয়ে নিজৰ ক্ৰিকেটৰ ভৱিষ্যতক লৈ মুখ খুলিব পৰা নাই, তথাপিও চেন্নাই ছুপাৰ কিংছ কৰ্তৃপক্ষৰ সৈতে আলোচনা আৰম্ভ কৰিছে।

২০২৫ চনৰ আই পি এলৰ পূৰ্বে অনুষ্ঠিত হ’ব এই নিলাম। ফ্ৰেঞ্চাইজিয়ে নতুন দল গঢ়ি তুলিব। প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে পূৰ্বৰ দলৰ চাৰিজন সদস্যক ধৰি ৰাখিব পাৰে। গতিকে ধোনিৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ। চেন্নাই কৰ্তৃপক্ষই প্ৰাক্তন অধিনায়কগৰাকীক আৰু তিনি বছৰ খেলিব বিচাৰিলে ধৰি ৰাখিব পাৰে। যদি তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত লয় তেন্তে চেন্নাই কৰ্তৃপক্ষই তেওঁক হিচাপৰ বাহিৰত ৰাখি নতুন দল গঠন কৰিব পাৰে। যদি ধোনীয়ে আৰু এবছৰ খেলি অৱসৰ ল’ব বিচাৰে তেন্তে চেন্নাই কৰ্তৃপক্ষই বিপদত পৰিব।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ড (বিচিচিআই)ৰ সৈতে ফ্ৰেঞ্চাইজিৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে চেন্নাই কৰ্তৃপক্ষই ধোনিৰ সিদ্ধান্ত জানিব বিচাৰে। সূত্ৰ অনুসৰি তেওঁলোকে ধোনিৰ সৈতে আলোচনা আৰম্ভ কৰিছে। ফ্ৰেঞ্চাইজি মুৰব্বী এন শ্ৰীনিবাসনে নিজেই বক্তৃতাৰ দায়িত্ব লৈছিল। ফ্ৰেঞ্চাইজিসমূহে অহা তিনি বছৰলৈ কিমানজন ক্ৰিকেটাৰক ধৰি ৰাখিব পাৰিব তাৰ ওপৰত ধোনীৰ ক্ৰিকেটিঙৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰে। যদিহে পূৰ্বৰ দৰে চাৰিজন ক্ৰিকেটাৰক ধৰি ৰখাৰ সুযোগ থাকে তেন্তে ধোনীয়ে অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰিব পাৰে।

কিন্তু চেন্নাই কৰ্তৃপক্ষই পাঁচবাৰৰ আই পি এল চেম্পিয়ন অধিনায়কগৰাকীৰ ওপৰত কোনো সিদ্ধান্ত জাপি দিব নিবিচাৰে। ধোনিৰ সিদ্ধান্ত জানি তেওঁলোকে অহা বছৰৰ দলৰ পৰিকল্পনা কৰিব। ধোনীয়ে যদি খেলিব বিচাৰে তেন্তে তেওঁক ধৰি ৰখাৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে। সেই ক্ষেত্ৰত তেওঁক তৃতীয় বা চতুৰ্থ ক্ৰিকেটাৰ হিচাপে ৰখা হ’ব। তালিকাৰ প্ৰথম দুটাৰ ভিতৰত নাথাকিব। শেষবাৰৰ বাবে চেন্নাইয়ে দ্বিতীয় ক্ৰিকেটাৰ হিচাপে ধোনীক ধৰি ৰাখিছিল।

ধোনিৰ সিদ্ধান্তলৈ অপেক্ষা কৰি আছে চেন্নাই কৰ্তৃপক্ষ। ধোনীক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ক্ৰিকেট ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কোৱা হৈছে। আন এটা দলৰ হৈ আই পি এল খেলি ধোনীক অৱসৰ ল’বলৈ দিয়াত অস্বীকাৰ কৰে শ্ৰীনিবাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ