--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অহা বছৰ ভাৰতত অনুষ্ঠিত হ’ব এছিয়া কাপ। ইয়াৰ দুবছৰৰ পিছত অৰ্থাৎ ২০২৭ চনত বাংলাদেশে এই প্ৰতিযোগিতা আয়োজন কৰিব। ভাৰতৰ প্ৰতিযোগিতা টি-২০ ফৰ্মেটত হ’ব, বাংলাদেশৰ প্ৰতিযোগিতা ৫০ অভাৰ ফৰ্মেটত হ’ব। সোমবাৰে এই কথা ঘোষণা কৰে এছিয়ান ক্ৰিকেট সন্থা বা এচিচিয়ে।

 

২০২৬ চনত পুনৰ অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। সেই কথা মনত ৰাখি অহা বছৰ টি-২০ ফৰ্মেটত এছিয়া কাপৰ আয়োজন কৰা হ’ব। আকৌ ২০২৭ চনৰ একদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি এছিয়া কাপ ৫০ অভাৰৰ হ’ব। ভাৰত, বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান আৰু আন এখন যোগ্যতা অৰ্জন কৰা দেশে দুয়োখন প্ৰতিযোগিতাতে খেলিব। মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব।

 

মন কৰিবলগীয়া যে ৩৪ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে এছিয়া কাপ। ভাৰতে এতিয়ালৈকে মাত্ৰ এবাৰহে এছিয়া কাপ আয়োজন কৰিছে। সেইটো আছিল ১৯৯০-৯১ চনৰ। যোৱা এছিয়া কাপটো হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। ভাৰতে শ্ৰীলংকাত তেওঁলোকৰ মেচ খেলিছিল। যদিও পাকিস্তান আয়োজক আছিল, ভাৰতে সেই দেশলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ফলত এতিয়া প্ৰশ্ন হয় পাকিস্তানে অহা বছৰ এছিয়া কাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাই।

 

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু