--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অহা বছৰ ভাৰতত অনুষ্ঠিত হব এছিয়া কাপ। ইয়াৰ দুবছৰৰ পিছত অৰ্থাৎ ২০২৭ চনত বাংলাদেশে এই প্ৰতিযোগিতা আয়োজন কৰিব। ভাৰতৰ প্ৰতিযোগিতা টি-২০ ফৰ্মেটত হ, বাংলাদেশৰ প্ৰতিযোগিতা ৫০ অভাৰ ফৰ্মেটত হব। সোমবাৰে এই কথা ঘোষণা কৰে এছিয়ান ক্ৰিকেট সন্থা বা এচিচিয়ে।

 

২০২৬ চনত পুনৰ অনুষ্ঠিত হব টি-২০ বিশ্বকাপ। সেই কথা মনত ৰাখি অহা বছৰ টি-২০ ফৰ্মেটত এছিয়া কাপৰ আয়োজন কৰা হব। আকৌ ২০২৭ চনৰ একদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি এছিয়া কাপ ৫০ অভাৰৰ হব। ভাৰত, বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান আৰু আন এখন যোগ্যতা অৰ্জন কৰা দেশে দুয়োখন প্ৰতিযোগিতাতে খেলিব। মুঠ ১৩খন খেল অনুষ্ঠিত হব।

 

মন কৰিবলগীয়া যে ৩৪ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে এছিয়া কাপ। ভাৰতে এতিয়ালৈকে মাত্ৰ এবাৰহে এছিয়া কাপ আয়োজন কৰিছে। সেইটো আছিল ১৯৯০-৯১ চনৰ। যোৱা এছিয়া কাপটো হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল। ভাৰতে শ্ৰীলংকাত তেওঁলোকৰ মেচ খেলিছিল। যদিও পাকিস্তান আয়োজক আছিল, ভাৰতে সেই দেশলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ফলত এতিয়া প্ৰশ্ন হয় পাকিস্তানে অহা বছৰ এছিয়া কাপ খেলিবলৈ ভাৰতলৈ আহিব নে নাই।

 

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ