--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৭ চনৰ পৰৱৰ্তী এদিনীয়া বিশ্বকাপ খেলা দেখা যাব বুলি স্পষ্ট ইংগিত দিছে ডেভিদ ৱাৰ্নাৰে। ২০২৩ চনৰ বিশ্বকাপৰ বিজয়ী অষ্ট্ৰেলিয়ান দলৰ গুৰুত্বপূৰ্ণ অংশ আছিল ৱাৰ্নাৰ। প্ৰতিযোগিতাখনত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ আছিল ৱাৰ্নাৰ। ইফালে, টুইটাৰত শ্বেয়াৰ কৰা এটা পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাওঁহতীয়া অষ্ট্ৰেলিয়ান বেটছমেনগৰাকীয়ে স্পষ্টভাৱে কয় যে তেওঁ পৰৱৰ্তী এদিনীয়া বিশ্বকাপ ২০২৭ খেলিব।

বৰ্তমান ৱাৰ্নাৰৰ বয়স ৩৭ বছৰ। ২০২৩ চনৰ আৰম্ভণিতে তেওঁ কৈছিল যে ডিচেম্বৰ আৰু জানুৱাৰী মাহত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাটোৱেই তেওঁৰ শেষ শৃংখলা হ’ব৷ অৱশ্যে এদিনীয়া ক্ৰিকেট খেলি থাকিব ৱাৰ্নাৰে। এক্সৰ ওপৰত এটা পোষ্টত লিখা আছিল যে ৱাৰ্নাৰৰ এদিনীয়া কেৰিয়াৰৰ অন্ত পৰিছিল উৎকৃষ্ট অভিলেখৰ সৈতে। এই পোষ্টটোৰ উত্তৰত ৱাৰ্নাৰে উত্তৰ দিলে, "কোনে কৈছে যে মই শেষ কৰিলোঁ?" অৰ্থাৎ তেওঁ এদিনীয়া ক্ৰিকেট খেলি থাকিব আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপতো খেলিব পাৰিব বুলি স্পষ্ট ইংগিত দিছে।


২০২৩ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছিল ৱাৰ্নাৰে। তেওঁ ১১খন মেচৰ ১১ ইনিংছত গড়ে ৪৮.৬৪ আৰু ষ্ট্ৰাইক ৰেট ১০৮.৩০ ৰে ৫৩৫ ৰান সংগ্ৰহ কৰে, য’ত দুটা শতক অন্তৰ্ভুক্ত। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ১৬৩ ৰাণ, যিটো পাকিস্তানৰ বিৰুদ্ধে কৰা হৈছিল।


অষ্ট্ৰেলিয়াৰ হৈ তিনিওটা ফৰ্মেটতে খেলে ৱাৰ্নাৰে। এতিয়ালৈকে তেওঁ ১০৯খন টেষ্ট, ১৬১খন এদিনীয়া আৰু ৯৯খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। টেষ্টৰ ১৯৯ ইনিংছত ৮৪৮৭ ৰান, এদিনীয়াৰ ১৫৯ ইনিংছত ৬৯৩২ ৰান আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ ৯৯ ইনিংছত ২৮৯৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। টেষ্টত ২৫টা, এদিনীয়াত ২২টা আৰু টি-২০ ইণ্টাৰনেশ্যনেলত ১টা শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক