--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৭ চনৰ পৰৱৰ্তী এদিনীয়া বিশ্বকাপ খেলা দেখা যাব বুলি স্পষ্ট ইংগিত দিছে ডেভিদ ৱাৰ্নাৰে। ২০২৩ চনৰ বিশ্বকাপৰ বিজয়ী অষ্ট্ৰেলিয়ান দলৰ গুৰুত্বপূৰ্ণ অংশ আছিল ৱাৰ্নাৰ। প্ৰতিযোগিতাখনত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ আছিল ৱাৰ্নাৰ। ইফালে, টুইটাৰত শ্বেয়াৰ কৰা এটা পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাওঁহতীয়া অষ্ট্ৰেলিয়ান বেটছমেনগৰাকীয়ে স্পষ্টভাৱে কয় যে তেওঁ পৰৱৰ্তী এদিনীয়া বিশ্বকাপ ২০২৭ খেলিব।

বৰ্তমান ৱাৰ্নাৰৰ বয়স ৩৭ বছৰ। ২০২৩ চনৰ আৰম্ভণিতে তেওঁ কৈছিল যে ডিচেম্বৰ আৰু জানুৱাৰী মাহত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাটোৱেই তেওঁৰ শেষ শৃংখলা হ’ব৷ অৱশ্যে এদিনীয়া ক্ৰিকেট খেলি থাকিব ৱাৰ্নাৰে। এক্সৰ ওপৰত এটা পোষ্টত লিখা আছিল যে ৱাৰ্নাৰৰ এদিনীয়া কেৰিয়াৰৰ অন্ত পৰিছিল উৎকৃষ্ট অভিলেখৰ সৈতে। এই পোষ্টটোৰ উত্তৰত ৱাৰ্নাৰে উত্তৰ দিলে, "কোনে কৈছে যে মই শেষ কৰিলোঁ?" অৰ্থাৎ তেওঁ এদিনীয়া ক্ৰিকেট খেলি থাকিব আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপতো খেলিব পাৰিব বুলি স্পষ্ট ইংগিত দিছে।


২০২৩ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছিল ৱাৰ্নাৰে। তেওঁ ১১খন মেচৰ ১১ ইনিংছত গড়ে ৪৮.৬৪ আৰু ষ্ট্ৰাইক ৰেট ১০৮.৩০ ৰে ৫৩৫ ৰান সংগ্ৰহ কৰে, য’ত দুটা শতক অন্তৰ্ভুক্ত। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ১৬৩ ৰাণ, যিটো পাকিস্তানৰ বিৰুদ্ধে কৰা হৈছিল।


অষ্ট্ৰেলিয়াৰ হৈ তিনিওটা ফৰ্মেটতে খেলে ৱাৰ্নাৰে। এতিয়ালৈকে তেওঁ ১০৯খন টেষ্ট, ১৬১খন এদিনীয়া আৰু ৯৯খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। টেষ্টৰ ১৯৯ ইনিংছত ৮৪৮৭ ৰান, এদিনীয়াৰ ১৫৯ ইনিংছত ৬৯৩২ ৰান আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ ৯৯ ইনিংছত ২৮৯৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। টেষ্টত ২৫টা, এদিনীয়াত ২২টা আৰু টি-২০ ইণ্টাৰনেশ্যনেলত ১টা শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক