--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত জয়ী নোহোৱাৰ বাবে ৰোহিত শৰ্মাক সমালোচনা কৰাত ব্যস্ত হৈ পৰিছে দেশৰ ক্ৰিকেটপ্ৰেমীৰ এটা অংশ। কিন্তু সীমান্তৰ সিপাৰৰ পৰা আহিছিল তেওঁলোকৰ বাবে প্ৰশংসা। পাকিস্তানৰ নতুন টি-২০ অধিনায়ক শ্বাহীন আফ্ৰিদীয়ে ভাৰতীয় দলৰ প্ৰদৰ্শনক প্ৰশংসা কৰে।

বিশ্বকাপৰ ফাইনেলৰ পুৱাৰে পৰা গলফ খেলত ব্যস্ত আছিল বাবৰ আজম। অৱশ্যে টেলিভিছনৰ পৰ্দাত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচখনৰ ওপৰত শ্বাহীনৰ দৃষ্টি আছিল। পাকিস্তানৰ শক্তিশালী বলাৰগৰাকীয়ে ৰোহিত শৰ্মাৰ সৈতে পেট কামিন্সৰ যুঁজ উপভোগ কৰে। খেলখন চোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত অভিনন্দন জ্ঞাপন কৰে বিশ্বকাপৰ চেম্পিয়ন আৰু ৰানাৰ্চআপক।

অষ্ট্ৰেলিয়ান দলটোৰ বিষয়ে শ্বাহিনে লিখিছে, “বিশ্বকাপ জয় কৰাৰ বাবে অষ্ট্ৰেলিয়ালৈ অভিনন্দন। ফাইনেলত তেওঁলোক নিশ্চিতভাৱে এটা ভাল দল আছিল।'' ভাৰতীয় দলটোকো প্ৰশংসা কৰে শ্বাহীনে। ৰোহিতৰ বিষয়ে তেওঁ লিখিছে, “ভাৰতৰ বাবে দুৰ্ভাগ্যজনক। গোটেই প্ৰতিযোগিতাখনত তেওঁলোকে ভাল ক্ৰিকেট খেলিছিল।''

এইবাৰ বিশ্বকাপত ভাল প্ৰদৰ্শন নকৰিলে পাকিস্তানে। লীগৰ ৯খন খেলৰ ভিতৰত ৫খন খেলত পৰাস্ত হৈছে। দলটো ঘৰলৈ উভতি অহাৰ পিছত বাবৰে নেতৃত্বৰ পৰা পদত্যাগ কৰে। শ্বাহীনক টি-২০ দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক