--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত জয়ী নোহোৱাৰ বাবে ৰোহিত শৰ্মাক সমালোচনা কৰাত ব্যস্ত হৈ পৰিছে দেশৰ ক্ৰিকেটপ্ৰেমীৰ এটা অংশ। কিন্তু সীমান্তৰ সিপাৰৰ পৰা আহিছিল তেওঁলোকৰ বাবে প্ৰশংসা। পাকিস্তানৰ নতুন টি-২০ অধিনায়ক শ্বাহীন আফ্ৰিদীয়ে ভাৰতীয় দলৰ প্ৰদৰ্শনক প্ৰশংসা কৰে।

বিশ্বকাপৰ ফাইনেলৰ পুৱাৰে পৰা গলফ খেলত ব্যস্ত আছিল বাবৰ আজম। অৱশ্যে টেলিভিছনৰ পৰ্দাত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচখনৰ ওপৰত শ্বাহীনৰ দৃষ্টি আছিল। পাকিস্তানৰ শক্তিশালী বলাৰগৰাকীয়ে ৰোহিত শৰ্মাৰ সৈতে পেট কামিন্সৰ যুঁজ উপভোগ কৰে। খেলখন চোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত অভিনন্দন জ্ঞাপন কৰে বিশ্বকাপৰ চেম্পিয়ন আৰু ৰানাৰ্চআপক।

অষ্ট্ৰেলিয়ান দলটোৰ বিষয়ে শ্বাহিনে লিখিছে, “বিশ্বকাপ জয় কৰাৰ বাবে অষ্ট্ৰেলিয়ালৈ অভিনন্দন। ফাইনেলত তেওঁলোক নিশ্চিতভাৱে এটা ভাল দল আছিল।'' ভাৰতীয় দলটোকো প্ৰশংসা কৰে শ্বাহীনে। ৰোহিতৰ বিষয়ে তেওঁ লিখিছে, “ভাৰতৰ বাবে দুৰ্ভাগ্যজনক। গোটেই প্ৰতিযোগিতাখনত তেওঁলোকে ভাল ক্ৰিকেট খেলিছিল।''

এইবাৰ বিশ্বকাপত ভাল প্ৰদৰ্শন নকৰিলে পাকিস্তানে। লীগৰ ৯খন খেলৰ ভিতৰত ৫খন খেলত পৰাস্ত হৈছে। দলটো ঘৰলৈ উভতি অহাৰ পিছত বাবৰে নেতৃত্বৰ পৰা পদত্যাগ কৰে। শ্বাহীনক টি-২০ দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক