--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ ধর্ষণ-হত্যাৰ জঘন্য ঘটনাই তুলিছে জোকাৰণি। এগৰাকী ২০বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত যুৱতীগৰাকীৰ মৃতদেহ পেলাই থৈ গ’ল খালী আবাসগৃহ এটাত। এই ঘটনা সংঘটিত হৈছে কুৰ্লাত। খালী আবাসগৃহটোৰ চাদৰ লিফট ৰূমৰ ভিতৰত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ অভিযুক্তৰ সন্ধান লাভ কৰা নাই।

যুৱতীগৰাকীৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ পাছত তেওঁ যৌন আতিশয্যৰ বলি হোৱা বুলি প্ৰমাণ হৈছে। কেৱল এয়াই নহয় মৃতদেহত পোৱা গৈছে ভালেমান আঘাতৰ চিন। অৰ্থাৎ পৈশাচিক নিৰ্যাতনেৰে হত্যা কৰা হৈছিল যুৱতীগৰাকীক।

মুম্বাই আৰক্ষীৰ উপ-আয়ুক্ত প্ৰণয় অশোকে জানিবলৈ দিয়া মতে, কেইজনমান যুৱকে খালী অট্টালিকাটোত ভিডিঅ' শ্বুটিঙৰ বাবে আহোঁতে তেজেৰে তুমৰলি ২০বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহটো দেখা পায়। আৰক্ষীয়ে ইতিমধ্যে আবাসগৃহটোৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে যুৱতীগৰাকীৰ মৃতদেহ অৰ্ধগলিত ৰূপ পোৱালৈ চাই কেইবাদিনো আগেয়ে হত্যাকাণ্ড সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে। ইফালে, এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে শাসকীয় দলক সমালোচনা কৰিছে। মু্ম্বাইত জংগলৰাজ চলাৰ অভিযোগ তুলিছে বিজেপিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক