--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ ধর্ষণ-হত্যাৰ জঘন্য ঘটনাই তুলিছে জোকাৰণি। এগৰাকী ২০বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত যুৱতীগৰাকীৰ মৃতদেহ পেলাই থৈ গ’ল খালী আবাসগৃহ এটাত। এই ঘটনা সংঘটিত হৈছে কুৰ্লাত। খালী আবাসগৃহটোৰ চাদৰ লিফট ৰূমৰ ভিতৰত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ অভিযুক্তৰ সন্ধান লাভ কৰা নাই।

যুৱতীগৰাকীৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ পাছত তেওঁ যৌন আতিশয্যৰ বলি হোৱা বুলি প্ৰমাণ হৈছে। কেৱল এয়াই নহয় মৃতদেহত পোৱা গৈছে ভালেমান আঘাতৰ চিন। অৰ্থাৎ পৈশাচিক নিৰ্যাতনেৰে হত্যা কৰা হৈছিল যুৱতীগৰাকীক।

মুম্বাই আৰক্ষীৰ উপ-আয়ুক্ত প্ৰণয় অশোকে জানিবলৈ দিয়া মতে, কেইজনমান যুৱকে খালী অট্টালিকাটোত ভিডিঅ' শ্বুটিঙৰ বাবে আহোঁতে তেজেৰে তুমৰলি ২০বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহটো দেখা পায়। আৰক্ষীয়ে ইতিমধ্যে আবাসগৃহটোৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে যুৱতীগৰাকীৰ মৃতদেহ অৰ্ধগলিত ৰূপ পোৱালৈ চাই কেইবাদিনো আগেয়ে হত্যাকাণ্ড সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে। ইফালে, এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে শাসকীয় দলক সমালোচনা কৰিছে। মু্ম্বাইত জংগলৰাজ চলাৰ অভিযোগ তুলিছে বিজেপিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে