--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অভিশপ্ত ২৬/১১৷ ২০০৮ চনৰ ২৬ নৱেম্বৰ, মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণত ৩০০ জন লোক আহত হোৱাৰ উপৰি প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৬ জন লোকে। ১০ জন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী স্পীডব’টেৰে কৰাচীৰ পৰা মুম্বাইত উপস্থিত হয়। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ চকুত ধূলি দি পাকিস্তানৰ পৰা ১০ জনীয়া সন্ত্ৰাসবাদী কুখ্যাত দলটোৱে মায়ানগৰী মুম্বাইত চলাইছিল শতিকাৰ বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ।

ছত্ৰপতি শিবাজি টাৰ্মিনেল(CST), মুম্বাইৰ বিখ্যাত তাজ হোটেল, ওৱেৰয় ট্ৰাইডেণ্ট, ন্যাৰিম্যান হাউছ আদি স্থানত অত্যাধুনিক মাৰণাস্ত্ৰৰে সজ্জিত পাকিস্তানী সন্ত্ৰাসবদী দলটোৱে নিৰীহ জনতাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি তেজৰ ফাঁকু খেলিছিল। এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কোন সন্ত্ৰাসবাদী সংগঠন প্ৰকৃততে জড়িত আছিল, তাক লৈ আজিও এক সাঁথৰ হৈ ৰ’ল! শেহতীয়াকৈ আন্তৰ্জাতিক সংবাদ মাধ্যমত জেৰুজালেম পোষ্টত প্ৰকাশ এক ভয়ংকৰ তথ্য। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আইএছআইৰ 'এছ' ওৰফে চিকিউৰিটী উইঙে লস্কৰৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে।'

প্ৰতিবেদনখনে দাবী কৰিছিল যে তেওঁলোকেই এলইটিৰ সহায়ত মুম্বাই আক্ৰমণ চলাইছিল। লস্কৰ-ই-তৈবা প্ৰত্যক্ষভাৱে জড়িত থকাটো ইতিমধ্যে প্ৰমাণিত হৈছে। অৱশ্যে, এইটো প্ৰথমবাৰৰ বাবে যে 'এছ' শাখাৰ পোনপটীয়া সংযোজন পোহৰলৈ আহিছে। আজিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে, পাকিস্তানে আমেৰিকাৰ হেঁচাত পৰিহে বৰ্তমান বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই অনুসন্ধানতে মুম্বাই আক্ৰমণ ঘটনাটো সৈতে আইএছআই যোগৰ বিষয়টো পোহৰলৈ আহিছে।

অৱশ্যে, জেৰুজালেম পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, মুম্বাই বিস্ফোৰণৰ মগজু হৈছে আইএছআই। প্ৰতিবেদনখনত দাবী কৰা হৈছিল যে ঘটনাটো অতি সুপৰিকল্পিত কৰাৰ চেষ্টা কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত আৰু কোৱা হৈছে, "২৬/১১ ৰ উগ্ৰপন্থী আক্ৰমণৰ পৰিকল্পনা, সম্পাদনা আৰু পাকিস্তানৰ পৰাই হৈছিল। উল্লেখ্য যে, ২০০৮ চনৰ মুম্বাই বিস্ফোৰণৰ কেঁচা ঘা টুকুৰা ভাৰতীয়সকলে এতিয়াও পাহৰিব পৰা নাই। ঘটনাটোৰ মূল মাষ্টাৰ মাইণ্ড আজমল কাছবক ফাঁচী দিয়াৰ বাহিৰে ঘটনাটোৰ সৈতে জড়িত আন অভিযুক্তসকল বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা