--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অভিশপ্ত ২৬/১১৷ ২০০৮ চনৰ ২৬ নৱেম্বৰ, মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণত ৩০০ জন লোক আহত হোৱাৰ উপৰি প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৬ জন লোকে। ১০ জন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী স্পীডব’টেৰে কৰাচীৰ পৰা মুম্বাইত উপস্থিত হয়। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ চকুত ধূলি দি পাকিস্তানৰ পৰা ১০ জনীয়া সন্ত্ৰাসবাদী কুখ্যাত দলটোৱে মায়ানগৰী মুম্বাইত চলাইছিল শতিকাৰ বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ।

ছত্ৰপতি শিবাজি টাৰ্মিনেল(CST), মুম্বাইৰ বিখ্যাত তাজ হোটেল, ওৱেৰয় ট্ৰাইডেণ্ট, ন্যাৰিম্যান হাউছ আদি স্থানত অত্যাধুনিক মাৰণাস্ত্ৰৰে সজ্জিত পাকিস্তানী সন্ত্ৰাসবদী দলটোৱে নিৰীহ জনতাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি তেজৰ ফাঁকু খেলিছিল। এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কোন সন্ত্ৰাসবাদী সংগঠন প্ৰকৃততে জড়িত আছিল, তাক লৈ আজিও এক সাঁথৰ হৈ ৰ’ল! শেহতীয়াকৈ আন্তৰ্জাতিক সংবাদ মাধ্যমত জেৰুজালেম পোষ্টত প্ৰকাশ এক ভয়ংকৰ তথ্য। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আইএছআইৰ 'এছ' ওৰফে চিকিউৰিটী উইঙে লস্কৰৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে।'

প্ৰতিবেদনখনে দাবী কৰিছিল যে তেওঁলোকেই এলইটিৰ সহায়ত মুম্বাই আক্ৰমণ চলাইছিল। লস্কৰ-ই-তৈবা প্ৰত্যক্ষভাৱে জড়িত থকাটো ইতিমধ্যে প্ৰমাণিত হৈছে। অৱশ্যে, এইটো প্ৰথমবাৰৰ বাবে যে 'এছ' শাখাৰ পোনপটীয়া সংযোজন পোহৰলৈ আহিছে। আজিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে, পাকিস্তানে আমেৰিকাৰ হেঁচাত পৰিহে বৰ্তমান বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই অনুসন্ধানতে মুম্বাই আক্ৰমণ ঘটনাটো সৈতে আইএছআই যোগৰ বিষয়টো পোহৰলৈ আহিছে।

অৱশ্যে, জেৰুজালেম পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, মুম্বাই বিস্ফোৰণৰ মগজু হৈছে আইএছআই। প্ৰতিবেদনখনত দাবী কৰা হৈছিল যে ঘটনাটো অতি সুপৰিকল্পিত কৰাৰ চেষ্টা কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত আৰু কোৱা হৈছে, "২৬/১১ ৰ উগ্ৰপন্থী আক্ৰমণৰ পৰিকল্পনা, সম্পাদনা আৰু পাকিস্তানৰ পৰাই হৈছিল। উল্লেখ্য যে, ২০০৮ চনৰ মুম্বাই বিস্ফোৰণৰ কেঁচা ঘা টুকুৰা ভাৰতীয়সকলে এতিয়াও পাহৰিব পৰা নাই। ঘটনাটোৰ মূল মাষ্টাৰ মাইণ্ড আজমল কাছবক ফাঁচী দিয়াৰ বাহিৰে ঘটনাটোৰ সৈতে জড়িত আন অভিযুক্তসকল বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক