--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অতুলনীয় ঐক্য আৰু দৃঢ়তাৰ নিদৰ্শন দাঙি ধৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বৰ চৰকাৰক নমনীয় হ’বলৈ বাধ্য কৰি তুলিলে দেশৰ কৃষক সমাজে। কৃষকৰ নিৰন্তৰ হেঁচা আৰু প্ৰতিবাদৰ ওচৰত সেও মানি কেন্দ্ৰীয় চৰকাৰে বাতিল তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিবলৈ বাধ্য হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি এই আইন তিনিখন বাতিল কৰাৰ কথা ঘোষণা কৰিলে। তাৰ পাছত মোদী কেবিনেটেও আইন বাতিলৰ সিদ্ধান্তত অনুমোদন জনালে। এতিয়া অহা সোমবাৰে এই আইন বাতিলৰ প্ৰস্তাৱ সংসদত উত্থাপন হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পাছতে হয়তো আইনখন আনুষ্ঠানিকভাৱে বাতিল কৰা হ’ব। কিন্তু কথা হৈছে চৰকাৰৰ এই ঘোষণাৰ পাছতো কিন্তু প্ৰতিবাদী কৃষকসকল ক্ষান্ত হোৱা নাই।

আইন বাতিলৰ ঘোষণা শুনি তেওঁলোক আনন্দত আত্মহাৰা হৈ নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাই। বৰং অধিক দৃঢ়তাৰে নিজৰ লক্ষ্য পূৰণৰ বাবে অবিচল সংগ্ৰাম অব্যাহত ৰাখিছে। কৃষকৰ প্ৰতিবাদস্থলীবোৰত শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে বিদ্ৰোহী কৃষকৰ ভিৰ। নতুনকৈ শ শ কৃষক চামিল হৈছে, গাজীপুৰ, টিক্ৰি, সিংঘু সীমান্তত। কেৱল এয়াই নহয় ২৯ নৱেম্বৰত কৃষকসকলে সংসদলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰো সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। সোমবাৰে ৬০খন ট্ৰেক্টৰ আৰু সহস্ৰাধিক কৃষকে এই সংসদ মাৰ্চ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি প্ৰকাশ কৰিছে এই আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা ৰাকেশ টিকাইটে। কৃষকসকলৰ এই অবিচল দৃঢ়তা আৰু চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি বিশ্বাসহীনতাই ভালেমান প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে।


এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছতো কিহৰ বাবে কৃষকসকল পতিয়ন যোৱা নাই। দেশৰ জনগণৰ কাষত চৰকাৰ বা প্ৰধানমন্ত্ৰীৰ বিশ্বাসযোগ্যতা এতিয়া শূন্য নেকি? এই প্ৰশ্নৰ উত্তৰত পোনপটীয়াকৈ ক’ব পাৰি যে, হয় প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। বাৰে বাৰে একনায়কত্ববাদী মানসিকতাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোদী যেন এতিয়া কাৰো ওচৰতে বিশ্বাসযোগ্য হৈ থকা নাই। বিমুদ্ৰাকৰণ, জিএছটি, নাগৰিকত্ব সংশোধনী আইন, দেশজুৰি এনআৰচি বলৱৎ কৰা আৰু শেহতীয়া এই কৃষি আইন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ একপক্ষীয় আৰু সিদ্ধান্তই দেশত কেনে অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এনে বিতৰ্কিত আৰু সময়ত ভুল বুলি প্ৰতিপন্ন হোৱা সিদ্ধান্ত তথা বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে ‘হেডলাইন মেনেজমেণ্ট’ত ব্যস্ত থকা প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বাসযোগ্যতা আৰু ভৰসাযোগ্যতা যেন শূন্য হৈ পৰিছে। প্ৰতিবাদী কৃষকসলকে সেইবাবে মোদীৰ ঘোষণাৰ পাছতো নিজৰ স্থিতিৰ পৰা সামান্যতমো বিচলিত হোৱা নাই বৰং অধিক দৃঢ়তাৰে তেওঁলোকৰ স্থিতিত অটল হৈ ৰৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলক আহ্বান জনাইছে যে, এতিয়া আৰু প্ৰতিবাদ কৰি থকাৰ কোনো যুক্তি নাই, যিহেতু আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোক ঘৰলৈ উভতি যাওক। কিন্তু প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ স্থিতিৰ পৰা সামান্যতমো বিচলিত নহৈ চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ মুখতে যেন ছাই সানি দিছে। আনকি এই সন্দেহো কৰা হৈছে যে, চৰকাৰে পঞ্জাব, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে এই সিদ্ধান্ত লৈছে। এখন নিৰ্বাচিত চৰকাৰ এনে সন্দেহৰ পাত্ৰ হৈ পৰাটো নিসন্দহে চৰকাৰখনৰ ব্যৰ্থতাৰে এক সূচক চিহ্নিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক