--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 

মোদী চৰকাৰে ভাৰতৰ মানুহক অচ্ছে দিনৰ সপোন দেখুৱাইছিল যদিও ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে নিৱনুৱা সমস্যা৷ ইয়াৰ মাজতে বিহাৰ চৰকাৰে দেখুৱাই বিহাৰৰ জনতাক এক নতুন সপোন৷ আজি নীতিশ কুমাৰৰ মন্ত্ৰীসভা বিস্তাৰ কৰাৰ পূৰ্বে এই কথা ঘোষণা কৰা হয়৷ 

নীতিশ কুমাৰে প্ৰায় ২০ লাখ চাকৰি প্ৰদানৰ আশ্বাস দিয়ে বিহাৰৰ জনতাক৷ চৰকাৰী আৰু বেচৰকাৰী দুয়োটা ক্ষেত্ৰতে ৰোজগাৰৰ ব্যৱস্থা কৰা হ’ব বুলি নীতিশ কুমাৰে ঘোষণা কৰে৷ আনফালে , ২০২০ চনৰ নিৰ্বাচনত তেজস্বী যাদৱেও দহ লাখ চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল বিহাৰবাসীক৷

সমান্তৰালভাৱে, মহাযোঁট চৰকাৰখনত আৰজেডি-জেডিইউ-কংগ্ৰেছ আৰু আন দলৰ মন্ত্ৰীৰ সংখ্যাক লৈ যথেষ্ট খেলি-মেলিৰ সৃষ্টি হৈছে৷ 
সুত্ৰ অনুসৰি , ১৬ জন মন্ত্ৰী আৰজেডি আৰু ২জন কংগ্ৰেছৰ , ১৩ জন মন্ত্ৰী জেডিইউৰ পৰা হোৱাৰ সম্ভাৱনা আছে৷ 

জানিব পৰা মতে , আৰজেডিৰ দলৰ পৰা এই বাৰৰ  বিধানসভাৰ অধক্ষ্য নিৰ্বাচন কৰা হ’ব। পূৰ্বৰ বিধানসভাৰ অধক্ষ্য বিজয় কুমাৰ সিনহায়ে চৰকাৰ সলনি হোৱাৰ পিছতো ইস্তফা পত্ৰ দাখিল কৰিবলৈ অমান্তি হৈছিল৷ তেতিয়া মহাযোঁটে তেওঁৰ বিৰুদ্ধে অবিশ্বাসৰ প্ৰস্তাৱ দাখিল কৰিছিল৷ 

সূত্ৰ অনুসৰি জেডিইউ দলৰ বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদব, অশোক চৌধুৰী, শ্ৰৱণ কুমাৰ, সঞ্জয় কুমাৰ , সঞ্জয় কুমাৰ ঝা, সুনীল কুমাৰ, জয়ন্ত ৰাজ আদি নেতা মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে৷নিৰ্দলীয় সুমিত কুমাৰ সিংহ আৰু জীনতৰাম মাঝিৰ দলৰ সন্তোষ কুমাৰ সুমনকো মন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হ’ব ৷ 

উল্লেখযোগ্য যে , এন ডি এৰ পৰা বিভাজন হোৱাৰ পিছত অষ্টমবাৰলৈ নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব৷ লগতে তেজস্বী যাদৱ দ্বিতীয়বাৰলৈ উপ মুখ্যমন্ত্ৰী হ’ব৷ এই মহাযোঁট বন্ধনত প্ৰায় সাতটা দল সংযোজিত হৈ আছে৷ লগতে মন্ত্ৰীসভাত ৩১ জন মন্ত্ৰী অন্তৰ্ভূক্ত কৰা হ’ব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ