--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 

মোদী চৰকাৰে ভাৰতৰ মানুহক অচ্ছে দিনৰ সপোন দেখুৱাইছিল যদিও ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে নিৱনুৱা সমস্যা৷ ইয়াৰ মাজতে বিহাৰ চৰকাৰে দেখুৱাই বিহাৰৰ জনতাক এক নতুন সপোন৷ আজি নীতিশ কুমাৰৰ মন্ত্ৰীসভা বিস্তাৰ কৰাৰ পূৰ্বে এই কথা ঘোষণা কৰা হয়৷ 

নীতিশ কুমাৰে প্ৰায় ২০ লাখ চাকৰি প্ৰদানৰ আশ্বাস দিয়ে বিহাৰৰ জনতাক৷ চৰকাৰী আৰু বেচৰকাৰী দুয়োটা ক্ষেত্ৰতে ৰোজগাৰৰ ব্যৱস্থা কৰা হ’ব বুলি নীতিশ কুমাৰে ঘোষণা কৰে৷ আনফালে , ২০২০ চনৰ নিৰ্বাচনত তেজস্বী যাদৱেও দহ লাখ চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰিছিল বিহাৰবাসীক৷

সমান্তৰালভাৱে, মহাযোঁট চৰকাৰখনত আৰজেডি-জেডিইউ-কংগ্ৰেছ আৰু আন দলৰ মন্ত্ৰীৰ সংখ্যাক লৈ যথেষ্ট খেলি-মেলিৰ সৃষ্টি হৈছে৷ 
সুত্ৰ অনুসৰি , ১৬ জন মন্ত্ৰী আৰজেডি আৰু ২জন কংগ্ৰেছৰ , ১৩ জন মন্ত্ৰী জেডিইউৰ পৰা হোৱাৰ সম্ভাৱনা আছে৷ 

জানিব পৰা মতে , আৰজেডিৰ দলৰ পৰা এই বাৰৰ  বিধানসভাৰ অধক্ষ্য নিৰ্বাচন কৰা হ’ব। পূৰ্বৰ বিধানসভাৰ অধক্ষ্য বিজয় কুমাৰ সিনহায়ে চৰকাৰ সলনি হোৱাৰ পিছতো ইস্তফা পত্ৰ দাখিল কৰিবলৈ অমান্তি হৈছিল৷ তেতিয়া মহাযোঁটে তেওঁৰ বিৰুদ্ধে অবিশ্বাসৰ প্ৰস্তাৱ দাখিল কৰিছিল৷ 

সূত্ৰ অনুসৰি জেডিইউ দলৰ বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদব, অশোক চৌধুৰী, শ্ৰৱণ কুমাৰ, সঞ্জয় কুমাৰ , সঞ্জয় কুমাৰ ঝা, সুনীল কুমাৰ, জয়ন্ত ৰাজ আদি নেতা মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে৷নিৰ্দলীয় সুমিত কুমাৰ সিংহ আৰু জীনতৰাম মাঝিৰ দলৰ সন্তোষ কুমাৰ সুমনকো মন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হ’ব ৷ 

উল্লেখযোগ্য যে , এন ডি এৰ পৰা বিভাজন হোৱাৰ পিছত অষ্টমবাৰলৈ নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব৷ লগতে তেজস্বী যাদৱ দ্বিতীয়বাৰলৈ উপ মুখ্যমন্ত্ৰী হ’ব৷ এই মহাযোঁট বন্ধনত প্ৰায় সাতটা দল সংযোজিত হৈ আছে৷ লগতে মন্ত্ৰীসভাত ৩১ জন মন্ত্ৰী অন্তৰ্ভূক্ত কৰা হ’ব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু