--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিউ বেলেঞ্চ, এডিডাছ, লুই ভিটন, নাইকৰ দৰে বিভিন্ন জনপ্ৰিয় জোতা ব্ৰেণ্ডৰ ‘প্ৰথম কপি’ অতি ৰেহাই মূল্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱা এটা ৱেবছাইট ব্লক কৰাৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ নবীন চাওলাই এটা আদেশত তিনিটা মোবাইল নম্বৰৰ সবিশেষ দিয়ে।

আৰু লগতে কেৱাইচিৰ নথি-পত্ৰও বিচাৰিছিল যাৰ জৰিয়তে ৱেবছাইট ‘www.myshoeshop.in’-এ সামগ্ৰীসমূহ আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছিল। তদুপৰি আদালতে ৱেবছাইটটোৰ ইনষ্টাগ্ৰাম পেজটো স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ মালিকৰ সবিশেষ বিচাৰিছে।

ভাৰতকে ধৰি ১২০খনতকৈও অধিক দেশত উপস্থিত থাকি ১৯০৬ চনৰ পৰা জোতা ব্যৱসায়ত জড়িত আমেৰিকাৰ নিৰ্মাতা কোম্পানী নিউ বেলেঞ্চ এথলেটিকছ ইনকৰ্পৰেশ্যনে দাখিল কৰা বাণিজ্যিক গোচৰৰ ভিত্তিত এই নিৰ্দেশ গৃহীত কৰা হৈছে। এই গোচৰত নিউ বেলেঞ্চে অশোক কুমাৰ ট্ৰেডিঙে নিজৰ জোতা আৰু অন্যান্য সুপৰিচিত ব্ৰেণ্ডৰ জাল সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে। আদালতে লক্ষ্য কৰিলে যে নিউ বেলেন্সে নিষেধাজ্ঞা প্ৰদানৰ বাবে প্ৰাইমা ফেচি কেছ কৰিছে আৰু সুবিধাৰ ভাৰসাম্যও ইয়াৰ পক্ষত আছে। ‘১ নং প্ৰতিবাদকাৰীয়ে নিজৰ ৱেব পৰ্টেলৰ সৈতে চলি থকাত বিজ্ঞাপন অন্তৱৰ্তীকালীন আদেশৰ দ্বাৰা নিষিদ্ধ নকৰিলে বাদীজনৰ আৰু লগতে গ্ৰাহকৰ এক অপূৰণীয় ক্ষতি হ’ব বুলি ইয়াত কোৱা হৈছে।

আদালতে স্পষ্টভাৱে কয় যে  যে প্ৰতিবাদকাৰীয়ে কেৱল নিউ বেলেঞ্চেই নহয়, অন্যান্য সুপৰিচিত ব্ৰেণ্ডৰ ট্ৰেডমাৰ্ক অধিকাৰো উলংঘা কৰিছে। আদালতে চমন জাৰি কৰাৰ সময়তে প্ৰতিবাদীক ৩০ দিনৰ ভিতৰত লিখিত বিবৃতি দাখিল কৰিবলৈ কয়। ৯ নৱেম্বৰত আদালতত শুনানি গ্ৰহণ কৰা হ’ব।

নিউ বেলেঞ্চে  পূৰ্বে আদালতক জনাইছিল যে তেওঁলোকে ১৯৭০ চনত প্ৰথমবাৰৰ বাবে জোতাত ‘এন’ আখৰ ব্যৱহাৰ কৰিছিল আৰু ১৯৭০ চনতো জোতাত ট্ৰেডমাৰ্ক হিচাপে ‘এনবি’ সংমিশ্ৰণ ব্যৱহাৰ আৰম্ভ হৈছিল। আদালতক জনোৱা হৈছিল যে প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে ভাৰতত সহযোগী কোম্পানী ক্ৰমে নিউ বেলেন্স আই টি চাৰ্ভিচেছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু নিউ বেলেন্স ইণ্ডিয়া প্ৰাইভেট লিমিটেড অন্তৰ্ভুক্ত কৰিছে। নিউ বেলেন্সে এটা বৃহৎ ভাৰতীয় দলৰ সৈতেও ফ্ৰেঞ্চাইজি চুক্তি কৰিছে আৰু ইয়াৰ ষ্ট’ৰসমূহ ভাৰতৰ বিভিন্ন স্থানত চলি আছে বুলি আৰু উপস্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ