--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাকেশ টিকাইট আৰু এক বিদ্ৰোহ। বিশ্বৰ দৃষ্টি নিবদ্ধ হোৱা ভাৰতৰ সৰ্বাত্মক এক কৃষক বিদ্ৰোহ৷ যি বিদ্ৰোহৰ অগ্নিশিখাই ভেটি কঁপাই তুলিলে শাসনাধীষ্ঠ বিজেপিৰ৷ যাৰ ফলত আসন্ন উত্তৰ প্ৰদেশ, পঞ্জাব বিধানসভা নিৰ্বাচনত পৰাজয়ৰ শংকাত বাতিল কৰিবলৈ বাধ্য হ’ল কৃষি আইন তিনিখন৷ সংসদত কৃষি আইন তিনিখন প্ৰত্যাহাৰৰ বাবে বিধেয়ক গৃহীত হোৱাৰ পাছতো কৃষক আন্দোলনৰ গুৰি ধৰোঁতা ৰাকেশ টিকাইটে মন্তব্য কৰিছে যে কৃষক আন্দোলনত অংশ লোৱা কৃষকসকলৰ ওপৰত জাপি দিয়া সকলো গোচৰ প্ৰত্যাহাৰ নকৰাপৰ্যন্ত এই আন্দোলন বন্ধ নকৰে ভাৰতীয় কিষাণ ইউনিয়নে৷

ৰাকেশ টিকাইটৰ দৃঢ় মত আৰু স্থিতিয়ে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী প্ৰতিগৰাকী নাগৰিককে মুগ্ধ কৰিছে৷ এক প্ৰাণান্তক সংগ্ৰামৰ সফল পৰিসমাপ্তি। দেশৰ হাজাৰ হাজাৰ কৃষক অবিচল দৃঢ়তাৰে দেশক দেখুৱাই দিলে প্ৰতিবাদৰ নতুন উত্তাপ। সকলো সিদ্ধান্ত আৰু নীতি ক্ষেত্ৰত অনমনীয়তা প্ৰদৰ্শন কৰি অহা কেন্দ্ৰীয় চৰকাৰ এইবাৰ নমনীয় হ’বলৈ বাধ্য হ’ল দেশৰ অন্নদাতা ৰ ওচৰত।

তেওঁলোকৰ প্ৰতিবাদৰ অনল শিখাই যেন নাশ কৰিলে চৰকাৰৰ সকলো অহংকাৰ। এই আন্দোলনৰ নেতৃত্ব বহন কৰা ৰাকেশ টিকাইটলৈ ভাৰতীয় কৃষক সংঘৰ মুখপাত্ৰ তথা কৃষক নেতা ৰাকেশ টিকাইতক লণ্ডনত একবিংশ শতিকাৰ আইকন বঁটা ২০২১ ৰে সন্মানিত কৰা হৈছে। কোম্পানীটোৰ কাৰ্যবাহী সঞ্চালকজনে গাজীপুৰ সীমান্তত টিকাইতক এই বঁটা প্ৰদান কৰে। এক সংবাদ মাধ্যমে জনোৱা অনুসৰি টিকাইট প্ৰতিবাদৰ কিছু কামত ব্যস্ত থকা বাবে লণ্ডনলৈ বঁটা গ্ৰহণ কৰিব যাব নোৱাৰে যাৰ বাবে ভাৰততে তেওঁক এই বঁটা প্ৰদান কৰা হ’ল৷


ৰাকেশ টিকাইট এতিয়া যেন সচাকৈয়ে ৰিয়েল লাইফৰ এক আইকন হৈ পৰিছে৷ দেশৰ নাগৰিকে এই কৃষক নেতাজনক অনুসৰণ কৰে, তেওঁক লৈ চৰ্চা কৰে৷ এইবাৰ কৃষক নেতাজনে কেৱল কৃষক আন্দোলনত জয়ী হৈয়ে ক্ষান্ত হৈ থকা নাই, তেওঁ এতিয়া দেশৰ সকলো চৰকাৰৰ জনগণ বিৰোধী কাৰ্যকলাপত মাত মাতিব বিছাৰিছে৷ চৰকাৰৰ শোষণ, বঞ্চনা বলি হোৱা নিঃকিন কৃষকসকলৰ পক্ষে মাত মাতিবলৈ তেওঁ সংকল্প লৈছে৷ শেহতীয়াকৈ তেওঁক অসমলৈ আনিবৰ বাবেও গুনা-গঁথা কৰিছে ৰাজ্যৰ একাংশ কৃষক সংগঠনে৷ অসমত তেওঁৰ উপস্থিতিত এক বিজয় ৰেলী পৰিকল্পনা কৰিছে কৃষক সংগঠনে৷ অতি সোনকালে এই সকলো কথা ৰাজহুৱা কৰিব ৰাজ্যৰ জাতিয়তাবাদী শিবিৰৰ একাংশ সংগঠনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত