--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাকেশ টিকাইট আৰু এক বিদ্ৰোহ। বিশ্বৰ দৃষ্টি নিবদ্ধ হোৱা ভাৰতৰ সৰ্বাত্মক এক কৃষক বিদ্ৰোহ৷ যি বিদ্ৰোহৰ অগ্নিশিখাই ভেটি কঁপাই তুলিলে শাসনাধীষ্ঠ বিজেপিৰ৷ যাৰ ফলত আসন্ন উত্তৰ প্ৰদেশ, পঞ্জাব বিধানসভা নিৰ্বাচনত পৰাজয়ৰ শংকাত বাতিল কৰিবলৈ বাধ্য হ’ল কৃষি আইন তিনিখন৷ সংসদত কৃষি আইন তিনিখন প্ৰত্যাহাৰৰ বাবে বিধেয়ক গৃহীত হোৱাৰ পাছতো কৃষক আন্দোলনৰ গুৰি ধৰোঁতা ৰাকেশ টিকাইটে মন্তব্য কৰিছে যে কৃষক আন্দোলনত অংশ লোৱা কৃষকসকলৰ ওপৰত জাপি দিয়া সকলো গোচৰ প্ৰত্যাহাৰ নকৰাপৰ্যন্ত এই আন্দোলন বন্ধ নকৰে ভাৰতীয় কিষাণ ইউনিয়নে৷

ৰাকেশ টিকাইটৰ দৃঢ় মত আৰু স্থিতিয়ে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী প্ৰতিগৰাকী নাগৰিককে মুগ্ধ কৰিছে৷ এক প্ৰাণান্তক সংগ্ৰামৰ সফল পৰিসমাপ্তি। দেশৰ হাজাৰ হাজাৰ কৃষক অবিচল দৃঢ়তাৰে দেশক দেখুৱাই দিলে প্ৰতিবাদৰ নতুন উত্তাপ। সকলো সিদ্ধান্ত আৰু নীতি ক্ষেত্ৰত অনমনীয়তা প্ৰদৰ্শন কৰি অহা কেন্দ্ৰীয় চৰকাৰ এইবাৰ নমনীয় হ’বলৈ বাধ্য হ’ল দেশৰ অন্নদাতা ৰ ওচৰত।

তেওঁলোকৰ প্ৰতিবাদৰ অনল শিখাই যেন নাশ কৰিলে চৰকাৰৰ সকলো অহংকাৰ। এই আন্দোলনৰ নেতৃত্ব বহন কৰা ৰাকেশ টিকাইটলৈ ভাৰতীয় কৃষক সংঘৰ মুখপাত্ৰ তথা কৃষক নেতা ৰাকেশ টিকাইতক লণ্ডনত একবিংশ শতিকাৰ আইকন বঁটা ২০২১ ৰে সন্মানিত কৰা হৈছে। কোম্পানীটোৰ কাৰ্যবাহী সঞ্চালকজনে গাজীপুৰ সীমান্তত টিকাইতক এই বঁটা প্ৰদান কৰে। এক সংবাদ মাধ্যমে জনোৱা অনুসৰি টিকাইট প্ৰতিবাদৰ কিছু কামত ব্যস্ত থকা বাবে লণ্ডনলৈ বঁটা গ্ৰহণ কৰিব যাব নোৱাৰে যাৰ বাবে ভাৰততে তেওঁক এই বঁটা প্ৰদান কৰা হ’ল৷


ৰাকেশ টিকাইট এতিয়া যেন সচাকৈয়ে ৰিয়েল লাইফৰ এক আইকন হৈ পৰিছে৷ দেশৰ নাগৰিকে এই কৃষক নেতাজনক অনুসৰণ কৰে, তেওঁক লৈ চৰ্চা কৰে৷ এইবাৰ কৃষক নেতাজনে কেৱল কৃষক আন্দোলনত জয়ী হৈয়ে ক্ষান্ত হৈ থকা নাই, তেওঁ এতিয়া দেশৰ সকলো চৰকাৰৰ জনগণ বিৰোধী কাৰ্যকলাপত মাত মাতিব বিছাৰিছে৷ চৰকাৰৰ শোষণ, বঞ্চনা বলি হোৱা নিঃকিন কৃষকসকলৰ পক্ষে মাত মাতিবলৈ তেওঁ সংকল্প লৈছে৷ শেহতীয়াকৈ তেওঁক অসমলৈ আনিবৰ বাবেও গুনা-গঁথা কৰিছে ৰাজ্যৰ একাংশ কৃষক সংগঠনে৷ অসমত তেওঁৰ উপস্থিতিত এক বিজয় ৰেলী পৰিকল্পনা কৰিছে কৃষক সংগঠনে৷ অতি সোনকালে এই সকলো কথা ৰাজহুৱা কৰিব ৰাজ্যৰ জাতিয়তাবাদী শিবিৰৰ একাংশ সংগঠনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?