--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিৰ নতুন চেহেৰা হোৱাৰ মমতা বেনাৰ্জীৰ স্বপ্নপূৰণ বৰ সহজ নহ’ব পাৰে। দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিয়ে এই কথাৰে ইংগিত দিয়া দেখা গৈছে। বংগত বিজেপিৰ বিশাল বাহিনীৰ প্ৰতিহত কৰাৰ পাছত স্বাভাৱিকতে মমতা বেনাৰ্জীৰ ওপৰত দেশৰ দৃষ্টি নিবদ্ধ হৈছিল। মোদী-শ্বাহ বাহিনীৰ আগ্ৰাসনৰ বিৰুদ্ধে মমতাৰ পৰাক্ৰমী প্ৰতিৰোধে স্বাভাৱিকতে বিজেপিবিৰোধী শক্তিক মোহিত কৰিছিল। সেই সাফল্যৰ সুবাদতে মমতা বেনাৰ্জীয়ে আৰম্ভ কৰিছিল সমগ্ৰ দেশতে নিজৰ আধিপত্য বিস্তাৰ কুচকাৱাজ।

বংগৰ চাৰিবেৰ পাৰ হৈ মমতাই তৃণমূলৰ পৰিসীমা বিস্তৃত কৰাৰ চেষ্টা আৰম্ভ কৰিছিল দেশৰ আন আন ৰাজ্যলৈ। প্ৰথমে ত্ৰিপুৰা, তাৰপাছত অসম, তাৰ পাছত গোৱা, মেঘালয় এনেকৈয়ে মমতাৰ সম্প্ৰসাৰণবাদী যাত্ৰা। পিছে এই যাত্ৰা মমতাৰ বাবে যে বৰ সুগম নহ’ব সেয়া স্পষ্ট হৈ পৰিছে। বিগত সময়ছোৱাত মমতা বেনাৰ্জী তেওঁৰ এই সম্প্ৰসাৰণবাদী যাত্ৰাত লাভ কৰা সাফল্যৰ ভিতৰত আছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ কেইবাগৰাকীও কংগ্ৰেছ বিধায়কক নিজৰ দলত যোগদান কৰোঁৱা, অসমত কংগ্ৰেছৰ গুৰুত্বুপূৰ্ণ নেত্ৰী সুস্মিতা দেবক লৈ নিজৰ প্ৰভাৱ বিস্তাৰৰ চেষ্টা কৰা তথা গোৱাত ভালেমান কংগ্ৰেছ নেতাক নিজৰ দললৈ অনা। দেশজুৰি স্থিতি থৰক-বৰক হৈ পৰা কংগ্ৰেছ দলৰ পৰা হতাশগ্ৰস্ত ভালেমান নেতাই স্বাভাৱিকতে তৃণমূলৰ ফালে আকৰ্ষিত হৈছে। তেওঁলোকৰ বাবে কংগ্ৰেছতকৈ মমতাৰ নেতৃত্ব অধিক নিৰাপদ যেন বোধ হৈছে। কিন্তু কথা হ’ল এইসকল নেতাক লৈ মমতাৰ গাড়ী কিমানদূৰ চলিব?


মমতাই তেওঁক কংগ্ৰেছৰ বিকল্প হিচাপে দেশৰ ৰাজনীতিত প্ৰক্ষেপ কৰাৰ চেষ্টা কৰিছে। কিন্তু সেয়া কিমান সহজসাধ্য প্ৰক্ৰিয়া হ’ব সেয়া সময়েহে ক’ব। এতিয়ালৈ কিন্তু সেয়া সহজসাধ্য নহ’বই যেন ধাৰণা হয়। কাৰণ দেশজোৰা বিস্তৃতি থকা কংগ্ৰেছ দলক ওফৰাই মমতাই সেই স্থান পূৰণ কৰাৰ বাবে হয়তো বহুত সময়ৰ প্ৰয়োজন হ’ব। স্বয়ং বিজেপি দলেই কংগ্ৰেছমুক্ত ভাৰতৰ সংকল্প গ্ৰহণ কৰি মুখথেকেচা খাইছিল। বিগত সময়ছোৱাত ইউপিএক অগ্ৰাহ্য কৰি নতুন বিৰোধী জোঁট গঠনৰ ইংগিত দিছিল মমতাই। কিন্তু তেওঁ যি দুটা দলক মূল সহযোগী হিচাপে লৈ এই যাত্ৰা আৰম্ভ কৰিব খুজিছিল তেওঁলোকে মমতাৰ আহ্বানক পৰোক্ষভাৱে অগ্ৰাহ্য কৰা বুলিয়েই ক’ব পাৰি।

মমতাই কংগ্ৰেছক উপেক্ষা কৰি শাৰদ পাৱাৰৰ এনচিপি আৰু উদ্ধৱ থাকৰেৰ শিৱসেনাৰ সৈতে নতুন জোঁটৰ কথা পাতিছিল যদিও অতি অভিজ্ঞ শাৰদ পাৱাৰে মমতাৰ এই আহ্বানত নিজকে উটি-ভাহি যাবলৈ দিয়া নাই। ইফালে শিৱসেনায়ো কংগ্ৰেছৰ ওচৰ চপাৰে ইংগিত দিছে। মন কৰিবলগীয়া যে, তিনিওটা দলে মিত্ৰতাৰ জৰিয়তে মহাৰাষ্ট্ৰত চৰকাৰো চলাই আছে। গতিকে মমতা এইক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনা ক্ষীণ। তদুপৰি ব্যাপক বিস্তৃত কংগ্ৰেছক ত্যাগ কৰি এটা বিকল্প মিত্ৰজোঁট গঢ়ি তোলাটো সম্ভৱ হ’ব নে নাই সেয়া এক বৃহৎ প্ৰশ্নবোধক হৈ ৰৈছে। মন কৰিবলগীয়া যে, মমতা বেনাৰ্জীৰ তৃণমূলে ব্যাপক শক্তি প্ৰয়োগৰ পাছতো ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত ব্যৰ্থ হোৱা দেখা গৈছে। ই মমতাকেন্দ্ৰিক শক্তিটোক হতোদ্যম কৰি তুলিব পাৰে। এতিয়া গোৱা নিৰ্বাচনত মমতাই পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হোৱাৰ চেষ্টা কৰিছে ঠিকেই কিন্ত তাত ব্যৰ্থ হ’লে মমতাৰ অংকত আউল লাগিব পাৰে। এতিয়া মমতাৰ কাৰণে সকাহৰ কথা এটাই যে, কংগ্ৰেছৰ সংগ ত্যাগ কৰি অখিলেশ যাদৱৰ দৰে নেতাই মমতাৰ কাষ চপাৰ ইংগিত দিছে। কিন্তু উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ফলাফলৰ ওপৰত এই আগ্ৰহে কি গতি লাভ কৰে তাৰ ভালেখিনি নিৰ্ভৰ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য
Advertisement