--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকংগনা ৰাণাৱটৰ গালতকৈও বেছি মসৃণ ৰাস্তা বনাম’-এনে মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰিল এজন কংগ্ৰেছ বিধায়ক। বিধায়কজন ঝাৰখণ্ডৰ। তেওঁৰ নাম ড০ ইৰফান আনছাৰী। ইৰফান আনছাৰীয়ে নিজ বিধানসভা সমষ্টিটোৰ ১৪ টাকৈ নতুন পথ নিৰ্মাণৰ কথা কোৱাৰ সময়ত তেওঁ দাবী কৰে যে সেই ৰাস্তাবোৰ কংগনাৰ গালতকৈও মসৃণ হ’ব। স্বাভাৱিকতে তেওঁৰ মন্তব্যক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে। নেতাজনে এনেদৰে মন্তব্য কৰা এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঝাৰখণ্ডৰ জামতাড়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ ইৰফান আনছাৰীয়ে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেওঁ কৈছিল-‘‘মই আপোনালোকক কথা দিছোঁ যে জামতাড়াৰ ৰাস্তাসমূহ অভিনেত্রী কংগনা ৰাণাৱটৰ গালতকৈও মসৃণ হৈ উঠিব। ১৪টা ৰাস্তাৰ কাম শীঘ্ৰে আৰম্ভ হ’ব।’’ এনেদৰে কৈ বিতৰ্কৰ মাজত সোমাই পৰাৰ পাছত বিধায়কগৰাকীয়ে কয় যে ‘‘মুখ্যমন্ত্ৰীয়ে মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। মই সুন্দৰকৈ পথ নিৰ্মাণ কৰিম। জামতাড়াত এনে পথ থাকিব য'ত মানুহে ধূলিৰ সন্মুখীন নহ’ব আৰু গাঁতৰ সন্মুখীন হ'ব নালাগে। এই ৰাস্তাবোৰ সোনকালেই নিৰ্মাণ কৰা হ'ব।" সুন্দৰ পথ নিৰ্মাণ কৰাৰ কথা কওঁতে মোৰ জিভা পিছলি গৈছিল, সেয়েহে মই তেনেকৈ কৈছিলো।’’ লগতে বিজেপিক আক্ৰমণ কৰি বিধায়ক আনছাৰীয়ে কয়, "ঝাৰখণ্ড ৰাজ্য গঠনৰ পাছতেই বিজেপিয়ে শাসন কৰিছিল। কিন্তু বিজে্পিয়ে মানুহৰ মৌলিক সমস্যাবোৰ সমাধান কৰিব নোৱাৰিলে। মানুহে ৰাস্তাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়। কেৱল ৰাজহুৱা ধন লুণ্ঠন কৰাৰ ক্ষেত্ৰত বিজেপি শীৰ্ষস্থানত আছে। আমি প্ৰতিশ্ৰুতি দিছিলো যে যদি আমাৰ চৰকাৰ গঠন কৰা হয়, তেন্তে আমি জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে পথ নিৰ্মাণ কৰিম। আমাৰ চৰকাৰ গঠন কৰা হৈছিল আৰু এই ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক সুধি জামতাড়াৰ বাবে ১৪ টা গুৰুত্বপূৰ্ণ পথ অনুমোদন কৰা হৈছে। এই ৰাস্তাবোৰ সোনকালেই আপোনালোকে দেখা পাব।" উল্লেখ্য যে ৰাস্তাক অভিনেত্ৰীৰ গালৰ সৈতে তুলনা কৰা ঘটনা এয়াই প্ৰথম নহয়। ইৰফান আনছাৰীৰ পূৰ্বে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ২০০৫ চনত ৰাস্তাৰ বেয়া অৱস্থা দেখি অভিনেত্ৰী হেমা মালিনীৰ গালৰ দৰে পথ নিৰ্মাণ কৰি দেখুৱাম বুলি দাবী কৰিছিল। ২০২১ চনৰ নৱেম্বৰত ৰাজস্থানৰ নৱনিযুক্ত মন্ত্ৰী ৰাজেন্দ্ৰ সিং গুধাই ৰাজ্যখনৰ ৰাজপথক কেটৰিনা কাঈফৰ গালৰ সৈতে তুলনা কৰে। যোৱা মাহত মহাৰাষ্ট্ৰৰ মন্ত্ৰী আৰু জ্যেষ্ঠ শিৱসেনা নেতা গোলাবৰাও পাটিলে তেওঁৰ অঞ্চলৰ ৰাস্তাবোৰক হেমা মালিনীৰ গালৰ সৈতে তুলনা কৰিছিল। ৰাজ্যিক মহিলা আয়োগে ইয়াৰ ওপৰত তীব্ৰ আপত্তি কৰিছিল আৰু তাৰপাছত তেওঁ ক্ষমা বিচাৰিব লগা হৈছিল। আৰু পঢ়কঃ সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱৰ বিজেপিত যোগদান

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক