--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে দিনত মাত্ৰ ২ ঘণ্টা শুৱে। কেৱল এয়াই নহয়, দেশখনৰ বাবে সমৰ্পিত প্ৰধানমন্ত্ৰীয়ে টোপনিৰ সময় আৰু কেনেদৰে হ্ৰাস কৰিব পাৰি তাৰ বাবে চেষ্টা কৰি আছে। যাতে দেশৰ বাবে আৰু অধিক সময় নিয়োজিত কৰিব পাৰে। এই দাবী কৰে মহাৰাষ্ট্ৰৰ বিজেপি প্ৰধান চন্দ্ৰকান্ত পাটিলে। ইয়াকে লৈ এতিয়া ভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মহাৰাষ্ট্ৰবিজেপিৰ মুৰব্বী চন্দ্ৰকান্ত পাটিলে অলপতে কোলহাপুৰ উত্তৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীসভাত উপস্থিত আছিল। বিজেপি নেতাজনে তাত কৰ্মীসকলক উৎসাহিত কৰিবলৈ এই কথা কয়। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনশৈলীৰ বিষয়ে উত্থাপন কৰি ক’য় যে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ঘণ্টা সাৰ পাই থকাৰ পৰিকল্পনা কৰিছে। বৰ্তমান প্ৰধানমন্ত্ৰীয়ে দিনত মাত্ৰ দুঘণ্টা শুৱে বুলি তেওঁ দাবী কৰিছে। বিজেপি নেতাজনে লগতে ক’য় যে, প্ৰধানমন্ত্ৰীয়ে ২৪ ঘণ্টা সাৰ পাই থাকি দেশৰ বাবে কাম কৰিব বিচাৰে। বৰ্তমান মোদীয়ে এই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লৈছে বুলি পাটিলে কয়। চন্দ্ৰকান্ত পাটিলৰ মন্তব্য ভাইৰেল হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত এক হুলস্থূলৰ সৃষ্টি হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফিটনেছক লৈও যথেষ্ট সচেতন। তেওঁ সঠিক সময়ত শুয় আৰু নিয়মীয়াকৈ যোগকৰে। ৭১ বছৰ বয়সত, নৰেন্দ্ৰ মোদীয়ে নিজকে সতেজ কৰি ৰাখিছে। তেওঁৰ টোপনিৰ সদায় মজলীয়া হয়। ইয়াৰ পূৰ্বে ২০১২ চনত দেশৰ দায়িত্ব তেওঁৰ কান্ধত অহাৰ আগতেই মোডীয়ে এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত কৈছিল যে তেওঁ দিনে ৪-৫ ঘণ্টাতকৈ অধিক সময় শুবলৈ অনিচ্ছুক। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ