--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে দিনত মাত্ৰ ২ ঘণ্টা শুৱে। কেৱল এয়াই নহয়, দেশখনৰ বাবে সমৰ্পিত প্ৰধানমন্ত্ৰীয়ে টোপনিৰ সময় আৰু কেনেদৰে হ্ৰাস কৰিব পাৰি তাৰ বাবে চেষ্টা কৰি আছে। যাতে দেশৰ বাবে আৰু অধিক সময় নিয়োজিত কৰিব পাৰে। এই দাবী কৰে মহাৰাষ্ট্ৰৰ বিজেপি প্ৰধান চন্দ্ৰকান্ত পাটিলে। ইয়াকে লৈ এতিয়া ভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মহাৰাষ্ট্ৰবিজেপিৰ মুৰব্বী চন্দ্ৰকান্ত পাটিলে অলপতে কোলহাপুৰ উত্তৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীসভাত উপস্থিত আছিল। বিজেপি নেতাজনে তাত কৰ্মীসকলক উৎসাহিত কৰিবলৈ এই কথা কয়। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনশৈলীৰ বিষয়ে উত্থাপন কৰি ক’য় যে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ঘণ্টা সাৰ পাই থকাৰ পৰিকল্পনা কৰিছে। বৰ্তমান প্ৰধানমন্ত্ৰীয়ে দিনত মাত্ৰ দুঘণ্টা শুৱে বুলি তেওঁ দাবী কৰিছে। বিজেপি নেতাজনে লগতে ক’য় যে, প্ৰধানমন্ত্ৰীয়ে ২৪ ঘণ্টা সাৰ পাই থাকি দেশৰ বাবে কাম কৰিব বিচাৰে। বৰ্তমান মোদীয়ে এই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লৈছে বুলি পাটিলে কয়। চন্দ্ৰকান্ত পাটিলৰ মন্তব্য ভাইৰেল হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত এক হুলস্থূলৰ সৃষ্টি হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফিটনেছক লৈও যথেষ্ট সচেতন। তেওঁ সঠিক সময়ত শুয় আৰু নিয়মীয়াকৈ যোগকৰে। ৭১ বছৰ বয়সত, নৰেন্দ্ৰ মোদীয়ে নিজকে সতেজ কৰি ৰাখিছে। তেওঁৰ টোপনিৰ সদায় মজলীয়া হয়। ইয়াৰ পূৰ্বে ২০১২ চনত দেশৰ দায়িত্ব তেওঁৰ কান্ধত অহাৰ আগতেই মোডীয়ে এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত কৈছিল যে তেওঁ দিনে ৪-৫ ঘণ্টাতকৈ অধিক সময় শুবলৈ অনিচ্ছুক। PCA Banner 2022
FOLLOW US F
POPULAR
FEATURE
TRENDY
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে