--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু কিমান? কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰাত যেন এক অঘোষিত প্ৰতিযোগিতাত হে নামিছে। ইটোৰ-পাছত সিটো ৰাজহুৱা খণ্ডক চৰকাৰে বিভিন্ন কৌশলৰে অপৰিকল্পিতভাৱে দেশৰ এচাম উদ্যেগপতিক গতোৱাটোৱেই যেন তেওঁলোকৰ এতিয়া লক্ষ্য হৈ পৰিছে। শেহতীয়াকৈ চৰকাৰে কৌশলগত বিবিনিয়োগৰ জৰিয়তে আইডিবিআই বেংকৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰিছে। আইডিবিআই বেংকত চৰকাৰ আৰু এলআইচিৰ প্ৰায় ৯৫ শতাংশ অংশীদাৰীত্ব আছে। বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে লোকসভাত এই ঘোষণা কৰে। তেওঁ ক’য় যে, এই প্ৰক্ৰিয়াটোত বেংকৰ কৰ্মচাৰী আৰু অংশীদাৰসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে। এতিয়া চৰকাৰে ৰাজহুৱা খণ্ডৰ আইডিবিআই বেংকৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই বেংকত ইয়াৰ অংশ বিক্ৰী কৰিবলৈ বিনিয়োগকাৰীসকলৰ বাবে এক ৰোড-শ্ব' অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। সোমবাৰে লোকসভাত এক প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কিষাণৰাও কাৰাডে এইকথা কৈছিল। চৰকাৰে কৌশলগত বিনিয়োগৰ জৰিয়তে আইডিবিআই বেংকৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰিছে। কাৰাডে ক’য় যে, চৰকাৰে আইডিবিআই বেংকত কৌশলগত বিনিয়োগ কৰিব। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে যোৱা বছৰৰ ৫ মে'ত বেংকৰ ব্যক্তিগতকৰণ আৰু ব্যৱস্থাপনা নিয়ন্ত্ৰণ সলনি কৰিবলৈ অনুমোদন জনাইছিল। চৰকাৰৰ আইডিবিআই বেংকত ৪৫.৪৮ শতাংশ আৰু চৰকাৰী জীৱন বীমাকৰ্তা এল.আই.চি.-ত ৪৯.২৪ শতাংশ অংশীদাৰী ত্বৰান্বিত হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু এলআইচিয়ে কিমান অংশ বিক্ৰী কৰিব সেয়া এতিয়াও জনা হোৱা নাই। যোৱা মাহত, এল.আই.চি.-য়ে কয় যে ই বেঙ্কত কিছু অংশীদাৰী ত্বৰান্বিত কৰিব যাতে ই বেঙ্কৰ জৰিয়তে বীমা আঁচনি বিক্ৰী কৰাৰ সুবিধা ল'ব পাৰে। চৰকাৰে আইপিঅ'ৰ জৰিয়তে এলআইচিৰ ৫ শতাংশ অংশ বিক্ৰী কৰিবলৈও গৈ আছে। ইয়াৰ বাবে, ভাৰতীয় জীৱন বীমা নিগমে (এল.আই.চি.) সোমবাৰে পুনৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ ওচৰত ডি.আৰ.এইচ.পি. দাখিল কৰিছে। বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে লগতে কয় যে, বিনিয়োগকাৰীসকলে যিহেতু এতিয়া আগ্ৰহ প্ৰকাশ কৰিছে, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এতিয়া তেওঁলোকৰ হৈ ৰোড শ্ব' অনুষ্ঠিত কৰিব। এইখিনিতে উল্লেখ কৰিব পাৰি যে, চৰকাৰে বেংক ব্যক্তিগতকৰণৰ বাবে যিমানেই কৌশলী স্থিতি গ্ৰহণ নকৰক কিয়, চৰকাৰৰ যে এইক্ষেত্ৰত বিফল হৈছে তাকেই প্ৰমাণ কৰে। চৰকাৰে এই বেংকসমূহ কিয় নিজৰ হাতত ৰাখিব নোৱাৰে বুলি সৰ্বসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে এই বেংকসমূহ ৰক্ষা কৰিবলৈ কিয় সু-পৰিকল্পিত কাৰ্যব্যৱস্থা হাতত লব নোৱাৰে বুলি এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে, নে চৰকাৰত কোনো দক্ষ অৰ্থনীতিবিদ নাই যাৰ দ্বাৰা এই বেংকসমূহ ৰক্ষা পৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ