--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : একেটা গৃহতেই ৮ জনৰ মৃতদেহ৷ ভয়ংকৰ অগ্নিশিখাই প্ৰাণ কাঢ়িলে ৮জনৰ৷ এই ঘটনাৰ সাক্ষী হ'ল সমগ্ৰ দেশ৷ ঘটনাৰ স্থান পশ্চিমবংগৰ ৰামপুৰহাট৷ এজন নেতাৰ মৃত্যুৰ বাবেই এখন গাঁৱলৈ নামী আহিল অমানিশা৷ শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি সোমবাৰে নিশা বীৰভূমৰ ৰামপুৰহাটৰ বাগুটি গাঁৱৰ এজন উপপ্ৰধান ভাদু শ্বেখ হত্যা বলি হয়৷ যাৰ বাবে ইয়াৰ পৰিণাম হিচাপে কমেও আঠজন লোকক জীৱিত অৱস্থাত জ্বলাই দিয়া হয়। ডিজিপি মনোজ মালৱীয়ৰ ঘটনাৰ সন্দৰ্ভত কয় যে 'ঘটনাটোত আঠজন লোক নিহত হৈছিল। এটা ঘৰৰ পৰা সাতটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আহত তিনিজনৰ ভিতৰত এজনৰ আজি পুৱা চিকিৎসালয়ত মৃত্যু হয়।' উল্লেখ্য যে, বাৰোচাল গাঁৱৰ পঞ্চায়ত কৰ্মকৰ্তা ভাদু শ্বেখক ৰাষ্ট্ৰীয় ঘাইপথ-৬০ৰ এখন দোকানত থাকোতে বোমাৰে আক্ৰমণ কৰা হয়। তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁক মৃত বুলি ঘোষণা কৰা হয়। ভাদু শ্বেখ পঞ্চায়ত প্ৰধানক আছিল৷ অতি কম সময়তেই জনপ্ৰিয়তা লাভ কৰিছিল তেওঁ৷ ঘটনাৰ পাছত জনতাই ভাদু শ্বেখ গাঁৱত বিৰোধীৰ কিছুমান ঘৰত আক্ৰমণ কৰে। আৰক্ষীয়ে এতিয়ালৈকে শ্বেখৰ হত্যাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। অগ্নিনিৰ্বাপক বিষয়াসকলে কৈছিল যে সোমবাৰে নিশা প্ৰায় এক ডজন ঘৰত জুই লগোৱা হৈছিল আৰু যেতিয়া তেওঁলোক নিশা ঘটনাস্থলীত উপস্থিত হৈ দেখিছিল যে তেতিয়ালৈ জুই নিৰ্বাপণ কৰিবলৈ ঘটনাস্থলীত এখনো অগ্নিনিৰ্বাপন গাড়ী উপস্থিত হোৱা নাছিল। এই জুয়ে প্ৰাণকাঢ়ি নিছিল ৮জন লোকৰ৷ এই মৃতদেহকেইটাৰ অৱস্থা ইমান বেয়া হৈছিল যে চিনাক্ত কৰাত আৰক্ষীৰ বাবে বহু কঠিন হৈ পৰিছিল৷ অগ্নিনিৰ্বাপক বিষয়াৰ তথ্য অনুসৰি এটা ঘৰৰ পৰা সাতটা মৃতদেহ বিচাৰি পোৱা গৈছিল। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন