--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : একেটা গৃহতেই ৮ জনৰ মৃতদেহ৷ ভয়ংকৰ অগ্নিশিখাই প্ৰাণ কাঢ়িলে ৮জনৰ৷ এই ঘটনাৰ সাক্ষী হ'ল সমগ্ৰ দেশ৷ ঘটনাৰ স্থান পশ্চিমবংগৰ ৰামপুৰহাট৷ এজন নেতাৰ মৃত্যুৰ বাবেই এখন গাঁৱলৈ নামী আহিল অমানিশা৷ শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি সোমবাৰে নিশা বীৰভূমৰ ৰামপুৰহাটৰ বাগুটি গাঁৱৰ এজন উপপ্ৰধান ভাদু শ্বেখ হত্যা বলি হয়৷ যাৰ বাবে ইয়াৰ পৰিণাম হিচাপে কমেও আঠজন লোকক জীৱিত অৱস্থাত জ্বলাই দিয়া হয়। ডিজিপি মনোজ মালৱীয়ৰ ঘটনাৰ সন্দৰ্ভত কয় যে 'ঘটনাটোত আঠজন লোক নিহত হৈছিল। এটা ঘৰৰ পৰা সাতটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আহত তিনিজনৰ ভিতৰত এজনৰ আজি পুৱা চিকিৎসালয়ত মৃত্যু হয়।' উল্লেখ্য যে, বাৰোচাল গাঁৱৰ পঞ্চায়ত কৰ্মকৰ্তা ভাদু শ্বেখক ৰাষ্ট্ৰীয় ঘাইপথ-৬০ৰ এখন দোকানত থাকোতে বোমাৰে আক্ৰমণ কৰা হয়। তেওঁক এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁক মৃত বুলি ঘোষণা কৰা হয়। ভাদু শ্বেখ পঞ্চায়ত প্ৰধানক আছিল৷ অতি কম সময়তেই জনপ্ৰিয়তা লাভ কৰিছিল তেওঁ৷ ঘটনাৰ পাছত জনতাই ভাদু শ্বেখ গাঁৱত বিৰোধীৰ কিছুমান ঘৰত আক্ৰমণ কৰে। আৰক্ষীয়ে এতিয়ালৈকে শ্বেখৰ হত্যাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। অগ্নিনিৰ্বাপক বিষয়াসকলে কৈছিল যে সোমবাৰে নিশা প্ৰায় এক ডজন ঘৰত জুই লগোৱা হৈছিল আৰু যেতিয়া তেওঁলোক নিশা ঘটনাস্থলীত উপস্থিত হৈ দেখিছিল যে তেতিয়ালৈ জুই নিৰ্বাপণ কৰিবলৈ ঘটনাস্থলীত এখনো অগ্নিনিৰ্বাপন গাড়ী উপস্থিত হোৱা নাছিল। এই জুয়ে প্ৰাণকাঢ়ি নিছিল ৮জন লোকৰ৷ এই মৃতদেহকেইটাৰ অৱস্থা ইমান বেয়া হৈছিল যে চিনাক্ত কৰাত আৰক্ষীৰ বাবে বহু কঠিন হৈ পৰিছিল৷ অগ্নিনিৰ্বাপক বিষয়াৰ তথ্য অনুসৰি এটা ঘৰৰ পৰা সাতটা মৃতদেহ বিচাৰি পোৱা গৈছিল। PCA Banner 2022
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে