--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা ভয়ংকৰ ঘটনা৷ সভ্য সমাজক কলংকিত কৰা এই ঘটনাই শিহৰিত কৰিব আপোনাক৷ এজন আৰক্ষী বিষয়াৰ বিকৃত কামনাৰ বলি এটি কন্যাশিশু৷ মাত্ৰ চাৰি বছৰীয়া এই শিশুটিৰ মুখৰ হাঁহি কাঢ়িলে আৰক্ষী বিষয়াগৰাকীয়ে৷ 

ৰাজস্থানৰ দৌচাত এটি ৪ বছৰীয়া কন্যাশিশুক ধৰ্ষণ কৰা হৈছে৷ আৰু এই নাৰকীয় কাণ্ডত অভিযুক্ত এজন আৰক্ষী উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰা হৈছে৷ শুকুৰবাৰে দৌচা জিলাত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে এটি চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বিৱৰণ অনুসৰি, ঘটনাটো জিলাখনৰ লালষ্ট অঞ্চলত সংঘটিত হৈছিল৷ ভূপেন্দ্ৰ সিং নামৰ অভিযুক্ত উপ-পৰিদৰ্শকগৰাকীয়ে আবেলি  তেওঁৰ কোঠালৈ শিশুটিক লৈ গৈ প্ৰলোভিত কৰি ধৰ্ষণ কৰিছিল৷

এএছপি ৰামচন্দ্ৰ সিং নেহৰাই সংবাদ মাধ্যমত সদৰী কৰিছে এই তথ্য৷ তেওঁ লগতে কৈছিল যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰা কৰা হৈছিল।

ইফালে, স্থানীয় লোকসকলে এই ঘটনাৰ প্ৰতিবাদত আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দি ৰাহুৱাছ আৰক্ষী থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে। আনকি, আনুষ্ঠানিকভাৱে আৰক্ষীৰ হাতত গতাই দিয়াৰ পূৰ্বে অভিযুক্ত উপ-পৰিদৰ্শকজন গণপ্ৰহাৰৰো সন্মুখীন হৈছিল৷

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ কিৰোদি লাল মীনায়ো ঘটনাস্থলীত উপস্থিত হৈ কয়, লালষ্টত এজন আৰক্ষীয়ে এগৰাকী দলিত ছোৱালীক ধৰ্ষণ কৰাৰ ঘটনাক লৈ ৰাইজৰ মাজত যথেষ্ট ক্ষোভ দেখা গৈছে। মই নিৰীহ শিশুটোক ন্যায় দিবলৈ ঘটনাস্থলীত উপস্থিত হৈছোঁহি৷

অভিযুক্ত এএছআই ভূপেন্দ্ৰ সিঙে কঠোৰ ব্যৱস্থাৰ সন্মুখীন হৈছে, আৰু শীঘ্ৰেই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব, মীনাই লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ