--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা ভয়ংকৰ ঘটনা৷ সভ্য সমাজক কলংকিত কৰা এই ঘটনাই শিহৰিত কৰিব আপোনাক৷ এজন আৰক্ষী বিষয়াৰ বিকৃত কামনাৰ বলি এটি কন্যাশিশু৷ মাত্ৰ চাৰি বছৰীয়া এই শিশুটিৰ মুখৰ হাঁহি কাঢ়িলে আৰক্ষী বিষয়াগৰাকীয়ে৷ 

ৰাজস্থানৰ দৌচাত এটি ৪ বছৰীয়া কন্যাশিশুক ধৰ্ষণ কৰা হৈছে৷ আৰু এই নাৰকীয় কাণ্ডত অভিযুক্ত এজন আৰক্ষী উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰা হৈছে৷ শুকুৰবাৰে দৌচা জিলাত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে এটি চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বিৱৰণ অনুসৰি, ঘটনাটো জিলাখনৰ লালষ্ট অঞ্চলত সংঘটিত হৈছিল৷ ভূপেন্দ্ৰ সিং নামৰ অভিযুক্ত উপ-পৰিদৰ্শকগৰাকীয়ে আবেলি  তেওঁৰ কোঠালৈ শিশুটিক লৈ গৈ প্ৰলোভিত কৰি ধৰ্ষণ কৰিছিল৷

এএছপি ৰামচন্দ্ৰ সিং নেহৰাই সংবাদ মাধ্যমত সদৰী কৰিছে এই তথ্য৷ তেওঁ লগতে কৈছিল যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰা কৰা হৈছিল।

ইফালে, স্থানীয় লোকসকলে এই ঘটনাৰ প্ৰতিবাদত আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দি ৰাহুৱাছ আৰক্ষী থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে। আনকি, আনুষ্ঠানিকভাৱে আৰক্ষীৰ হাতত গতাই দিয়াৰ পূৰ্বে অভিযুক্ত উপ-পৰিদৰ্শকজন গণপ্ৰহাৰৰো সন্মুখীন হৈছিল৷

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ কিৰোদি লাল মীনায়ো ঘটনাস্থলীত উপস্থিত হৈ কয়, লালষ্টত এজন আৰক্ষীয়ে এগৰাকী দলিত ছোৱালীক ধৰ্ষণ কৰাৰ ঘটনাক লৈ ৰাইজৰ মাজত যথেষ্ট ক্ষোভ দেখা গৈছে। মই নিৰীহ শিশুটোক ন্যায় দিবলৈ ঘটনাস্থলীত উপস্থিত হৈছোঁহি৷

অভিযুক্ত এএছআই ভূপেন্দ্ৰ সিঙে কঠোৰ ব্যৱস্থাৰ সন্মুখীন হৈছে, আৰু শীঘ্ৰেই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব, মীনাই লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক