--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰ পূৰ্বে কোনেও ভবা নাছিল যে শিশুটি বাচিব। কাৰণ যক-তৰ জটিল ৰোগত আক্ৰান্ত হৈছিল শিশুটি। কিন্তু   ২০ মহীয়া শিশুটিৰ কৰা হৈছিল যকৃত  সংৰোপণ। সেই ঘটনাৰ ২৫ বছৰ পাৰ হৈ গ’ল। দেহত আনৰ যকৃতৰ অংশলৈ ডাঙৰ হোৱা সেই শিশুটিৰ বয়স এতিয়া ২৫। কেৱল সেয়াই নহয়, তেওঁ এতিয়া এগৰাকী সফল চিকিৎসকো। চিনেমাৰ কাহিনী যেন লগা এই ঘটনাটো  তামিলনাডুৰ। ৰাজ্য খনৰ বাসিন্দা   সঞ্জয় কান্দাস্বামীৰ জীৱনৰ এই ঘটনাটোৱে সকলোকে জীয়াই থকাৰ প্ৰেৰণা যোগাইছে। 

যকৃত সংৰোপন কৰাৰ পিছত যে মানুহে নৱ জীৱন পাব পাৰে সেই কথাও প্ৰমাণ কৰি দিছে যুৱকজনে। সেয়া আছিল ১৯৯৮ চন। সঞ্জয়ক দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপোলো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জন্মৰ পৰাই তেওঁ বিলিয়াৰী আৰ্টেচিয়া নামৰ এক প্ৰকাৰৰ যকৃতৰ ৰোগত ভুগি আছিল। এই ৰোগৰ বাবে যকৃতৰ পৰা পিত্তথলীলৈ নলীটো বন্ধ হৈ পৰিছিল। চিকিৎসকসকলে কৈছিল যে সঞ্জয়ৰ যকৃত সংৰোপণ নকৰিলে তেওঁৰ  প্ৰাণ ৰক্ষা কৰিব পৰা নাযাব। 

অৱশেষত দেউতাকে তেওঁৰ পুত্ৰৰ জীৱন বচাবলৈ নিজৰ  যকৃত দান কৰিছিল। জটিল অস্ত্ৰোপচাৰটো দুটা দশক আগতে ইন্দ্ৰপ্ৰস্থ এপোলো চিকিৎসালয়ত কৰা হৈছিল। এয়া এটা শিশুৰ দেহত কৰা ভাৰতৰ  প্ৰথম যকৃত সংৰোপণ আছিল। তাৰ পিছত সঞ্জয় অলপ সুস্থ হৈছিল। যেতিয়া তেওঁ অলপ ডাঙৰ হৈছিল, তেওঁ মাক-দেউতাকৰ পৰা সেই কাহিনীটো শুনিছিল। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে এদিন তেওঁ ডাঙৰ হৈ চিকিৎসক হ'ব।

এতিয়া  সঞ্জয় কান্দাস্বামী এজন সফল  চিকিৎসক।  ডাঃ অনুপম চিবাল কয়  "যকৃত সংৰোপণ কৰিও  কেনেদৰে দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰি তাৰ এক উদাহৰণ হৈছে সঞ্জয়।’’ সঞ্জয় কয়, "যেতিয়া মই চিকিৎসকসকলে কৰি অহা সেৱাৰ দৃশ্য  দেখিছিলো, মই ডাঙৰ হোৱাৰ পিছত চিকিৎসক হোৱাৰ সিদ্ধান্ত লৈছিলো। মই বিচাৰো যে মানুহৰ জীৱন ৰক্ষা কৰাত অৰিহণা যোগাবলৈ নিজেও কিবা এটা কৰিব লাগিব।  "

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'