--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰ পূৰ্বে কোনেও ভবা নাছিল যে শিশুটি বাচিব। কাৰণ যক-তৰ জটিল ৰোগত আক্ৰান্ত হৈছিল শিশুটি। কিন্তু   ২০ মহীয়া শিশুটিৰ কৰা হৈছিল যকৃত  সংৰোপণ। সেই ঘটনাৰ ২৫ বছৰ পাৰ হৈ গ’ল। দেহত আনৰ যকৃতৰ অংশলৈ ডাঙৰ হোৱা সেই শিশুটিৰ বয়স এতিয়া ২৫। কেৱল সেয়াই নহয়, তেওঁ এতিয়া এগৰাকী সফল চিকিৎসকো। চিনেমাৰ কাহিনী যেন লগা এই ঘটনাটো  তামিলনাডুৰ। ৰাজ্য খনৰ বাসিন্দা   সঞ্জয় কান্দাস্বামীৰ জীৱনৰ এই ঘটনাটোৱে সকলোকে জীয়াই থকাৰ প্ৰেৰণা যোগাইছে। 

যকৃত সংৰোপন কৰাৰ পিছত যে মানুহে নৱ জীৱন পাব পাৰে সেই কথাও প্ৰমাণ কৰি দিছে যুৱকজনে। সেয়া আছিল ১৯৯৮ চন। সঞ্জয়ক দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপোলো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জন্মৰ পৰাই তেওঁ বিলিয়াৰী আৰ্টেচিয়া নামৰ এক প্ৰকাৰৰ যকৃতৰ ৰোগত ভুগি আছিল। এই ৰোগৰ বাবে যকৃতৰ পৰা পিত্তথলীলৈ নলীটো বন্ধ হৈ পৰিছিল। চিকিৎসকসকলে কৈছিল যে সঞ্জয়ৰ যকৃত সংৰোপণ নকৰিলে তেওঁৰ  প্ৰাণ ৰক্ষা কৰিব পৰা নাযাব। 

অৱশেষত দেউতাকে তেওঁৰ পুত্ৰৰ জীৱন বচাবলৈ নিজৰ  যকৃত দান কৰিছিল। জটিল অস্ত্ৰোপচাৰটো দুটা দশক আগতে ইন্দ্ৰপ্ৰস্থ এপোলো চিকিৎসালয়ত কৰা হৈছিল। এয়া এটা শিশুৰ দেহত কৰা ভাৰতৰ  প্ৰথম যকৃত সংৰোপণ আছিল। তাৰ পিছত সঞ্জয় অলপ সুস্থ হৈছিল। যেতিয়া তেওঁ অলপ ডাঙৰ হৈছিল, তেওঁ মাক-দেউতাকৰ পৰা সেই কাহিনীটো শুনিছিল। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে এদিন তেওঁ ডাঙৰ হৈ চিকিৎসক হ'ব।

এতিয়া  সঞ্জয় কান্দাস্বামী এজন সফল  চিকিৎসক।  ডাঃ অনুপম চিবাল কয়  "যকৃত সংৰোপণ কৰিও  কেনেদৰে দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰি তাৰ এক উদাহৰণ হৈছে সঞ্জয়।’’ সঞ্জয় কয়, "যেতিয়া মই চিকিৎসকসকলে কৰি অহা সেৱাৰ দৃশ্য  দেখিছিলো, মই ডাঙৰ হোৱাৰ পিছত চিকিৎসক হোৱাৰ সিদ্ধান্ত লৈছিলো। মই বিচাৰো যে মানুহৰ জীৱন ৰক্ষা কৰাত অৰিহণা যোগাবলৈ নিজেও কিবা এটা কৰিব লাগিব।  "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক