--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; গোষ্ঠী সংঘৰ্ষই বাৰুকৈয়ে জোকাৰি গ’ল মণিপুৰৰ জনজীৱন৷ কুকি-মেইটেইৰ সংঘাতে বিপৰ্যস্ত কৰিলে মণিপুৰৰ সমাজ জীৱন৷ এই সংঘাতত সৰ্বাধিক ভুক্তভোগী হৈছে শিশু আৰু মহিলা৷

শেহতীয়াকৈ এই সংঘাতত গুলীৰ আঘাতত আঘাতপ্ৰাপ্ত এগৰাকী মেইটেই মহিলাই তেওঁৰ মৃত্যু হ’ব নেকি সুধিছিল৷ আৰু সেই মহিলাগৰাকীৰে শুকুৰবাৰে ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (আৰআইএমএছ) বিয়োগ ঘটে৷

৩৯ বছৰীয়া খোৱাৰাকপাম নিঙ্গোল আবেমচাৰ পিঠিত গুলীৰ আঘাত লাগিছিল, যেতিয়া সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে ৭ নৱেম্বৰত ইম্ফল পশ্চিম আৰু কাংপোকপিৰ আন্তঃজিলাসমূহৰ মেইটেই গাঁৱৰ ফালে কাংচুপ হিলটপৰ পৰা সাধাৰণ লোকৰ ওপৰত ভয়ংকৰ গুলীবৰ্ষণ কৰিছিল৷

সেই দিনটোত সাম্প্ৰদায়িক সংঘৰ্ষত আবেমচা আৰু দুজন আৰক্ষীসহ ১০জন লোক আঘাতপ্ৰাপ্ত হৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত মহিলাগৰাকীয়ে তেওঁক সহায় কৰাসকলক তেওঁ জীয়াই থাকিবনে নাই সুধিছিল।

অৱশ্যে, অত্যধিক বিষত ভুগি থকা মহিলাগৰাকীক লগে লগে আন আহতসকলৰ সৈতে আৰ.আই.এম.এছ. চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু শুকুৰবাৰে নিশা প্ৰায় ১.৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷

তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকসকল আৰআইএমএছ চিকিৎসালয়লৈ দৌৰি গৈছিল। মহিলাগৰাকীৰ মৃতদেহ এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰ.আই.এম.এছ. মৰ্গত ৰখা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান