--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভেদ্য দুৰ্গত পৰিণত হৈছে আহমেদাবাদ৷ বিশ্বকাপৰ ফাইনেলক লৈ আহমেদাবাদত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা দেশ-বিদেশৰ ভিআইপি/ভিভিআইপিৰ আগমনৰ বাবে তৎপৰ হৈ পৰিছে গুজৰাট চৰকাৰ৷ একেসময়তে আহমেদাবাদ আৰক্ষী আৰু প্ৰশাসন যন্ত্ৰ ব্যস্ত হৈ পৰিছে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাত৷ 

১৯ নৱেম্বৰত বিশ্ব ক্ৰিকেটৰ দুই মহাশক্তি ভাৰত আৰু পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিতব্য বিশ্বকাপৰ ফাইনেলৰ সময়ত আহমেদাবাদ চহৰ আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত মোতায়েন কৰা হ’ব ৬,০০০তকৈও অধিক নিৰাপত্তাৰক্ষী৷ আহমেদাবাদৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই শনিবাৰে এই তথ্য সদৰী কৰিছে।

প্ৰধানমন্ত্ৰী মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে আইচিচি ক্ৰিকেট বিশ্বকাপৰ গ্ৰেণ্ড ফাইনেলত অংশগ্ৰহণ কৰিব বুলি আশা কৰা মুখ্য ব্যক্তিসকলৰ ভিতৰত থাকিব বুলি আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিকে মন্তব্য কৰিছে৷

এখন সংবাদমেল সম্বোধন কৰি মালিকে কয় যে গুজৰাট আৰক্ষী, ৰেপিড একচন ফ’ৰ্চ (আৰএএফ), গৃহৰক্ষী আৰু অন্যান্য কৰ্মচাৰীসকলৰ সৈতে এক লাখৰো অধিক দৰ্শকৰ চলাচল আৰু ষ্টেডিয়ামত কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ কথা মনত ৰাখি ব্যাপক নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। কোনো সমস্যা নোহোৱাকৈ মেগা অনুষ্ঠানটো যাতে পাৰ হৈ যায় সেয়া নিশ্চিত কৰিবলৈ ৬,০০০ৰো অধিক আৰক্ষী কৰ্মী নিয়োজিত কৰা হ’ব। এই ৬,০০০ নিৰাপত্তাৰক্ষীৰ ভিতৰত প্ৰায় ৩,০০০ নিৰাপত্তাৰক্ষী ষ্টেডিয়ামৰ ভিতৰত ৰখা হ’ব৷ আনহাতে আনসকলক অন্যান্য গুৰুত্বপূৰ্ণ স্থান, যেনে খেলুৱৈ আৰু অন্যান্য গণ্যমান্য ব্যক্তি থকা হোটেলসমূহত পহৰা দিবলৈ নিয়োজিত কৰা হ’ব বুলি মালিকে সদৰী কৰে৷

যদিও আৰএএফৰ এটা কোম্পানী ষ্টেডিয়ামৰ ভিতৰত নিয়োজিত কৰা হ’ব, আনটো ষ্টেডিয়ামৰ বাহিৰত কৰ্তব্যৰত হৈ থাকিব৷ মালিকে কয় যে মহানগৰ আৰক্ষীয়ে স্থানটোৰ ভিতৰত এটা ৱায়াৰলেছ নেটৱৰ্কেৰে সজ্জিত অস্থায়ী কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ সৃষ্টি কৰিছে, যি মোবাইল যোগাযোগ বিফল হ’লেও সক্ৰিয় হৈ থাকিব৷

মালিকে কৈছিল যে আইজি আৰু ডিআইজি পদবীৰ চাৰিজন জ্যেষ্ঠ আইপিএছ বিষয়াৰ লগতে ২৩জন আৰক্ষী উপায়ুক্ত (ডিচিপি) পদবীৰ বিষয়াসকলে খেলৰ দিনা কৰ্মচাৰীসকলক তদাৰক কৰিব আৰু নিৰ্দেশনা দিব। তেওঁলোকক ৩৯জন সহকাৰী আৰক্ষী আয়ুক্ত আৰু ৯২জন আৰক্ষী পৰিদৰ্শকে সহায় কৰিব বুলি মালিকে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement