--°C
Loading...
Listen to Article
2 min read
80%

আনৰ গোপনীয়তাত হাত দিবলৈ ৰাজী হোৱা নাছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক: ‘পেগাচাছ’ক লৈ মুখ খুলিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰি কৈছে যে, পশ্চিম বংগ চৰকাৰক ২৫ কোটি টকাৰ বিতৰ্কিত পেগাচাছ স্পাইৱেৰ আগবঢ়োৱা হৈছিল৷ কিন্তু, সেয়া গ্ৰহণ কৰিবলৈ তেওঁ অস্বীকাৰ কৰিছিল৷ বেনাৰ্জীয়ে লগতে অভিযোগ কৰে যে দেশৰ নিৰাপত্তাৰ বাবে স্পাইৱেৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, কেন্দ্ৰীয় চৰকাৰে স্পাইৱেৰটো ‘ৰাজনৈতিক কাৰণ’ত ব্যৱহাৰ কৰা হৈছিল৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ৰাজ্যিক আৰক্ষীৰ সৈতে অতি কমেও চাৰিৰ পৰা পাঁচ বছৰ আগতে বিতৰ্কিত ইজৰাইলী স্পাইৱেৰটো মাত্ৰ ২৫ কোটি টকাত বিক্ৰী কৰাৰ প্ৰস্তাৱ লৈ যোগাযোগ কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে যেতিয়া তেওঁ এইবিষয়ে জানিব পাৰিছিল তেতিয়াই তেওঁ ইয়াক প্ৰত্যাখ্যান কৰিছিল৷ বেনাৰ্জীয়ে পশ্চিম বংগ বিধানসভাত কয়, তেওঁলোকে তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সকলোৰে কাষ চাপিছিল। তেওঁলোকে চাৰি-পাঁচ বছৰ আগতে আমাৰ আৰক্ষীৰ ওচৰলৈ গৈছিল আৰু ২৫ কোটি টকাত স্পাইৱেৰটো বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল। মোৰ ওচৰত তথ্য আছিল, কিন্তু মই কৈছিলো যে আমাক ইয়াৰ প্ৰয়োজন নাই৷ বংগৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে বিধানসভাত প্ৰকাশ কৰিছিল যে তেওঁৰ চৰকাৰক পেগাচাছ স্পাইৱেৰ আগবঢ়োৱা হৈছিল যিটো তেওঁ সেয়া ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কিয়নো ইয়াৰ মানুহৰ গোপনীয়তা বেদখল কৰাৰ সম্ভাৱনা আছিল। বিধানসভাত মন্তব্য প্ৰকাশৰ সময়ত, মমতা বেনাৰ্জীয়ে লগতে দাবী কৰিছিল যে অন্ধ্ৰ প্ৰদেশ চৰকাৰে চন্দ্ৰবাবু নাইডুৰ সময়ত এইটো ক্ৰয় কৰিছিল। অৱশ্যে, তেলেগু দেশম দলে দাবীটো অস্বীকাৰ কৰে আৰু কয় যে চন্দ্ৰবাবু নাইডু চৰকাৰে তেনে কোনো স্পাইৱেৰ ক্ৰয় কৰা নাই। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য