--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ শক্তিহীন হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ৷ আভ্যন্তৰীণ কন্দলত জৰ্জৰিত দলটোৱে সন্মুখীন হৈছে ইটোৰ পিছত সিটো নিৰ্বাচনী বিপৰ্যয়ৰ৷ শেহতীয়া কোনো এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনতে সফল হ’ব পৰা নাই ভাৰতীয় জাতীয় কংগ্ৰেছ৷ বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বিপৰীতে বিৰোধী হিচাপে অত্যন্ত দুৰ্বল ভূমিকা গ্ৰহণ কৰিছে কংগ্ৰেছে৷ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ৰণক্ষেত্ৰত ধাৰাবাহিক বিপৰ্যয়েও যেন গা লৰাব পৰা নাই কংগ্ৰেছ হাইকমাণ্ডৰ৷ দশক দশকজুৰি নেতৃত্বৰ বাঘজৰী খামুচি ৰাখিছে গান্ধী পৰিয়ালে৷ নেহৰুৰ আৰু ৰাজীৱ গান্ধীৰ উত্তৰসূৰী হোৱাৰ অহংকাৰ আৰু গৌৰৱেৰেই আজিপৰ্যন্ত মূল নেতৃত্বৰ পৰা আঁতৰি যোৱা নাই গান্ধী পৰিয়ালৰ সদস্য৷ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী, মাতৃ-পুত্ৰৰ নেতৃত্বক গ্ৰহণ কৰা নাই দেশবাসীয়ে৷ তথাপি, ভুলৰ পৰা শিক্ষা নলৈ দলটোক ক্ৰমাগত বিপৰ্যয়লৈ ঠেলি দি আছে দুই গান্ধীয়ে৷ শেহতীয়াকৈ, পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত একপ্ৰকাৰ নিৰ্লজ্জ আত্মসমৰ্পণ কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ দেশৰ ৰাজনীতিৰ পৰা নিশ্চিহ্ন হোৱাৰ পথত স্বাধীনতা আন্দোলনৰ গুৰিধৰোঁতা দলটো৷ দলটোৰ গৰিমামণ্ডিত ইতিহাস আৰু স্বাভিমানী পৰিচয়ক অক্ষত কৰি ৰাখিবলৈ যত্নপৰ নহয় ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী৷ যাৰ বাবে পাকে-প্ৰকাৰে বাৰে বাৰে নেতৃত্বত ৰৈ যায় দুয়োগৰাকী নেতা৷ যিসময়ত বিগত আঠ বছৰত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিনিবাৰকৈ সলনি হ’ল, সেই একেই আঠ বছৰত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বত অধিষ্ঠিত হৈয়েই ৰ’ল ছোনিয়া গান্ধী৷ যিসময়ত পাঁচ ৰাজ্যৰ নিৰ্বাচনী বিপৰ্যয়ত সংশ্লিষ্ট ৰাজ্যসমূহৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকলে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে, সেই সময়তো পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি দলটোৰ মূল নেতৃত্বৰ পৰা আঁতৰি আহিবলৈ প্ৰস্তুত নহয় ছোনিয়া গান্ধী৷ ইপিনে, দেশৰ সাম্প্ৰতিক ৰাজনীতিত জনসাধাৰণৰ গ্ৰহণযোগ্য নেতা হিচাপে স্বীকৃত নোহোৱা ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পতাৰ স্বপ্নত আতুৰ-আকুল ছোনিয়া গান্ধীয়ে আত্মম্ভৰিতাৰে অন্য বিৰোধী দলৰে সহমতত উপণীত হৈ বিজেপিবিৰোধী ঐক্যমঞ্চ গঠনৰ বাবেও প্ৰস্তুত নহয়৷ এই সকলো দেখি-শুনি অতিষ্ঠ হৈ দলটোৰ একাংশ জ্যেষ্ঠ নেতাই দলৰ নেতৃত্বৰ পৰিৱৰ্তন আৰু দলটোৰ সংস্কাৰ বিচাৰি এক আভ্যন্তৰীণ অভিযান আৰম্ভ কৰিছে৷ তাৰেই অংশস্বৰূপে জ্যেষ্ঠ কংগ্ৰেছী গোলাম নবী আজাদৰ বাসভৱনত আজি তৃতীয়বাৰৰ বাবে তথা চৌবিশ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে মিলিত হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ‘জি-২৩’ গোটৰ নেতা৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবাল, আনন্দ শৰ্মা আৰু ভূপিন্দৰ হুডাই ২৪ ঘণ্টাৰ ভিতৰত এই দ্বিতীয়খন সভাত উপস্থিত থাকে৷ খবৰ অনুসৰি, দিনটোৰ আৰম্ভণিতে ৰাহুল গান্ধীৰ সৈতে হুডাৰ বৈঠকৰ এক প্ৰতিক্ৰিয়া অধিৱেশনত হ’ব বুলি আশা কৰা হৈছে। গান্ধী আৰু হুডাই দলীয় সংগঠনটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰসংগৰে আজি আলোচনাত মিলিত হৈছিল, যি হৈছে জি-২৩ গোটৰ মুখ্য দাবী৷ বৈঠকখনক গান্ধী পৰিয়ালৰ দ্বাৰা জি-২৩ ৰ কাষ চাপিবলৈ কৰা এক প্ৰয়াস হিচাপেও দেখা গৈছিল৷ যিয়ে শেহতীয়াকৈ অনুষ্ঠিত পাঁচখন ৰাজ্য পঞ্জাব, উত্তৰ প্ৰদেশ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লজ্জাজনক পৰাজয়ৰ পিছত নেতৃত্বৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ উঠা দেখা গৈছে৷ প্ৰায় ডেৰ ঘণ্টা ধৰি চলি থকা বৈঠকত দুয়োগৰাকী নেতাই পাঁচখন ৰাজ্যত দলৰ পৰাজয়ৰ বিষয়ে আলোচনা কৰে বুলি জানিব পৰা গৈছে। বৈঠকৰ পিছত, হুডাই জি-২৩ৰ অনানুষ্ঠানিক নেতা গোলাম নবী আজাদক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে। হুডা আৰু আজাদে কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে দৃঢ় প্ৰস্তাৱ আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ ইফালে, বুধবাৰে প্ৰথমখন বৈঠকৰ পিছতে জি-২৩ নেতাসকলে এক যুটীয়া বিবৃতি জাৰি কৰে। য’ত লিখা আছিল, আমি কংগ্ৰেছ দলৰ নিম্নলিখিত সদস্যসকলে বিধানসভা নিৰ্বাচনৰ শেহতীয়া ফলাফলৰ মনোবল হ্ৰাস কৰা আৰু আমাৰ কৰ্মী আৰু নেতা দুয়োৰে নিৰন্তৰ প্ৰস্থানৰ বিষয়ে আলোচনা কৰিবলৈ মিলিত হৈছিলোঁ৷ আমি বিশ্বাস কৰোঁ যে আগবাঢ়ি যোৱাৰ একমাত্ৰ উপায় হ’ল কংগ্ৰেছে সকলো স্তৰত সামূহিক আৰু সামগ্ৰিক নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ আৰ্হি গ্ৰহণ কৰিব লাগিব৷ বিবৃতিটোত লগতে লিখা হৈছিল, ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধিতা কৰিবলৈ কংগ্ৰেছ দলক শক্তিশালী কৰাটো প্ৰয়োজনীয়। আমি কংগ্ৰেছ দলক ২০২৪ৰ বাবে এক বিশ্বাসযোগ্য বিকল্পৰ পথ প্ৰশস্ত কৰাৰ বাবে এখন মঞ্চ সৃষ্টি কৰিবলৈ অন্যান্য সমভাৱাপন্ন শক্তিৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ দাবী জনাইছোঁ আৰু এই সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপসমূহ শীঘ্ৰেই ঘোষণা কৰা হ’ব৷ বিবৃতি অনুসৰি, বৈঠকখন দলৰ মুৰব্বী ছোনিয়া গান্ধীৰ জ্ঞাতসাৰে অনুষ্ঠিত হৈছিল আৰু বৃহস্পতিবাৰে এখন বৈঠক অনুষ্ঠিত কৰিবলৈ আজাদ আৰু দলৰ মুৰব্বীয়ে মঙলবাৰে টেলিফোনযোগে বাৰ্তালাপ কৰাৰ সময়ত তেওঁক বৈঠকৰ বিষয়ে অৱগত কৰোৱা হৈছিল। বিবৃতিটোত কোৱা হৈছে যে কংগ্ৰেছ ৱৰ্কিং কমিটিত অনুষ্ঠিত আলোচনাৰ বিষয়ে বাকী সদস্যসকলক অৱগত কৰিবলৈ আৰু পৰৱৰ্তী ৰণনীতিৰ সিদ্ধান্ত ল’বলৈ বৈঠকখন আহ্বান কৰা হৈছিল। ইপিনে, নেতৃত্বৰ পৰিৱৰ্তন আৰু দলীয় সংস্কাৰ বিচাৰি আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ ৰোষত পৰিছে কপিল ছিবাল৷ ছিবালক কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে তেওঁৰ দলৰ সহকৰ্মী কপিল ছিবালৰ ‘ইজ অল কংগ্ৰেছ... ঘৰ কি কংগ্ৰেছ’ মন্তব্যটোৰ বিৰোধিতা কৰিছে৷ চৌধুৰীয়ে কয়, ছিবালে ভাবিছিল যে তেওঁ কংগ্ৰেছত থাকোতে সকলো ভাল আছিল। কিন্তু এতিয়া তেওঁ ভাবে যে কংগ্ৰেছৰ ভিতৰত পৰিস্থিতিৰ অৱনতি হোৱাৰ বাবেহে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স চৰকাৰ এতিয়া কেন্দ্ৰত নাই। এইদৰেই এতিয়া বাদ-বিবাদেৰে জৰ্জৰিত হৈ পৰিছে কংগ্ৰেছৰ ভিতৰচ’ৰা৷ অনাগত সময়ত সাংগঠনিক সংস্কাৰ আৰু তৃণমূল পৰ্যায়ৰ পৰা দলীয় সংগঠন শক্তিশালী কৰি মূল নেতৃত্বত নতুন মুখক প্ৰাধান্য নিদিলে দলটোৱে যে আৰু অধিক বিপৰ্যয়ৰ সন্মুখীন হ’ব, সেয়া ধূৰুপ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা