--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যিকোনো মুহূৰ্ততে পতন হোৱাৰ দিশে অগ্ৰসৰ হৈছে পাকিস্তানৰ ইমৰাণ খান চৰকাৰ। তেওঁৰ বিৰুদ্ধে বিৰোধী দলৰ সাংসদসকলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত তেওঁৰ গাদী থৰক বৰক হৈ পৰিছিল। আস্থাৰ ভোটৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ মাজতে এতিয়া দলৰ বিধায়কসলকলেই তেওঁৰ বিৰুদ্ধে পোষণ কৰিছে অনাস্থা। যিকোনো মুহূৰ্ততে পতনৰ আশংকাই এতিয়া অন্ধকাৰ মাতিছে ইমৰাণ খান চৰকাৰলৈ। বিৰোধী সাংসদ বাদেই চৰকাৰৰ সহযোগী দল আৰু তেওঁৰ দলৰ সাংসদেও তেওঁৰ সংগ এৰাৰ দিশে অগ্ৰসৰ হোৱাৰ পাছত এতিয়া আসন্ন পতনৰ ক্ষণ গনিছে ইমৰাণ খানে। ইমৰান খানৰ তেহৰিক-ঈ-ইনচাফৰ ২৪ জন সাংসদে ইতিমধ্যে পদত্যাগ কৰিছে। তেওঁলোক সকলোৱে বিৰোধী দলত যোগদান কৰাৰ ইচ্ছাপ্ৰকাশ কৰিছে। বহুতে মৃত্যুৰ ভয় প্ৰকাশ কৰিছে। তেওঁলোকৰ বেছিভাগেই এই মুহূৰ্তত ইছলামাবাদৰ সংসদ ভৱনত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে। ইমৰান খানৰ দলৰ সাংসদ ৰাজা ৰিয়াজে কয়, "প্ৰধানমন্ত্ৰীৰ সৈতে আমাৰ মতভেদ আছে। আমাৰ বিবেকে যি কয় আমি সেয়া কৰিম। আমাৰ বিবেকে দিয়া নিৰ্দেশ মতেই মই ভোট দিম। আন তিনিজন সাংসদেও ৰাজা ৰিয়াজক সমৰ্থন কৰিছে। ইয়াৰ মাজতে, দলত্যাগী সাংসদসকলে বিৰোধী পাকিস্তান পিপলছ পাৰ্টিৰ কাৰ্যালয়ত মিলিত হৈছিল। তথ্য মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে এখন সংবাদমেলত কয়, "চৰকাৰক বচাবলৈ আমি কোনোধৰণৰ ব্লেকমেইলিঙৰ আশ্ৰয় নলওঁ। দল সলনিৰ দৰে শব্দৰ প্ৰতিও আমাৰ সমৰ্থন নাই। এন পৰিস্থিতিত ৰাজনৈতিক বিশেষজ্ঞসকলে ভৱিষ্যতবাণী কৰিছে যে এই ২৪ জন দলত্যাগী সাংসদে ইমৰান চৰকাৰৰ বিৰুদ্ধে ভোট দিব। ফলস্বৰূপে, আস্থা ভোটৰ পূৰ্বেই ইমৰান খান চৰকাৰৰ পতনৰ আশংকা গাঢ় হৈ পৰিছে। উল্লেখ্য যে, বিৰোধী দলসমূহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। পিএমএল-এনৰ মুখপাত্ৰ মৰিয়াম ঔৰংজেবে এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কয় যে, জ্যেষ্ঠ বিৰোধী সাংসদসকলৰ এটা প্ৰতিনিধি দলে যোৱা সপ্তাহত ৰাষ্ট্ৰীয় বিধানসভা সচিবালয়ত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক