--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যিকোনো মুহূৰ্ততে পতন হোৱাৰ দিশে অগ্ৰসৰ হৈছে পাকিস্তানৰ ইমৰাণ খান চৰকাৰ। তেওঁৰ বিৰুদ্ধে বিৰোধী দলৰ সাংসদসকলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত তেওঁৰ গাদী থৰক বৰক হৈ পৰিছিল। আস্থাৰ ভোটৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ মাজতে এতিয়া দলৰ বিধায়কসলকলেই তেওঁৰ বিৰুদ্ধে পোষণ কৰিছে অনাস্থা। যিকোনো মুহূৰ্ততে পতনৰ আশংকাই এতিয়া অন্ধকাৰ মাতিছে ইমৰাণ খান চৰকাৰলৈ। বিৰোধী সাংসদ বাদেই চৰকাৰৰ সহযোগী দল আৰু তেওঁৰ দলৰ সাংসদেও তেওঁৰ সংগ এৰাৰ দিশে অগ্ৰসৰ হোৱাৰ পাছত এতিয়া আসন্ন পতনৰ ক্ষণ গনিছে ইমৰাণ খানে। ইমৰান খানৰ তেহৰিক-ঈ-ইনচাফৰ ২৪ জন সাংসদে ইতিমধ্যে পদত্যাগ কৰিছে। তেওঁলোক সকলোৱে বিৰোধী দলত যোগদান কৰাৰ ইচ্ছাপ্ৰকাশ কৰিছে। বহুতে মৃত্যুৰ ভয় প্ৰকাশ কৰিছে। তেওঁলোকৰ বেছিভাগেই এই মুহূৰ্তত ইছলামাবাদৰ সংসদ ভৱনত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে। ইমৰান খানৰ দলৰ সাংসদ ৰাজা ৰিয়াজে কয়, "প্ৰধানমন্ত্ৰীৰ সৈতে আমাৰ মতভেদ আছে। আমাৰ বিবেকে যি কয় আমি সেয়া কৰিম। আমাৰ বিবেকে দিয়া নিৰ্দেশ মতেই মই ভোট দিম। আন তিনিজন সাংসদেও ৰাজা ৰিয়াজক সমৰ্থন কৰিছে। ইয়াৰ মাজতে, দলত্যাগী সাংসদসকলে বিৰোধী পাকিস্তান পিপলছ পাৰ্টিৰ কাৰ্যালয়ত মিলিত হৈছিল। তথ্য মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে এখন সংবাদমেলত কয়, "চৰকাৰক বচাবলৈ আমি কোনোধৰণৰ ব্লেকমেইলিঙৰ আশ্ৰয় নলওঁ। দল সলনিৰ দৰে শব্দৰ প্ৰতিও আমাৰ সমৰ্থন নাই। এন পৰিস্থিতিত ৰাজনৈতিক বিশেষজ্ঞসকলে ভৱিষ্যতবাণী কৰিছে যে এই ২৪ জন দলত্যাগী সাংসদে ইমৰান চৰকাৰৰ বিৰুদ্ধে ভোট দিব। ফলস্বৰূপে, আস্থা ভোটৰ পূৰ্বেই ইমৰান খান চৰকাৰৰ পতনৰ আশংকা গাঢ় হৈ পৰিছে। উল্লেখ্য যে, বিৰোধী দলসমূহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। পিএমএল-এনৰ মুখপাত্ৰ মৰিয়াম ঔৰংজেবে এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কয় যে, জ্যেষ্ঠ বিৰোধী সাংসদসকলৰ এটা প্ৰতিনিধি দলে যোৱা সপ্তাহত ৰাষ্ট্ৰীয় বিধানসভা সচিবালয়ত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?