--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলা!মহিলাগৰাকীৰ সপোন আন মহিলাতকৈ পৃথক আৰু অনন্য৷কাৰণ মহিলাগৰাকীৰ ইচ্ছা ১০০জন সন্তানৰ মাতৃ হোৱাৰ৷এগৰাকী মহিলাক গৰ্ভাৱস্থাই বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। প্ৰসৱৰ পাছত মাতৃৰ দায়িত্ব আৰু অধিক বাঢ়ি যায়, যাৰ বাবে বৰ্তমান সময়ত বহু মহিলাই মাত্ৰ এটা সন্তান জন্ম দিয়াৰ পথ বাছি লৈছে। কিন্তু এইটো জানি আচৰিত হ’ব যে এগৰাকী ২৬ বছৰীয়া ৰাছিয়ান মহিলা ক্ৰিষ্টিনা অজটাৰ্কে ২২জন সন্তানৰ মাতৃ হোৱাৰ কৃতিত্ব লাভ কৰিছে৷

ৰাছিয়াৰ ২৬ বছৰীয়া ক্ৰিষ্টিনা অজটাৰ্ক নামৰ মহিলাগৰাকী জৰ্জিয়াত বাস কৰে৷ আপুনি হয়তো ভাবিছে যে ২৬ বছৰীয়া এগৰাকী মহিলাৰ ২২টা সন্তান জন্ম দিয়াটো কেনেকৈ সম্ভৱ।প্ৰকৃততে ক্ৰিষ্টিনাৰ ডাঙৰ কন্যা ৮ বছৰীয়া ভিক্টোৰিয়াৰ স্বাভাৱিকভাৱেই গৰ্ভধাৰণ হৈছিল। কিন্তু তাৰ পাছৰ ২১জন সন্তানৰ সকলোবোৰেই চেৰ’গেছিৰ জৰিয়তে জন্ম হৈছিল, ইয়াৰে ২০২০ চনত ২০জন সন্তানে জন্ম লাভ কৰিছিল।

২০২১ চনত পৰিয়ালটোৱে তেওঁলোকৰ সৰু কন্যা অলিভিয়াক এই পৃথিৱীলৈ আদৰণি জনায়। ক্ৰিষ্টিনাই কোটিপতি স্বামীৰ সহযোগত মুঠ ১০৫জন সন্তান জন্ম দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে তেওঁৰ স্বামী ৫৮ বছৰীয়া গালিপ অজটাৰ্ক তেওঁতকৈ ৩২ বছৰ ডাঙৰ আৰু তেওঁৰ এখন হোটেল আছে। চলিত বৰ্ষৰ আৰম্ভণিতে গালিপক অবৈধ ড্ৰাগছ ক্ৰয় আৰু ৰখাৰ অভিযোগত ৮ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। স্বামী কাৰাগাৰত থকাৰ পাছতো তেওঁলোকে নিজৰ অৰ্থৰ সহায়ত চেৰ’গেছিৰ জৰিয়তে নিজৰ পৰিয়ালটো সম্প্ৰসাৰণ কৰি আহিছে।দ্য ছানৰ ফেবুলাছ মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে ২০২০ চনৰ মাৰ্চৰ পৰা ২০২১ চনৰ জুলাইৰ ভিতৰত তেওঁলোকে প্ৰায় ১.৪ কোটি টকা চেৰ’গেছিৰ বাবে ব্যয় কৰিছিল। এটা সময়ত তেওঁলোকৰ ঘৰত একেলগে কাম কৰা ১৬ গৰাকী ধাত্ৰী আছিল,আৰু তেওঁলোকৰ মুঠ দৰমহা আছিল ৬৮ লাখ টকা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা