--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলা!মহিলাগৰাকীৰ সপোন আন মহিলাতকৈ পৃথক আৰু অনন্য৷কাৰণ মহিলাগৰাকীৰ ইচ্ছা ১০০জন সন্তানৰ মাতৃ হোৱাৰ৷এগৰাকী মহিলাক গৰ্ভাৱস্থাই বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। প্ৰসৱৰ পাছত মাতৃৰ দায়িত্ব আৰু অধিক বাঢ়ি যায়, যাৰ বাবে বৰ্তমান সময়ত বহু মহিলাই মাত্ৰ এটা সন্তান জন্ম দিয়াৰ পথ বাছি লৈছে। কিন্তু এইটো জানি আচৰিত হ’ব যে এগৰাকী ২৬ বছৰীয়া ৰাছিয়ান মহিলা ক্ৰিষ্টিনা অজটাৰ্কে ২২জন সন্তানৰ মাতৃ হোৱাৰ কৃতিত্ব লাভ কৰিছে৷

ৰাছিয়াৰ ২৬ বছৰীয়া ক্ৰিষ্টিনা অজটাৰ্ক নামৰ মহিলাগৰাকী জৰ্জিয়াত বাস কৰে৷ আপুনি হয়তো ভাবিছে যে ২৬ বছৰীয়া এগৰাকী মহিলাৰ ২২টা সন্তান জন্ম দিয়াটো কেনেকৈ সম্ভৱ।প্ৰকৃততে ক্ৰিষ্টিনাৰ ডাঙৰ কন্যা ৮ বছৰীয়া ভিক্টোৰিয়াৰ স্বাভাৱিকভাৱেই গৰ্ভধাৰণ হৈছিল। কিন্তু তাৰ পাছৰ ২১জন সন্তানৰ সকলোবোৰেই চেৰ’গেছিৰ জৰিয়তে জন্ম হৈছিল, ইয়াৰে ২০২০ চনত ২০জন সন্তানে জন্ম লাভ কৰিছিল।

২০২১ চনত পৰিয়ালটোৱে তেওঁলোকৰ সৰু কন্যা অলিভিয়াক এই পৃথিৱীলৈ আদৰণি জনায়। ক্ৰিষ্টিনাই কোটিপতি স্বামীৰ সহযোগত মুঠ ১০৫জন সন্তান জন্ম দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে তেওঁৰ স্বামী ৫৮ বছৰীয়া গালিপ অজটাৰ্ক তেওঁতকৈ ৩২ বছৰ ডাঙৰ আৰু তেওঁৰ এখন হোটেল আছে। চলিত বৰ্ষৰ আৰম্ভণিতে গালিপক অবৈধ ড্ৰাগছ ক্ৰয় আৰু ৰখাৰ অভিযোগত ৮ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। স্বামী কাৰাগাৰত থকাৰ পাছতো তেওঁলোকে নিজৰ অৰ্থৰ সহায়ত চেৰ’গেছিৰ জৰিয়তে নিজৰ পৰিয়ালটো সম্প্ৰসাৰণ কৰি আহিছে।দ্য ছানৰ ফেবুলাছ মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে ২০২০ চনৰ মাৰ্চৰ পৰা ২০২১ চনৰ জুলাইৰ ভিতৰত তেওঁলোকে প্ৰায় ১.৪ কোটি টকা চেৰ’গেছিৰ বাবে ব্যয় কৰিছিল। এটা সময়ত তেওঁলোকৰ ঘৰত একেলগে কাম কৰা ১৬ গৰাকী ধাত্ৰী আছিল,আৰু তেওঁলোকৰ মুঠ দৰমহা আছিল ৬৮ লাখ টকা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক